5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভাল পুলিচো আছে! এজন আৰক্ষী বিষয়া আৰু আইতাৰ এই কথোপকথনে মন মুহিব আপোনাৰ…

মহিলাগৰাকীয়ে কৈছে, আপোনালৈ মই এটা বস্তু আনিছো।  মহিলাগৰাকীয়ে কৈছে- "কিনি অনা বস্তু নহয়, আপুনি ৰাখিবই লাগিব"। সেইবুলি মহিলাগৰাকীয়ে টোপোলা এটা আৰক্ষী বিষয়াগৰাকীলৈ আগবঢ়াই দিছে

ভাল পুলিচো আছে! এজন আৰক্ষী বিষয়া আৰু আইতাৰ এই কথোপকথনে মন মুহিব আপোনাৰ…
মুকুট কাকতি
barasha-sarma
Barasha Sarma | Published: 19 Nov 2024 15:42 PM

বৰ্তমান সময়ত বিশেষ চৰ্চাত আছে অসম আৰক্ষী। কেৱল এবাৰ দুবাৰেই নহয়, ব্যাৱহাৰকলৈ প্ৰায় সমালোচনাৰ সন্মুখীন হয় অসম আৰক্ষী। যোৱা কেইটামান দিনত অসম আৰক্ষীয়ে কেইগৰাকীমান বিষয়াৰ কাণ্ডই সমগ্ৰ বিভাগটোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীৰ খাকী পোচাকত দাগ লগাই বৰ্তমান নিলম্বন হৈ আছে ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াগৰাকী। ভাৰ্গৱ বৰবৰা নামৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে পানবজাৰ আৰক্ষী থানাত ৩২৫/২৪ ভাৰতীয় ন্যায় সংহিতাৰ ১০৯, ১৬৬, ২৯৬, ১২৭ (২) আৰু ৩৫১ ধাৰাৰ জামিনবিহীন গোচৰ ৰুজু হৈ আছে।

যদি আদালতত দোষী সাব্যস্ত হয় তেন্তে এইগৰাকী আৰক্ষী বিষয়াই সৰ্বোচ্চ ১০ বছৰৰ কাৰাদণ্ড খাটিব লাগিব। উল্লেখ্য যে, কিছুদিন পূৰ্বে ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ শক্তিৰ অপব্যৱহাৰ কৰি এজন ডেলিভাৰী বয়ক ৰাজপথতে বেয়াকৈ প্ৰহাৰ কৰিছিল। সামান্য কথাতেই যুৱকজনক প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই নিলম্বন কৰা হৈছিল ভাৰ্গৱক। কেৱল এইগৰাকী আৰক্ষী বিষয়াই নহয়, নাজিৰা আৰু পাছত যোৰহাটৰ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ মাজতে এজন আৰক্ষী বিষয়াৰ আন এটি ভিডিঅ’ পোহৰলৈ আহিছে। এই ভিডিঅ’টো সম্ভৱতঃ এবছৰৰ অধিক সময় পুৰণি। কিন্তু আজিৰ মানৱতাহীন একাংশৰ মাজত এই ভিডিঅ’টোৰ গুৰুত্ব অধিক। যিয়ে প্ৰকাশ কৰিছে আৰক্ষী আৰু সাধাৰণ মানুহৰ মাজত থকা বান্ধোন, অগাধ বিশ্বাস।

ভাইৰেল হোৱা আৰক্ষী বিষয়াগৰাকীক এগৰাকী ৬০ ৰ উৰ্ধৰ মহিলাৰ লগত কথা পাতি থকা দেখা গৈছে।  মহিলাগৰাকীয়ে কৈছে, আপোনালৈ মই এটা বস্তু আনিছো।  মহিলাগৰাকীয়ে কৈছে- “কিনি অনা বস্তু নহয়, আপুনি ৰাখিবই লাগিব”। সেইবুলি মহিলাগৰাকীয়ে টোপোলা এটা আৰক্ষী বিষয়াগৰাকীলৈ আগবঢ়াই দিছে। আৰক্ষী বিষয়াগৰাকীয়ে গ্ৰহণ নকৰে, মহিলাগৰাকীয়ে নামানে। অৱশেষত টোপোলাটো ল’বলৈ বাধ্য হ’ল আৰক্ষী বিষয়াগৰাকী।

টোপোলাটোত মহিলাগৰাকীয়ে আৰক্ষী বিষয়াগৰাকীলৈ মৰমতে লৈ আনিছিল নিজৰ ঘৰৰ ভেদাইলতা আৰু মানিমুনি।তাৰ পাছত পুনৰ মহিলাগৰাকীয়ে কৈছে- “আৰু এটা বস্তু আনিছো ছাৰ, আপুনি ভৰি মচিব মই নিজ হাত বনাইছো”। এইবাৰো আৰক্ষী বিষয়াগৰাকীয়ে নালাগে নালাগে বুলি কৈছে, কিন্তু আঁকোৰগোজ হৈ মহিলাগৰাকীয়ে কৈছে, “মই এটকাও খৰচ নকৰাকৈ নিজ হাতে বনাইছো। আপুনি ল’বলৈ লাগিব”।

অৱশেষত মহিলাগৰাকীয়ে অনা বস্তুখিনি গ্ৰহণ কৰি আৰক্ষী বিষয়াগৰাকীয়ে কৈছে- আপুনি যিমান মোক মৰম দিলে সেয়া যথেষ্ঠ। এইখন ভালদৰে ৰাখিম, থৈ দিম। ইমান কষ্ট কৰি বনাইছে মই ভালদৰে ৰাখিম। আৰু কিবা থাকিলে মোৰ ওচৰলৈ আহিব। এনেকৈ কৈ  আৰক্ষী বিষয়াগৰাকীয়ে মহিলাগৰাকীৰ হাতত গুজি দিছে ৫০০ টকা।

এইগৰাকী আৰক্ষী বিষয়াৰ নাম মুকুট কাকতি। বৰ্তমান তেওঁ মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত। প্ৰায় ৩ বছৰ ধৰি মঙলদৈত কৰ্মৰত এইগৰাকী আৰক্ষী বিষয়া ৰাইজৰ মাজত যথেষ্ঠ জনপ্ৰিয়। তেওঁৰ ঘৰ নগাঁৱৰ জাজৰিত। আৰক্ষী বিষয়াগৰাকীৰ এই ভিডিঅ’টোৱে সকলোৰে মন মুহিছে।

এই ভিডিঅটোৱে পুনৰ এবাৰ প্ৰমাণ কৰি দিলে, সকলো আৰক্ষী গুণ্ডা নহয়। সমাজত ভাল মানুহ এতিয়াও আছে। ভাৰ্গৱ হঁতৰ দৰে একাংশই যদিও সমাজখনৰ আগত আৰক্ষীক কুলষিত কৰিব বিচাৰে তেন্তে মুকুট কাকতিৰ দৰে মানুহে আৰক্ষীৰ নামত সমাজলৈ এক শুভ বাৰ্তা প্ৰেৰণ কৰে। আচলতে আজিৰ সমাজক ভাৰ্গৱ নহয়, মুকুট কাকতিৰ দৰে আৰক্ষী বিষয়াৰ আৱশ্যক।

Latest News