DB Stock Scam : নিশাটো কটালে পাণবজাৰ আৰক্ষীৰ থানাত, আজি আদালতত হাজিৰ কৰা হ’ব দীপাংকৰক….

আজিৰ পুনৰ আদালতত হাজিৰ কৰা হ'ব মহাপ্ৰৱঞ্চক দীপাংকৰক । ট্ৰেডিং কেলেংকাৰীৰ গোচৰত তদন্ত চলাবৰ বাবে আদালতৰ পৰা দীপাংকৰক জিম্মাত বিচাৰিব পাৰে আৰক্ষীয়ে । প্ৰায় ৫ দিনৰ পৰা এসপ্তাহৰ বাবে দীপাংকৰক নিজৰ জিম্মাত বিচাৰিব অসম আৰক্ষীয়ে ।

DB Stock Scam : নিশাটো কটালে পাণবজাৰ আৰক্ষীৰ থানাত, আজি আদালতত হাজিৰ কৰা হব দীপাংকৰক....

দীপাংকৰক গ্ৰেপ্তাৰ

Updated On: 

30 Oct 2024 07:29 AM

মঙলবাৰে সন্ধিয়া গোৱাৰ পৰা অসমলৈ অনা হ’ল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক । পাণবজাৰ আৰক্ষীৰ এটা বিশেষ দলে দেওবাৰে গোৱাত গ্ৰেপ্তাৰ কৰিছিল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক । ইয়াৰ পাছতে তিনি দিনৰ ট্ৰাঞ্জিত ৰিমাণ্ড লাভ কৰাৰ পাছতে প্ৰৱঞ্চক দীপাংকৰক লৈ মঙলবাৰে সন্ধিয়া অসমত উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ দলটো ।

উল্লেখ্য যে, যোৱা সোমবাৰে গোৱাৰ পেৰম আদালতত হাজিৰ কৰা দীপাংকৰক । ইয়াৰ পাছতে তিনি দিনৰ ট্ৰাঞ্জিত ৰিমাণ্ড লাভ কৰে আৰক্ষীয়ে । গোৱাৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে পোনে পোনে দীপাংকৰক লৈ যোৱা হয় পাণবজাৰ আৰক্ষী থানালৈ । সূত্ৰ অনুসৰি, যোৱা নিশা পাণবজাৰ আৰক্ষীৰ থানাৰ লকআপতে কটায় দীপাংকৰে ।

আজি আদালতত হাজিৰ কৰা হ’ব

আজিৰ পুনৰ আদালতত হাজিৰ কৰা হ’ব মহাপ্ৰৱঞ্চক দীপাংকৰক । ট্ৰেডিং কেলেংকাৰীৰ গোচৰত তদন্ত চলাবৰ বাবে আদালতৰ পৰা দীপাংকৰক জিম্মাত বিচাৰিব পাৰে আৰক্ষীয়ে । প্ৰায় ৫ দিনৰ পৰা এসপ্তাহৰ বাবে দীপাংকৰক নিজৰ জিম্মাত বিচাৰিব অসম আৰক্ষীয়ে ।

উল্লেখ্য যে, দীপাংকৰৰ বিৰুদ্ধে থকা আটাইকেইটা গোচৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থালৈ হস্তান্তৰ কৰা হৈছে । কিন্তু জানিব পৰা মতে,দীপাংকৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত নতুন গোচৰ ৰুজু কৰা হৈছে । সূত্ৰ তথ্য অনুসৰি, ৩৭৪/২৪ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে মহা প্ৰৱঞ্চক দীপাংকৰৰ বিৰুদ্ধে । এই গোচৰতে দীপাংকৰৰ বিৰুদ্ধে তদন্ত চলাব আৰক্ষীয়ে ।

পাণবজাৰ আৰক্ষীৰ থানাৰ সন্মুখত বিনিয়োগকাৰীৰ ভিৰ

প্ৰৱঞ্চক দীপাংকৰক আৰক্ষীয়ে পাণবজাৰ থানালৈ লৈ অহাৰ পাছতে থানাৰ সন্মুখত দীপাংকৰৰ প্ৰৱঞ্চনাৰ বলি হোৱা বিনিয়োগকাৰীয়ে ভিৰ কৰা পৰিলক্ষিত হয় । এই বিনিয়োগকাৰী সকলে জুলাই মাহৰ পৰা তেওঁলোকৰ বিনিয়োগ কৰা ধন ঘূৰাই পোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰা দেখা যায় । লগতে তেওঁলোকে বিনিয়োগ কৰা ধন পুনৰ ঘূৰাই পাব বুলিও আশা প্ৰকাশ কৰিছে বিনিয়োগকাৰীসকলে ।

বিনিয়োগকাৰীক ধন ঘূৰাই দিয়াৰ আশ্বাস

দীপাংকৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে, সদায় কৈ অহা হৈছে যে এদিন নহ’লে এদিন ধৰা পৰিবই। বিনিয়োগকাৰীসকলৰ যিমান টকা বিনিয়োগ কৰিছিল সেই টকা আইন অনুসৰি ঘূৰাই দিয়া হ’ব। অৱশ্যে তদন্ত শেষ হোৱাৰ পাছত এই প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি সদৰী কৰিছে জিপি সিঙে ।

তেওঁ কয় যে, তদন্তৰ সময়ত দীপাংকৰৰ বহু সম্পত্তি জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে বৰ্তমানেও দীপাংকৰৰ বিৰুদ্ধে তদন্ত চলি আছে। এই ক্ষেত্ৰত চিবিআইৰ বিষয়াসকলে তদন্ত কৰি আছে । তদন্তৰ কেইমাহমান পাছত এনে পৰ্যায় আহি পাব যে বিনিয়োগকাৰীসকলে বিনিয়োগ কৰা ধন কিছু পৰিমাণে হ’লেও ঘূৰাই পাব বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক গৰাকীয়ে । এই ক্ষেত্ৰত বিনিয়োগকাৰীয়ে প্ৰমাণ দিয়াৰো প্ৰয়োজনীয়তা থাকিব ।

কিমান টকাৰ কেলেংকাৰী ?

এচিপি অমিত মাহাতোৰ নেতৃত্বত গোৱালৈ যোৱা মহানগৰ আৰক্ষীৰ এটা দলে দীপাংকৰক গ্ৰেপ্তাৰ কৰাৰ লগতে দীপাংকৰ থকা কোঠাৰ পৰা বহু পৰিমাণৰ ধন, সোণ জব্দ কৰিবলৈ সক্ষম হয়। প্ৰায় ২৭ লাখ ৬ হাজাৰ টকা আৰক্ষীয়ে জব্দ কৰে বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি, প্ৰায় ৭ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল দীপাংকৰে ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...
মেজিৰ জুইত বাঁহেৰে সজা পানীহিলৈ ফুটোৱাটো পৰম্পৰাৰ বিষয়ে জানেনে?