APSC Scam: ৯ জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ বিশেষ ন্যায়াধীশ আদালতৰ | Assam Public Service Commission Scam Special Judges Court files Charges Latest News Updates in Assamese Assam news - Assam Tv9

APSC Scam: তদন্ত প্ৰক্ৰিয়াৰ বাহিৰত ৫ গৰাকী ৰাজপত্ৰিত বিষয়া ! ৯ জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ বিশেষ ন্যায়াধীশ আদালতৰ

Updated On: 

18 Sep 2024 10:38 AM

APSC কেলেংকাৰীৰে জড়িত ৯ জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰিছে বিশেষ ন্যায়াধীশ আদালতে। এই ৯ জন বিষয়া ক্ৰমে-এ পি এছ নৱনীতা শৰ্মা, এ পি এছ অসীমা কলিতা, এ চি এছ নন্দিতা হাজৰিকা, এ চি এছ অমৃত ৰাজ চৌধুৰী, এ চি এছ ত্ৰিদীপ ৰয়, এ চি এছ জগদীশ ব্ৰহ্ম, এ চি এছ বিক্ৰম আদিত্য বৰা আৰু স্বৰূপ কুমাৰ ভট্টাচাৰ্য।

APSC Scam: তদন্ত প্ৰক্ৰিয়াৰ বাহিৰত ৫ গৰাকী ৰাজপত্ৰিত বিষয়া ! ৯ জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ বিশেষ ন্যায়াধীশ আদালতৰ

APSC কেলেংকাৰীৰে জড়িত ৯ জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ

Follow Us On

বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকা APSC কেলেংকাৰীৰে জড়িত ৯ জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰিছে বিশেষ ন্যায়াধীশ আদালতে। এই ৯ জন বিষয়া ক্ৰমে-এ পি এছ নৱনীতা শৰ্মা, এ পি এছ অসীমা কলিতা, এ চি এছ নন্দিতা হাজৰিকা, এ চি এছ অমৃত ৰাজ চৌধুৰী, এ চি এছ ত্ৰিদীপ ৰয়, এ চি এছ জগদীশ ব্ৰহ্ম, এ চি এছ বিক্ৰম আদিত্য বৰা আৰু স্বৰূপ কুমাৰ ভট্টাচাৰ্য। আয়োগৰ প্ৰতিবেদনত নাম থকা স্বৰূপ কুমাৰ ভট্টাচাৰ্যই এ পি এছত প্ৰথম স্থান দখল কৰিছিল যদিও চাকৰিত যোগদান কৰা নাছিল।

বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত ৩৯ গৰাকী বিষয়াৰ নাম

২০১৩ আৰু ২০১৪ বৰ্ষৰ APSC ৰ নিযুক্তি কেলেংকাৰীত জড়িত মুঠ ৩৯ গৰাকী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে। এই তদন্তৰ অন্তত আয়োগে নিজৰ প্ৰতিবেদন দাখিল কৰে । এই প্ৰতিবেদনৰ ভিত্তিতে অসম চৰকাৰে APSC কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰিছিল বিশেষ তদন্তকাৰী গোট(SIT)। বিশেষ তদন্তকাৰী গোটৰ নেতৃত্বত আছিল প্ৰতীক থুবে ।

পাঁচ গৰাকী ৰাজপত্ৰিত বিষয়াকহে গ্ৰেপ্তাৰ

প্ৰতীক থুবেৰ নেতৃত্বত SIT য়ে তদন্ত আৰম্ভ কৰি মাত্ৰ পাঁচ গৰাকী ৰাজপত্ৰিত বিষয়াকহে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পাছতে তদন্ত সামৰিছিল প্ৰতীক থুবেৰ নেতৃত্বত গঠন কৰা SIT য়ে । SIT য়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা পাঁচ গৰাকী ৰাজপত্ৰিত বিষয়া ক্ৰমে,সুকন্যা দাস, ৱাহিদা বেগম, ৰাকেশ দাস, ঐশ্বৰ্য জীৱন বৰুৱা, শ্বাহজাহান সৰকাৰ। ইতিমধ্যে এই পাঁচ গৰাকীৰ বিৰুদ্ধে ন্যায়ালয়ত SIT য়ে চাৰ্জশ্বীট কৰিছে  ।

প্ৰতীক থুবেক আঁতৰাই উপেন কলিতাক দিয়া হয় SIT দায়িত্ব

বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকা ৩৯ গৰাকী বিষয়াৰ বিপৰীতে ৫ গৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আদালতে । যাৰ পৰিপ্ৰেক্ষিতত বিশেষ তদন্তকাৰী গোটৰ দায়িত্বৰ পৰা প্ৰতীক থুবেক আঁতৰাই দিয়া হয় । পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ডিএছপি উপেন কলিতাক এই বিশেষ তদন্তকাৰী গোটৰ দায়িত্ব দিয়া হয় ।

২৩ জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

উপেন কলিতা নেতৃত্বত বিশেষ তদন্তকাৰী গোটে মুঠ ২৩জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে। উল্লেখ্য যে, উপেন কলিতা নেতৃত্বত বিশেষ তদন্তকাৰী গোটে বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰা এই চাৰ্জশ্বীটৰ পৰা বাদ পৰিছিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত উল্লেখ থকা ১৪ গৰাকী বিষয়াৰ নাম। সূত্ৰৰ অনুসৰি, এই ১৪ গৰাকী বিষয়াৰ ভিতৰত ৯জনৰ বিৰুদ্ধে মঙলবাৰে অভিযোগ গ্ৰহণ কৰে ড০ মানস বৰুৱাৰ বিশেষ ন্যায়াধীশৰ আদালতে।

এতিয়াও তদন্ত প্ৰক্ৰিয়াৰ আওতালৈ অহা নাই ৫ গৰাকী ৰাজপত্ৰিত বিষয়া ক্ৰমে- ভণিতা নাথ, গণপতি ৰয়, বেদাংগ ভূষণ শইকীয়া, মানসজ্যোতি দাস আৰু মানৱী দাস।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version