খুব দুখ পালো: এইবাৰ সাহিত্য সভাৰ মঞ্চত অপমানিত হ’ল লোকগীতৰ শিল্পী!
৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ সামৰণি পৰিল মঙলবাৰে অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত। পাঠশালাত অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ ৭৭ সংখ্যক অধিৱেশন। সাহিত্য সভাৰ অধিৱেশন বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছিল বহু লোক। ইয়াৰ মাজতে সাহিত্যিকৰ পাছত এইবাৰ সাহিত্য সভাক লৈ ক্ষোভ শিল্পীৰ৷ সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ লোকগীতৰ বিশিষ্ট শিল্পী প্ৰণিতা বৈশ্য মেধিৰ।
যেন শেষ হোৱা নামেই লোৱাই নাই সাহিত্য সভাৰ বিতৰ্কই। যাৰ বাবে দিনে দিনে হ্ৰাস হৈছে সাহিত্য সভাৰ মৰ্যদা। যেন সাহিত্য সভাৰ অস্তিত্বলৈ এতিয়া আহি পৰিছে সংকট! নিৰ্বাচন কেন্দ্ৰীক বিতৰ্কৰ পাছত এই অধিৱেশন লৈ এটাৰ পাছত আনজনে উজাৰিছে ক্ষোভ। দুদিন পূৰ্বে সাহিত্যিকৰ পাছত এইবাৰ সাহিত্য সভাক লৈ ক্ষোভ শিল্পীৰ৷ সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ লোকগীতৰ বিশিষ্ট শিল্পী প্ৰণিতা বৈশ্য মেধিৰ।
৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ সামৰণি পৰিল মঙলবাৰে অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত। পাঠশালাত অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ ৭৭ সংখ্যক অধিৱেশন। সাহিত্য সভাৰ অধিৱেশন বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছিল বহু লোক। বিক্ৰী হৈছে প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ। কিন্তু তাৰ মাজতে আকৌ আৰম্ভ হৈছে বিতৰ্কৰ। বঁটাৰ বাবে আবেদন নপঠোৱাকৈ বঁটা লাভ কৰাত আঁচৰিত হ’ল এগৰাকী সাহিত্যিক। ইয়াৰোপৰি শিশু উপন্যাস বুলি যিখন উপন্যাসৰ বাবে তেওঁক বঁটা প্ৰদান কৰা হৈছে সেই কিতাপখন শিশু উপন্যাস নহয় বুলি উল্লেখ কৰে লেখিকা চন্দনা পাঠকে। এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰে সাহিত্যিকগৰাকীয়ে। ইয়াৰ লৈ সামাজিক মাধ্যমত চলে সৰৱ চৰ্চা। বিভিন্নজনে সাহিত্য সভাক লৈ ভিন্ন মত পোষণ কৰে।
ইমানতে অৱসান ঘটা নাই সাহিত্য সভা অধিৱেশনক লৈ হেৱা বিতৰ্কৰ। সাহিত্যিকৰ পাছত এইবাৰ সাহিত্য সভাক লৈ ক্ষোভ শিল্পীৰ৷ সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ লোকগীতৰ বিশিষ্ট শিল্পী প্ৰণিতা বৈশ্য মেধিৰ। সামাজিক মাধ্যমত কণ্ঠশিল্পীগৰাকীয়ে লিখিছে এটা পোষ্ট। য’ত তেওঁ অধিৱেশনৰ মঞ্চত খুব দুখ পোৱা আৰু অপমানিত হোৱা বুলি উল্লেখ কৰে।
সামাজিক মাধ্যমত তেওঁ পোষ্টটোত লিখিছে, “গীত পৰিবেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হ’লো অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম দ্বিবাষিক পাঠশালা অধিবেশন (বজালীত)
যোৱা 3 ফেব্ৰুৱাৰী 2025 চন
অনুষ্ঠান ৰ আৰম্ভণিতে মোৰ প্ৰথম প্ৰগেম আছিল। কিন্ত মঞ্চত দ্বিতীয় গীত টো গাই শেষ কৰি তৃতীয় গীত আৰম্ভ কৰোতেই সাংস্কৃতিক কৰ্মী (সোনমণী চৌধুৰী) নামৰ লোক এজনে পিছৰ ফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে। তেতিয়া মঞ্চত মই খুব দুখ পালো আৰু অপমানিত হলো। যিহেতু মোৰ প্ৰথম অনুষ্ঠান আছিল। অন্য শিল্পী বিলাকক যিদৰে সন্মান জনাই কিন্ত মোৰ ক্ষেত্ৰত এখন গামোচাৰ যোগ্য নহলো।লোকগীতৰ শিল্পী হোৱা বাবে আমাক অপমানিত কৰিলে নেকি? যদি এনেকুৱা মানসিকতা হয় তেতিয়াহলে আমাক মাতি নি অপমানিত কৰিব নালাগিছিল। মই খুব দুখ পাই ছো অন্তৰত যদি এনেকুৱা মানসিকতা হয় আমি শিল্পী সকল কেনেদৰে জীয়াই থাকিম।”
এই পোষ্টৰটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কিছুমানে লিখিছে, “শুনি বহুত বেয়া লাগিছে । প্ৰকৃত শিল্পীক সন্মান দিব নাজানিলে নিমন্ত্ৰণও দিব নালাগে।” আকৌ এজনে লিখিছে, “অতি লাজ লগা কথা”। এতিয়া প্ৰশ্নটো হ’ল কিয় বাৰে বাৰে এনেবোৰ বিতৰ্কৰ মাজ সোমাই পৰে অসমীয়া হৃদপিণ্ড স্বৰূপ অসম সাহিত্য সভা? এইবোৰৰ শেষ কেতিয়া?