সাহিত্য সভাৰ নিৰ্বাচনঃ সভাপতি পদৰ বাবে পুনৰ হ’ব নেকি ভোট গণনা? কি ক’লে সভাপতিয়ে
বিতৰ্কই যেন লগ নেৰে অসম সাহিত্য সভাক। কালি হৈ যোৱা ভোট গণনা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি উপেন ৰাভা হাকাচামে প্ৰয়োজন হ'লে পুনৰ এবাৰ ভোট গণনা অনুষ্ঠিত কৰাৰ আহ্বান জনাইছিল।
নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বৰ পৰা অসম সাহিত্য সভাৰ মাজত সৃষ্টি হোৱা বিতৰ্ক ভোট গণনাৰ পাছতো অব্যাহত থাকে। ২৯ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা সাহিত্য সভা নিৰ্বাচনৰ ভোট গণনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সভাপতি পদৰ প্ৰাৰ্থী তথা বিশিষ্ট সাহিত্যিক, গৱেষক উপেন ৰাভা হাকাচামে নিৰ্বাচনী কমিটীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰত সাহিত্যিকগৰাকীয়ে ভোট গণনাক লৈ প্ৰশ্ন উত্থাপন কৰি চালি জাৰি চাই সভাপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ আহ্বান জনাইছিল। প্ৰয়োজন হ’লে পুনৰ এবাৰ ভোট গণনা কৰাৰ পোষকতা কৰিছিল তেওঁ।
২৯ ডিচেম্বৰত সাহিত্যিকগৰাকীয়ে এই পত্ৰ প্ৰেৰণ কৰাৰ এদিন পাছতেই অসম সাহিত্য সভাৰ বিদায়ী সভাপতি সূৰ্যকান্ত হাজৰিকাই ইয়াৰ উত্তৰ দিয়ে। বিষয়টো সন্দৰ্ভত স্পষ্টতা প্ৰকাশ কৰি হাজৰিকাই কয় যে, অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে পুনৰ নিৰ্বাচন অনুষ্ঠিত নহয়। কিয়নো সম্পূৰ্ণ স্বচ্ছ আৰু নিকাকৈ এই ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হৈছে।
লক্ষণীয় যে, উপেন ৰাভা হাকাচামে অভিযোগ তুলি প্ৰশ্ন উত্থাপন কৰিছিল যে,বেলট বাকচসমূহ খুলাৰ পাছত য’ত বেলট পেপাৰসমূহ উলিওৱা হৈছিল সেই স্থানত কিয় গণনা কৰা নহ’ল? টোপোলা বান্ধি সেই ভৱনৰ অন্য স্থানলৈ বেলট পেপাৰসমূহ নিয়া হৈছিল? ইয়াকে লৈ সাহিত্য সভাৰ বিভিন্ন শাখাৰ সদস্যইও অসন্তুষ্ট ব্য়ক্তি কৰিছিল। কিন্ত হাকাচামৰ এই আহ্বান ৰক্ষা নকৰিলে সাহিত্য সভাই। বিদায়ী সভাপতিয়ে স্পষ্ট কৰি দিলে যে পুনৰ নহয় ভোট গণনা।
উল্লেখ্য যে, সাহিত্য সভাৰ সভাপতি, উপ- সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে হৈ যোৱা নিৰ্বাচনৰ ভোট গণনা কালি অনুষ্ঠিত হৈছিল। ফলাফল অনুসৰি বিশিষ্ট সাহিত্যিক, গৱেষক ড০ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত হয়। মুঠ ৪০৪ টা ভোট লাভ কৰে তেওঁ। ইয়াৰ লগতে ৩৮৫ টা ভোট লাভ কৰি উপ-সভাপতি পদত জয়লাভ কৰে পদুম ৰাজখোৱাই আৰু প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হয় দেৱজিত বৰা।
সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক, উপ- সভাপতিকে ধৰি মুঠ ৩ টা পদৰ বাবে ৮ গৰাকী ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। সভাপতি পদত ড০ বসন্ত কুমাৰ গোস্বামীৰ লগতে ড০ উপেন ৰাভা হাকাচাম প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ইয়াৰ লগতে প্ৰধান সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল দেৱজিত বৰা, সঞ্জীৱ কুমাৰ শৰ্মা, অজিত প্ৰসাদ শৰ্মাই আৰু উপ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, ডাঃ বিপিন চন্দ্ৰ কলিতা আৰু চহিৰ ভূঞাই।
অন্য খবৰ পঢ়কঃ ড০ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি নিৰ্বাচিত…