5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam Revenue Department : বন্ধ হ’ব ৰাজ্যৰ ২৭ খন জিলাৰ ৩৬ টা ৰাজহ চক্ৰৰ কাৰ্যালয়…

অসমৰ ৩৬ টা ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ৰাজহ বিভাগে । এই ৰাজহ চক্ৰ কাৰ্যালয়সমূহ বন্ধ কৰাৰ লগতে কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলক একেখন জিলাৰ অন্য ৰাজহ চক্ৰলৈ স্থানান্তৰ কৰাৰ কথাও সদৰী কৰিছে ৰাজহ বিভাগে ।

Assam Revenue Department : বন্ধ হ’ব ৰাজ্যৰ ২৭ খন জিলাৰ ৩৬ টা ৰাজহ চক্ৰৰ কাৰ্যালয়…
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 23 Oct 2024 16:21 PM

ৰাজ্যৰ ৰাজহ বিভাগে ৩৬ টা ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে । এই ৰাজহ চক্ৰ কাৰ্যালয়সমূহ বন্ধ কৰাৰ লগতে কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলক একেখন জিলাৰ অন্য ৰাজহ চক্ৰলৈ স্থানান্তৰ কৰাৰ কথাও সদৰী কৰিছে ৰাজহ বিভাগে । উল্লেখ্য যে, অসমৰ ৰাজহ বিভাগে এই সিদ্ধান্ত লোৱাৰ পাছতে স্থানীয় লোকসকল চিন্তিত হোৱাৰ পৰিলক্ষিত হৈছে । ৰাজহ সম্পৰ্কীয় অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা লাভ কৰাত ক্ষেত্ৰত যথেষ্ট ব্যাঘাত জন্মিব পাৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ।

ৰাজহ বিভাগে ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰি প্ৰকাশ তালিকাখনত একাধিক জিলা সন্নিবিষ্ট হৈছে । প্ৰকাশিত তালিকা অনুসৰি, বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰ কাৰ্যালয় আৰু বৰপেটা জিলাৰ বাঘবৰ আৰু সৰ্থেবাৰী কাৰ্যালয় বন্ধ হ’ব। এই সিদ্ধান্ত বঙাইগাঁও জিলাৰ দংতল আৰু মাণিকপুৰ, বিশ্বনাথ জিলাৰ হেলেম, চৰাইদেউৰ সাপেখাতী ৰাজচক্ৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাহজ বিভাগে । একেদৰে দৰং জিলাৰ পথৰুঘাট আৰু পূব মংগলদৈ, ধেমাজিৰ গোগামুখ আৰু ধুবুৰীৰ আগমণি আৰু চাপাৰ ৰাজহ চক্ৰ বন্ধ হ’ব।

ডিব্ৰুগড় (পশ্চিম) ৰাজহ চক্ৰ কাৰ্যালয়, গোৱালপাৰাৰ ৰংজুলি, গোলাঘাটৰ খুমটাই, হাইলাকান্দিৰ আলগাপুৰ আৰু লালা আৰু যোৰহাট জিলাৰ পশ্চিম যোৰহাট ৰাজহ চক্ৰ কাৰ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ৰাজহ বিভাগে। কামৰূপ মহানগৰ জিলাত চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ হোৱাৰ বিপৰীতে কামৰূপ জিলাত উত্তৰ গুৱাহাটী,চয়গাঁও,কায়ান, নগৰবেৰা আৰু চামাৰিয়া কাৰ্যালয় বন্ধ কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

সমান্তৰালভাৱে কৰিমগঞ্জ জিলাৰ বদৰপুৰ, লখিমপুৰ জিলাৰ কদম আৰু সোৱনশিৰি, মাজুলীৰ উজনী মাজুলী, মৰিগাঁৱৰ মিকিৰভেটাঁ আৰু ভূৰাগাঁও। নলবাৰী জিলাত পচিম নলবাৰী, ঘগ্ৰাপাৰ, বৰভাগ, আৰু বানেকুছি বন্ধ হোৱাৰ লগতে দক্ষিণ ছালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ ছালমাৰা আৰু শিৱসাগৰ জিলাৰ আমগুৰি ৰাহজ চক্ৰ কাৰ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজহ বিভাগে ।

Latest News