শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এনেকৈ চলে অসম সাহিত্য সভা! বঁটা ঘোষণাৰ পাছতে দুখ প্ৰকাশ চন্দনা পাঠকৰ…

Assam sahitya sabha: পুনৰ বিতৰ্কত সোমাই পৰিছে অসম সাহিত্য সভা। বৰ্তমান চলি আছে সপ্তসপ্ততিতম (৭৭ সংখ্য) পাঠশালা অধিৱেশন। এই অধিৱেশনত বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়। কিন্তু ইয়াক লৈ সৃষ্টি হৈছে এতিয়া বহু প্ৰশ্নৰ।

এনেকৈ চলে অসম সাহিত্য সভা! বঁটা ঘোষণাৰ পাছতে দুখ প্ৰকাশ চন্দনা পাঠকৰ…
অসম সাহিত্য সভাImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 04 Feb 2025 09:49 AM

বিতৰ্কই লগ নেৰা হৈছে অসম সাহিত্য সভাক। বিগত কেইটামান বছৰ ধৰি দেখা দিয়া অৰাজকতাই অসম সাহিত্য সভাৰ মৰ্যদা বহু পৰিমাণে লাঘৱ কৰিছে। কিন্তু শেহতীয়াকৈ নতুন সভাপতি নিৰ্বাচনে একাংশ সাহিত্য প্ৰেমীৰ মাজত কিছু আশাৰ সংঞ্চাৰ কৰিছিল। কিন্তু এই আশা যেন কলিতে মৰহি গ’ল।  পুনৰ এবাৰ ঠন ধৰিব বুলি সাহিত্য সভাৰ প্ৰতি থকা আশা যেন এতিয়া শেষ হোৱাৰ দিশে। বৰ্তমান চলি আছে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন। ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই  অধিৱেশনৰ আজি সামৰণি পৰিব।

কিন্তু অধিৱেশনৰ মাজতে পুনৰ বিতৰ্কত সোমাই পৰে সাহিত্য সভা। সপ্তসপ্ততিতম (৭৭ সংখ্য) পাঠশালা অধিৱেশন উপলক্ষে সাহিত্য সভাই বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰে। ইয়াৰোপৰি এইবাৰ সাহিত্য সভাৰ অধিৱেশনত বিভিন্ন শিতানত বহুলোকক বঁটা প্ৰদান কৰা হয়। সাংবাদিকৰ পৰা সাহিত্যিকলৈ, বিভিন্নজনক এই বঁটা প্ৰদান কৰা হৈছে।

বঁটা প্ৰাপক সকলৰ ভিতৰত নাম আছিল লেখিকা চন্দনা পাঠকৰ। এইগৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছিল ‘নকুল চন্দ্ৰ সভাপণ্ডিত বঁটা’। কিন্তু বঁটা লাভৰ পাছতে আনন্দৰ সলনি দুখ প্ৰকাশহে কৰিছে লেখিকাগৰাকীয়ে। চন্দনা পাঠকে কৰা অভিযোগ অনুসৰি তেওঁ এই  বঁটাৰ বিষয়ে একো নাজানে। ইয়াৰোপৰি শিশু উপন্যাস বুলি যিখন উপন্যাসৰ বাবে তেওঁক বঁটা প্ৰদান কৰা হৈছে সেই কিতাপখন শিশু উপন্যাস নহয়।

