সাহিত্য সভাৰ অনুষ্ঠানত মৰ্মিতাৰ হিন্দী গীত, আনন্দতে যুৱকৰ অৰ্ধ উলংগ নৃত্য…
বৰ্তমান অসমত চৰ্চিত এটি নাম মৰ্মিতা মিত্ৰ। শেহতীয়াকৈ অসম সাহিত্য সভাৰ সৈতে মৰ্মিতা মিত্ৰ বিতৰ্কত সোমাই পৰিছে। সাহিত্য সভাৰ অনুষ্ঠানত শুনা গ'ল মৰ্মিতাৰ মুখল জিলেলে, আই এম এ ডিস্ক ডান্সাৰ আদি গীত।

সাহিত্য সভাৰ বাবে বিতৰ্ক কোনো নতুন কথা নহয়। সেয়া লাগিলে সাহিত্য সভাৰ অনুষ্ঠান বা নিৰ্বাচনে নহওক কিয়। সকলো মৰ্যদা লাঘৱ কৰি সাহিত্য সভাই এতিয়া তেওঁলোকৰ কিছুমান আজৱ কাণ্ডৰ বাবে বাতৰিৰ শিৰোনান দখল কৰি আহিছে। সাহিত্য সভা এক জাতীয় অনুষ্ঠান। ইয়াৰ দায়িত্বত থকাসকলৰ অনুষ্ঠানটোৰ প্ৰতি বিশেষ দায়বদ্ধতা আছে। যিসময়ত সাহিত্য সভাই অসমত প্ৰতিনিধিত্ব কৰিব লাগিছিল, অসমীয়াৰ গৌৰৱ হ’ব লাগিছিল সেই সময়ত সাহিত্য সভাই এতিয়া কেৱল বিতৰ্ক সৃষ্টি কৰাৰ অন্য এক নাম হৈ পৰিছে।
বৰ্তমান অসমত চৰ্চিত এটি নাম মৰ্মিতা মিত্ৰ। জুবিনৰ গীত গাই ব্য়তিক্ৰমী উচ্চাৰণৰে এইগৰাকী বংগ কন্যাই অসমৰ ৰাইজৰ মন মুহিছে। যাৰ বাবে হয়তো বিহু অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সাহিত্য সভাৰ অনুষ্ঠানলৈ কেৱল মৰ্মিতা মিত্ৰৰে নাম। শেহতীয়াকৈ অসম সাহিত্য সভাৰ ছিপাঝাৰৰ কুৰুৱাৰ কেতেকী সাহিত্য সভাৰ ৰূপালী জয়ন্তী অনুষ্ঠানত গীত পৰিৱেশন কৰে মৰ্মিতা মিত্ৰই। ভাষা জননীৰ এই অনুষ্ঠানত মৰ্মিতাই এটাৰ পাছত আনটো জনপ্ৰিয় গীত পৰিৱেশন কৰে।
এই অনুষ্ঠানতে মৰ্মিতাই ‘জিলেলে জিলেলে’ৰ পৰা আৰম্ভ কৰি ‘আই এম এ ডিস্ক ডান্সাৰ’ গীত পৰিৱেশন কৰে। য’ত একাংশ উদণ্ড যুৱকে নিৰ্লজ্জ নৃত্য পৰিৱেশন কৰে। ইতিমধ্যে এই অনুষ্ঠানৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত মৰ্মিতাই মঞ্চত হিন্দী গীত পৰিৱেশন কৰি থকাৰ বিপৰীতে একাংশ অৰ্ধ উলংগ যুৱকে মূৰত হেলমেট পিন্ধি মাটি নাচি-বাগৰি নৃত্য পৰিৱেশন কৰা দেখা গৈছে।
উল্লেখ্য যে, ৪ আৰু ৫ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ ছিপাঝাৰৰ কুৰুৱাৰ কেতেকী সাহিত্য সভাৰ ৰূপালী জয়ন্তী অনুষ্ঠানত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানতে মৰ্মিতা মিত্ৰক গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু সাহিত্য সভাৰ দৰে এক অনুষ্ঠানত মৰ্মিতা মিত্ৰই পৰিৱেশন কৰা গীতে এতিয়া আচৰিত কৰি তুলিছে একাংশক। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই এতিয়া সচেতন নাগৰিকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এয়াই প্ৰথম নহয়, নিজৰ কৰ্মকাণ্ডৰ বাবে যোৱা কেইটামান বছৰ ধৰি সাহিত্য সভা প্ৰায়ে চৰ্চাত থাকে। সাহিত্য চৰ্চাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিব লগা সাহিত্য সভা এতিয়া আজৱ কাণ্ডৰ বাবে বিখ্য়াত। নতুনকৈ সাহিত্য সমাৰ সমিতি গঠন হোৱাৰ পাছত সাধাৰণ লোকে যথেষ্ঠখিনি আশা কৰিছিল। কিন্তু এই আশা জলাঞ্জলি দি সভাই এনে কাণ্ডসমূহ কৰি হৈছে।
মৰ্মিতা মিত্ৰ বংগৰ জীয়ৰী, অসম বা সাহিত্য সভাৰ বাবে তেওঁৰ বিশেষ জ্ঞান নথকা স্বাভাৱিক কথা। কিন্তু সাহিত্য সভা? অসমৰ হাড়ে হিমজুৱে জড়িত হৈ থকা সাহিত্য সভাই কেতিয়া নিজৰ মৰ্যদা বুজিব? সময়ৰ সোঁতত উটি গৈ সাহিত্য সভাই কেতিয়ালৈ ল’ৰা ধেমালি কৰি যাব? সাহিত্য সভাৰ বাবে বিতৰ্ক কোনো নতুন কথা নহয়। এটা সময়ত মানুহে সাহিত্য সভাক সন্মান কৰিছিল, কিন্তু এতিয়া প্ৰশ্ন কৰে। যদি সময়মতে সাহিত্য সভাই নিজৰ মৰ্যদা, অস্তিত্বৰ কথা বুজি নাপাই তেন্তে অসম আৰু অসমীয়াৰ বাবে ই মৰিচিকা হ’ব।