এনেকৈ চলে অসম সাহিত্য সভা! বঁটা ঘোষণাৰ পাছতে দুখ প্ৰকাশ চন্দনা পাঠকৰ…
Assam sahitya sabha: পুনৰ বিতৰ্কত সোমাই পৰিছে অসম সাহিত্য সভা। বৰ্তমান চলি আছে সপ্তসপ্ততিতম (৭৭ সংখ্য) পাঠশালা অধিৱেশন। এই অধিৱেশনত বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়। কিন্তু ইয়াক লৈ সৃষ্টি হৈছে এতিয়া বহু প্ৰশ্নৰ।
বিতৰ্কই লগ নেৰা হৈছে অসম সাহিত্য সভাক। বিগত কেইটামান বছৰ ধৰি দেখা দিয়া অৰাজকতাই অসম সাহিত্য সভাৰ মৰ্যদা বহু পৰিমাণে লাঘৱ কৰিছে। কিন্তু শেহতীয়াকৈ নতুন সভাপতি নিৰ্বাচনে একাংশ সাহিত্য প্ৰেমীৰ মাজত কিছু আশাৰ সংঞ্চাৰ কৰিছিল। কিন্তু এই আশা যেন কলিতে মৰহি গ’ল। পুনৰ এবাৰ ঠন ধৰিব বুলি সাহিত্য সভাৰ প্ৰতি থকা আশা যেন এতিয়া শেষ হোৱাৰ দিশে। বৰ্তমান চলি আছে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন। ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ আজি সামৰণি পৰিব।
কিন্তু অধিৱেশনৰ মাজতে পুনৰ বিতৰ্কত সোমাই পৰে সাহিত্য সভা। সপ্তসপ্ততিতম (৭৭ সংখ্য) পাঠশালা অধিৱেশন উপলক্ষে সাহিত্য সভাই বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰে। ইয়াৰোপৰি এইবাৰ সাহিত্য সভাৰ অধিৱেশনত বিভিন্ন শিতানত বহুলোকক বঁটা প্ৰদান কৰা হয়। সাংবাদিকৰ পৰা সাহিত্যিকলৈ, বিভিন্নজনক এই বঁটা প্ৰদান কৰা হৈছে।
বঁটা প্ৰাপক সকলৰ ভিতৰত নাম আছিল লেখিকা চন্দনা পাঠকৰ। এইগৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছিল ‘নকুল চন্দ্ৰ সভাপণ্ডিত বঁটা’। কিন্তু বঁটা লাভৰ পাছতে আনন্দৰ সলনি দুখ প্ৰকাশহে কৰিছে লেখিকাগৰাকীয়ে। চন্দনা পাঠকে কৰা অভিযোগ অনুসৰি তেওঁ এই বঁটাৰ বিষয়ে একো নাজানে। ইয়াৰোপৰি শিশু উপন্যাস বুলি যিখন উপন্যাসৰ বাবে তেওঁক বঁটা প্ৰদান কৰা হৈছে সেই কিতাপখন শিশু উপন্যাস নহয়।
এই সন্দৰ্ভত সামাজিক মাধ্যমত স্পষ্টীকৰণ দি চন্দনা পাঠকে কয় যে,
“অসম_সাহিত্য_সভাৰ_নকুলচন্দ্ৰ_সভাপণ্ডিত_সোঁৱৰণি_বঁটা আৰু #কিছু_স্পষ্টীকৰণ
( মোৰ বন্ধুসকলক অনুৰোধ কৰিছোঁ, সকলোৱে যেন পোষ্টটো শ্বেয়াৰ কৰে। স্বৰূপবোৰ সকলোৱে জানিব লাগে । “)
কেৱল চন্দনা পাঠকেই নহয়, বিভিন্নজনে সাহিত্য সভাৰ বঁটা প্ৰদানক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সাহিত্য সভাৰ জীৱন যোৰা সাধনা বঁটা সন্দৰ্ভতো বহুতে সাহিত্য সভাক সমালোচনা কৰা দেখা গৈছে। অৱশ্যে চন্দনা পাঠকৰ অভিযোগ সন্দৰ্ভত সাহিত্য সভাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ ড০ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি নিৰ্বাচিত…