এই সন্দৰ্ভত সামাজিক মাধ্যমত স্পষ্টীকৰণ দি চন্দনা পাঠকে কয় যে,

“অসম_সাহিত্য_সভাৰ_নকুলচন্দ্ৰ_সভাপণ্ডিত_সোঁৱৰণি_বঁটা আৰু #কিছু_স্পষ্টীকৰণ

#Its_a_big_joke_for_me
মোৰ লগতহে কিয় বাৰে বাৰে এনে হয় ? সাহিত্য সাধনাৰ নামত আচলতে চলিছে কি ? ডাঙৰকৈ মেলা পাতিলেই সাহিত্যৰ উত্তৰণ নুবুজায়।এখন কিতাপ পঢ়ি চোৱাৰ ধৈৰ্য নথকা বৰপণ্ডিতসকলে কেনেকৈ সাহিত্যৰ বিচাৰক হয় ? আজি দুপৰীয়া ফোন আহিল কেবাটাও। মেচেজো আহিল। টিভি চেনেলত হেনো বাতৰিও ওলাল। #চন্দনা_পাঠকলৈ_নকুল_চন্দ্ৰ_সোঁৱৰণি_বঁটা
মই আচৰিত ৷ মই কোনো কিতাপ কোনো বঁটাৰ বাবে পঠোৱা নাই। কোনে কি বঁটা দিলে মোক ? ভাবিলোঁ, হয়তো মই নহয়, আন কোনোবাহে। সামৰিলোঁ।
অলপ আগেয়ে সাংবাদিক #অৰূপ_জ্যোতি_মহন্ত দাই ফটো এখন দিলে। (ফটোখন তলত দিছোঁ ) শিশু উপযোগী গ্ৰন্থ হিচাপে মোৰ #পান্থশালা ৰ বাবে মোক নকুল_চন্দ্ৰ_সোঁৱৰণি_বঁটা দিয়া হৈছে।
মোৰ চকু কপালত উঠিল। #পান্থশালা কোন ফালৰ পৰা শিশু গ্ৰন্থ ? কাৰ বিচাৰত এই উপন্যাসখন উক্ত বঁটাৰ বাবে নিৰ্বাচনত উঠিল ? এনেকৈ বঁটাবোৰ দি থকা হৈছে নেকি ? এনেকৈয়ে চলেনে #অসম_সাহিত্য_সভা ?
প্ৰথম কথা হ’ল , কোনো বঁটাৰ বাবে মই বা প্ৰকাশকে আৱেদন কৰা নাই। উক্ত বঁটাটোৰ বাবেও কৰা নাই। আগলৈয়ো নকৰোঁ।
দ্বিতীয় কথা হ’ল , #পান্থশালা শিশু উপন্যাস নহয়।
তৃতীয় কথা হ’ল, এই বঁটাটোৰ বাবে আৱেদন কৰা শিশু সাহিত্যিকসকলৰ মাজৰ পৰা কোনোবা এজন কিয় নিৰ্বাচিত নহ’ল ? সম্প্ৰতি অসমত ভালেকেইগৰাকী শিশু সাহিত্যিকে ভাল কিতাপ লিখি আছে ৷ তেওঁলোকক কিয় বঞ্চনা কৰা হ’ল ?
চতুৰ্থ কথা, আৱেদন নকৰা কিতাপ এখন কেনেকৈ এই বঁটাৰ বিচাৰ প্ৰক্ৰিয়াত সোমাল ?
পঞ্চম কথা , কিতাপখন পঢ়ি চোৱাহ’লে নিশ্চয় এই বঁটাটো নিদিলেহেঁতেন। তাৰমানে কিতাপ নপঢ়াকৈয়ে বঁটা দিয়া হয় নেকি ?
ষষ্ঠ কথাটো , #পান্থশালা ২০২২ চনতে #পূৰ্বায়ণ_প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা গ্ৰন্থ ; ২০২৫ ত সেইখন পাণ্ডুলিপিলৈ ৰূপান্তৰিত হ’ল কেনেকৈ ?
ডাঙৰ কমেডী হ’ল মোৰ জীৱনত। কিন্তু, দুখ লাগিছে #অসম_সাহিত্য_সভাৰ স্বৰূপ দেখি। শিশু সাহিত্যৰ সাধনাত নিমগ্ন হৈ থকা মোৰ ভাইটি-ভণ্টিহঁতৰ মুখবোৰ চকুৰ আগত ভাঁহি উঠিছে।
এইবোৰ কাৰণতে মই কোনো বঁটাৰ বাবে আৱেদন নকৰোঁ ৷ নালাগে মোক বঁটা। পাঠকে যে মোৰ লেখা পঢ়ি মন্তব্য কৰে, সেয়াই মোৰ জীৱনৰ প্ৰাপ্তি।
মই মৰি গ’লেও এই বঁটা গ্ৰহণ কৰিব নোৱাৰোঁ , কৰাৰ কথাই নাহে।
ক’বলৈ গ’লে , এনেকৈ এই বঁটা দি মোৰ কিতাপখনকো অপমান কৰা হৈছে ; মোকো। আৰু সন্ধিয়াৰে পৰা মই যি মানসিক কষ্ট পাইছোঁ , তাৰ বাবেও তেওঁলোক জগৰীয়া।

( মোৰ বন্ধুসকলক অনুৰোধ কৰিছোঁ, সকলোৱে যেন পোষ্টটো শ্বেয়াৰ কৰে। স্বৰূপবোৰ সকলোৱে জানিব লাগে । “)

 

কেৱল চন্দনা পাঠকেই নহয়, বিভিন্নজনে সাহিত্য সভাৰ বঁটা প্ৰদানক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সাহিত্য সভাৰ জীৱন যোৰা সাধনা বঁটা সন্দৰ্ভতো বহুতে সাহিত্য সভাক সমালোচনা কৰা দেখা গৈছে। অৱশ্যে চন্দনা পাঠকৰ অভিযোগ সন্দৰ্ভত সাহিত্য সভাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ ড০ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি নিৰ্বাচিত…