ভোগালীৰ আনন্দৰ মাজতে বেয়া খবৰ, ইহলীলা সম্বৰণ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই
গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ থকা কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু আমাৰ মাজত নাই । চিকিৎসাধীন অৱস্থাতে ইহলীলা সম্বৰণ কৰে অসমৰ সাংস্কৃতিক জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই ।
ভোগালীৰ আনন্দৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ । গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ থকা কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু আমাৰ মাজত নাই । চিকিৎসাধীন অৱস্থাতে ইহলীলা সম্বৰণ কৰে অসমৰ সাংস্কৃতিক জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই । তেওঁৰ মৃত্যুত শোকস্তব্ধ সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত লোকৰ লগতে প্ৰতিগৰাকী অসমীয়া ।
উল্লেখ্য যে, আজি পুৱা ভাগতে কণ্ঠশিল্পী গৰাকী গুৰুতৰভাৱে অসুস্থ হৈ পৰা খবৰ প্ৰকাশ পাইছিল । সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনো কৰিছিল ৰাজীৱ শদিয়াই । ইয়াৰ পাছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে কণ্ঠশিল্পী গৰাকী । জানিব পৰা মতে, যোৱা নিশা তিনিচুকীয়াৰ ফিল’বাৰীত আয়োজিত ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল ৰাজীৱ শদিয়াই ।
জানিব পৰা মতে, উক্ত সাংস্কৃতিক অনুষ্ঠানত ৰাজীৱ শদিয়াই প্ৰথমটো গীত গোৱাৰ পাছতে অসুস্থ হৈ পৰে । হঠাতে যেতিয়া কণ্ঠশিল্পী গৰাকী অসুস্থ পৰে তেতিয়া উপস্থিত থকা ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় । জানিব পৰা মতে, মঞ্চত উঠাৰ কিছু সময়ৰ পাছতে হঠাৎ ঢলি পৰে ৰাজীৱ শদিয়া ।
উল্লেখ্য যে, হৃদৰোগত আক্ৰান্ত হৈ কণ্ঠশিল্পী গৰাকী মঞ্চত ঢলি পৰে বুলি জানিব পৰা গৈছে । এই অঘটন সংঘটিত হোৱাৰ লগে লগে উদ্যোক্তাৰ লগতে উপস্থিত ৰাইজে তেওঁক তুলি ধৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে । যোৱা নিশাই ৰাজীৱ শদিয়াক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল । তেওঁৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হোৱা বাবে চিকিৎসকে ICU ভৰ্তি কৰে । ডিব্ৰুগড় মেডিকেল কলেজত ICU তে চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পী গৰাকী ।
কণ্ঠশিল্পী ৰাজীৱ শদিয়াই তেওঁ সাংস্কৃতিক যাত্ৰাৰ কালত বহু জনপ্ৰিয় গীত অসমবাসীক উপহাৰ দি গৈছে । শেহতীয়াকৈ এই গীতসমূহৰ বাবে ৰাজ্যবাসীৰ মাজত যথেষ্ট জনপ্ৰিয়তাও লাভ কৰিছিল ৰাজীৱ শদিয়াই। আজিৰ তেওঁৰ অনুপস্থিতি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক ডাঙৰ ক্ষতি ।