শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাত্ৰ বেমেজালি! কেৱল চিনাকী হোৱাৰ বাবে অসম সাহিত্য সভাই প্ৰদান কৰে নেকি বঁটা?

বিতৰ্কই লগ নেৰে অসম সাহিত্য সভাক। সাহিত্য সভাৰ অনুষ্ঠান মানেই যেন বেমেজালি। পুনৰ এবাৰ অসম সাহিত্য সভাৰ বৰমূৰীয়াসকলে সাহিত্য সভাৰ প্ৰতি চৰম নিষ্ঠাহীনতা উদঙাই দিলে।

মাত্ৰ বেমেজালি! কেৱল চিনাকী হোৱাৰ বাবে অসম সাহিত্য সভাই প্ৰদান কৰে নেকি বঁটা?
অসম সাহিত্য সভাৰ বিতৰ্কImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 05 Feb 2025 13:13 PM

সাহিত্যৰ বাবে নহয়, কিছুমান আচহুৱা কাণ্ডৰ বাবে এতিয়া চৰ্চাত থাকে অসম সাহিত্য সভা। বিতৰ্ক শব্দটো এতিয়া আৰু সাহিত্য সভাৰ বাবে নতুন হৈ থকা নাই! সাহিত্য সভাৰ অনুষ্ঠান মানেই বেমেজালি। সেয়া লাগিলে নেতৃত্ব কেন্দ্ৰিক বা অৰ্থ কেন্দ্ৰিকে নহওক কিয়। ৪ জানুৱাৰীত সমাপ্ত হয় অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম (৭৭ সংখ্য) পাঠশালা অধিৱেশন। ৬ কোটিৰ অধিক টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হোৱা এই অধিৱেশন চৰ্চাত থাকিব লাগিছিল সাহিত্যৰ বাবে। পিছে এই অধিৱেশন চৰ্চাত আছে কিছুমান আজৱ কাণ্ডৰ বাবে।

সাহিত্য সভাৰ অধিৱেশন উপলক্ষে এইবাৰ পাঠশালাত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। কিন্তু সাহিত্য সভাৰ বৰমূৰীয়াসকলে এইবাৰ সাহিত্য সভাৰ প্ৰতি উদঙাই দিলে চৰম নিষ্ঠাহীনতা। সম্ভৱতঃ প্ৰথমবাৰৰ বাবে এইবাৰ সাহিত্য সভাত বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়। কিন্তু এই বঁটা প্ৰদান অনুষ্ঠানৰ বাবে সাহিত্য সভাৰ ওপৰত এতিয়া প্ৰশ্নবোধক পৰিছে।

শেহতীয়াকৈ লেখিকা চন্দনা পাঠকে সাহিত্য সভা সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰি কিছু প্ৰশ্ন উত্থাপন কৰিছিল। চন্দনা পাঠকৰ মন্তব্যৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাহিত্য সভাৰ বিদায়ী সাধাৰণ সম্পাদক  উপেন্দ্ৰ জিৎ শৰ্মাই। তেওঁ কয় যে, অসম সাহিত্য সভাৰ বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে আমি ৰাজহুৱা প্ৰেছ বিবৃতি দিছিলো। চন্দনা পাঠকে আচলতে ‘গিৰিধৰ শৰ্মা সোঁৰণি বঁটা’হে লাভ কৰিছে আৰু ‘নকুল চন্দ্ৰ সভাপণ্ডিত বঁটা’ লাভ কৰিছে মুনমী ভট্টচাৰ্যই। কিন্তু কম্পিউটাৰৰ বিসংগতিৰ বাবে পাণ্ডুলিপিৰ নামৰ ক্ষেত্ৰত লেখিকাৰ নাম ওলট পালট হৈ যায়।

ইয়াৰোপৰি নিষ্ঠাবান সংবাদকৰ্মী বঁটা সন্দৰ্ভত শৰ্মাই কয় যে, এই বঁটা বিভিন্ন পৰ্যায়ত আলোচনা কৰাৰ পাছত প্ৰদান কৰা হৈছে। চিন্ময় ৰয় নামৰ সাংবাদিকজনক মই কলেজৰ পৰা চিনি পাওঁ আৰু তেওঁ বছৰ বছৰ ধৰি সমাজৰ হৈ কাম কৰি আহিছে। ইয়াৰোপৰি আন সকল সাংবাদিকেও সমাজৰ হকে আগবঢ়াই অহা সেৱাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে বুলি তেওঁ কয়।

কেৱল চিনাকী সাংবাদিকসকলেহে নিষ্ঠাবান সংবাদকৰ্মীৰ বঁটা লাভ কৰে বুলি কৰা সাংবাদিকৰ প্ৰশ্নত শৰ্মাই কয় যে, আগন্তুক পৰ্যায়ত আন সাংবাদিকসকলকো বঁটা প্ৰদান কৰা হ’ব বা সম্বোৰ্ধনা জনোৱা হ’ব। কেতিয়াবা বিসংগতি ৰৈ যায়। কিন্তু বিতৰ্কই কেতিয়াও সাহিত্য সভাত আগবঢ়াই নিব নোৱাৰে বুলি শৰ্মাই কয়।

উল্লেখ্য যে,সাহিত্যিকসকলৰ বাবে বিভিন্ন শিতানত বঁটা ঘোষণা কৰাৰ পাছতে লেখিকা চন্দনা পাঠকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।সাহিত্য সভাৰ মতে, চন্দনা  পাঠকৰ ‘পান্থাশালা’ নামৰ শিশু উপন্যাসখনৰ বাবে তেওঁক ‘নকুল চন্দ্ৰ সভাপণ্ডিত বঁটা’ প্ৰদান কৰা হৈছে। কিন্তু সংবাদ মাধ্যমত এই খবৰ দেখাৰ লগে লগে ক্ষোভত ফাটি পৰে লেখিকাগৰাকী। চন্দনা পাঠকে কয় যে, তেওঁ কোনো বঁটাৰ বাবে আবেদন জনোৱা নাছিল। লগতে যিখন গ্ৰন্থৰ বাবে তেওঁক বঁটা প্ৰদান কৰা হৈছিল সেইখন শিশু উপন্যাস নহয়।

কেৱল চন্দনা পাঠকে নহয়, একাংশ শিল্পী, সাধাৰণ জনতাইও সাহিত্য সভাৰ বিৰুদ্ধে ক্ষোভ উজাৰে। কিহৰ ভিত্তিত সাহিত্য সভাই বঁটা প্ৰদান কৰিছে তাৰ ওপৰত উত্থাপন হৈছে প্ৰশ্নৰ। সাহিত্য সভা এতিয়া এনেকৈয়ে চলি আছে।  চৰম পুতৌজনক অৱস্থাৰে গতি কৰি আছে অসম সাহিত্য সঙাই। সাহিত্য কৰি চৰ্চাত থাকিব লগা সাহিত্য সভা এতিয়া চৰ্চাত থাকে বিসংগতিমূলক কৰ্মৰ  বাবে। অনাগত দিনত সাহিত্য সভাই আৰু কি কি ৰং দেখুৱাই সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ এনেকৈ চলে অসম সাহিত্য সভা! বঁটা ঘোষণাৰ পাছতে দুখ প্ৰকাশ চন্দনা পাঠকৰ…