শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিগত ১০ বছৰত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ সন্দৰ্ভত শ্বেতপত্ৰৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ

বিগত ১০ টা বছৰত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ বিশদ বিৱৰণী, দোষী সাব্যস্ত হোৱাৰ হাৰ আৰু এনে ঘটনা ৰোধৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ শ্বেতপত্ৰৰ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভানেত্ৰী ববিতা শৰ্মাই কয়, "আমি যোৱা দহ বছৰত মহিলাৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধৰ ওপৰত বাৰে বাৰে আলোকপাত কৰিছো। আমাৰ সদস্যসকলে ৰাজপথত প্ৰতিবাদ কৰিছে। আমাৰ সমাজে এই অপৰাধবোৰক লৈ লাজ অনুভৱ কৰে ।"

বিগত ১০ বছৰত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ সন্দৰ্ভত শ্বেতপত্ৰৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ
ববিতা শৰ্মাৰ সংবাদমেল
manas-borah
Manas Borah | Updated On: 25 Aug 2024 00:10 AM

ৰাজ্য চৰকাৰ, শাসকীয় বিজেপি আৰু ৰাজ্যৰ মহিলা আয়োগৰ পৰা বিগত ১০ টা বছৰত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ বিশদ বিৱৰণী, দোষী সাব্যস্ত হোৱাৰ হাৰ আৰু এনে ঘটনা ৰোধৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ শ্বেতপত্ৰৰ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভানেত্ৰী ববিতা শৰ্মাই কয়, “আমি যোৱা দহ বছৰত মহিলাৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধৰ ওপৰত বাৰে বাৰে আলোকপাত কৰিছো। আমাৰ সদস্যসকলে ৰাজপথত প্ৰতিবাদ কৰিছে। আমাৰ সমাজে এই অপৰাধবোৰক লৈ লাজ অনুভৱ কৰে ।”

কিন্তু ইয়াৰ পাছতো মহিলাৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধ ৰোধৰ বাবে চৰকাৰৰ ফলপ্ৰসূতাক লৈ প্ৰশ্ন উত্থাপন হৈছে বুলি কয় ববিতা শৰ্মাই । ববিতা শৰ্মাই কয় যে,শেহতীয়া বছৰবোৰত মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই । উল্লেখ্য যে, যোৱা দুমাহত মহিলাৰ বিৰুদ্ধে ২৩টা অপৰাধ সংঘটিত হোৱা বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যক লৈ ববিতা শৰ্মাই কয়, “যেতিয়া মুখ্যমন্ত্ৰী আৰু চৰকাৰে এনে ঘটনা স্বীকাৰ কৰে, তেতিয়া ই আইন-শৃংখলাৰ ব্যৰ্থতাৰ ইংগিত নিদিয়েনে? মুখ্যমন্ত্ৰীৰ হাতত ৰাজ্যৰ গৃহবিভাগটোআছে ,সেয়েহে নাৰী বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধৰ বাবে তেওঁ জবাবদিহি বুলি কয় কংগ্ৰেছৰ নেত্ৰী গৰাকীয়ে ।

ইয়াৰ লগতে ববিতা শৰ্মাই মহিলা সুৰক্ষা আৰু পঞ্জীয়নভুক্ত গোচৰৰ ওপৰত অনুসৰণমূলক ব্যৱস্থাৰ ওপৰত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত অসম ৰাজ্যিক মহিলা আয়োগৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। লগতে মহিলা সম্পৰ্কীয় গোচৰৰ ওপৰত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনাই বিবতা শৰ্মাই।

ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ধৰ্ষণৰ ঘটনাক ‘সাম্প্ৰদায়িক ৰং’দিয়া বুলি অভিযোগ উত্থাপন কৰে । ‘যেতিয়াই নাৰীৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয় তেতিয়াই মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰং দিয়ে।এয়া অতি দুৰ্ভাগ্যজনক।’ আজিৰ সংবাদমেলত এইদৰে কয় বৰ্ণালী ফুকনে ।

উল্লেখ্য যে, আজি ধিং কাণ্ডক লৈ ৰাজীৱ ভৱনত সংবামেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছে । সংবাদ মেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভানেত্ৰী ববিতা শৰ্মাই । উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকনও ।