5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নৱবৰ্ষৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাত মৃত্যু ২জনৰ, আহত কেইবাজন…

এফালে নৱবৰ্ষৰ আনন্দ আনফালে মৃত্যুৰ শোক। নৱবৰ্ষৰ সময়চোৱাত ৰাজ্যৰ বিভিন্ন স্থানত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হয়। ডিব্ৰুগড় আৰু ডিমা হাচাওত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হয় দুজনৰ।

নৱবৰ্ষৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাত মৃত্যু ২জনৰ, আহত কেইবাজন…
পথ দুৰ্ঘটনাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 01 Jan 2025 12:42 PM

নৱবৰ্ষৰ এই শুভ ক্ষণতেই বেয়া খবৰ! দুটা পৃথক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২ জনকৈলোকে। এফালে নৱবৰ্ষৰ আনন্দ আৰু আনফালে ৰাজ্যৰ কেইবা স্থানতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে নিশা প্ৰায় ১২ মান বজাত ডিব্ৰুগড়ৰ আমোলাপট্টি-লালুকা সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজনলোকে। এখন বাইক আৰু এখন বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হয় লোকজনৰ।

ইয়াৰোপৰি এই ঘটনাত আহত হয় আন কেইবাজনলোক। ঘটনাৰ লগে লগে আৰক্ষীয়ে উক্ত স্থানৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতসকলক হাস্পাতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ পৰা আৰক্ষীয়ে এখন খুকুৰি উদ্ধাৰ কৰে লগতে দুৰ্ঘটনা সংঘটিত হোৱা পথটোত উদ্ধাৰ হৈছে সুৰাৰ বটল। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

ইয়াৰোপৰি, নতুন বছৰৰ প্ৰথম দিনটোতেই ডিমা হাচাওত আন এক পথ দুৰ্ঘটনা সংঘটিত হয়। ডিমা হাচাওৰ ডিটকচড়াত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজনলোকে। জানিব পৰা মতে শিলচৰৰ পৰা হাফলং অভিমুখে গৈ থকা সময়ত ব’লেৰ বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই হাফলঙৰ ফালৰ পৰা আহি থকা ট্ৰাক এখনত খুন্দা মাৰে।  যাৰ ফলত  ইষ্ট ৱেষ্ট কৰিডৰত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বাপ্পু লস্ককৰ নামৰ এজনলোক। লগতে আহত হয় আন ৪ জন। আহতসকল ক্ৰমে- নিপ্পু লস্কৰ,আনোৱাৰ সাদাত লস্কৰ, পাৰুল লস্কৰ আৰু টিংকু চৌধুৰী।

এই আটাই কেইজনক শিলচৰৰ হাস্পাতালত ভৰ্তি কৰোৱা হয়। ডিমা হাচাওৰ পথ দুৰ্ঘটনাত নিহত আৰু আহত আটাইকেইজন কাছাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, সমগ্ৰ ৰাজ্যত আৰক্ষীয়ে সুৰাপান কৰি গাড়ী চলোৱা সকলৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। তাৰ মাজতে সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষাৰ পৰ্যালোচনা কৰি এক বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকত ৩১ জানুৱাৰীৰ পৰা মাঘ বিহুলৈ প্ৰশাসনক কঠোৰ হ’বলৈ নিৰ্দেশ দিছিল। তাৰ পাছত আৰক্ষী- প্ৰশাসনে সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হৈ আৰম্ভ কৰিছিল অভিযান। আনকি প্ৰশাসনে সুৰাপান কৰি গাড়ী চলালে বাহন জব্দ কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহাৰো ব্যৱস্থা কৰিছিল। এনেবোৰ কাৰণতে বিগত বৰ্ষতকৈ এইবাৰ ৩১ ডিচেম্বৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা কম।

 

Latest News