ড০ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি নিৰ্বাচিত…
অৱশেষত ঘোষণা হ'ল অসম সাহিত্য সভা নিৰ্বাচনৰ ফলাফল। এই ফলাফল অনুসৰি অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হ'ব বসন্ত কুমাৰ গোস্বামী। মুঠ ৩৮৪ টা ভোট লাভ কৰে গোস্বামীয়ে।
অৱশেষত ঘোষণা হ’ল অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল। তথ্য অনুসৰি অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয় বিশিষ্ট সাহিত্যিক, গৱেষক ড০ বসন্ত কুমাৰ গোস্বামী। মুঠ ৪০৪ টা ভোট লাভ কৰে তেওঁ। সভাপতি পদৰ আনগৰাকী প্ৰাৰ্থীয়ে লাভ কৰে ৩০৯ টা ভোট। ইয়াৰোপৰি উপ-সভাপতি পদত জয়লাভ কৰে পদুম ৰাজখোৱাই। মুঠ ৩৮৫ টা ভোট লাভ কৰি জয়লাভ কৰে তেওঁ । ইয়াৰ লগতে প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হয় দেৱজিত বৰা। উল্লেখ কৰা প্ৰয়োজন যে, সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক, উপ- সভাপতিকে ধৰি মুঠ ৩ টা পদৰ বাবে ৮ গৰাকী ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।
সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ড০ উপেন ৰাভা হাকাচাম আৰু ড০ বসন্ত কুমান গোস্বামীয়ে, প্ৰধান সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল দেৱজিত বৰা, সঞ্জীৱ কুমাৰ শৰ্মা, অজিত প্ৰসাদ শৰ্মাই। ইয়াৰ লগতে উপ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, ডাঃ বিপিন চন্দ্ৰ কলিতা আৰু চহিৰ ভূঞাই।
উল্লেখ্য যে, প্ৰথম অৱস্থাত সাহিত্য সভাৰ সভাপতিৰ তালিকাত কেইবাগৰাকী বিশিষ্ট সাহিত্যকৰ নাম আছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকে নিৰ্বাচন নেখেলাৰ ঘোষণা কৰিছিল। সভাপতি, উপ-সভাপতি, প্ৰধান সম্পাদক পদৰ বাবে মনোনয়ন হোৱা কেইবাজনো প্ৰাৰ্থী পেনেলৰ পৰা বাদ পৰিছিল।অৱশেষত মুঠ ৮ জন প্ৰাৰ্থীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা। ভোট গণনাৰ বাবে আজি পুৱাৰ ভাগত মেঘদূত ভৱনৰ পৰা দদৰালৈ বেলট বাকচ লৈ গৈ ৩ খন টেবুলত ভোট গণনা কৰা হয়।
মনকৰিবলগীয়া যে, আজি হোৱা ভোট গণনাৰ সময়ত বহু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। দদৰাত চলি থকা ভোট গণনাৰ মাজতেই মাৰপিটৰ ঘটনা সংঘটিত হয়। প্ৰথম অৱস্থাত বাক-বিতণ্ডাৰে আৰম্ভ হোৱা এই ঘটনা পৰৱৰ্তী সময়ত হতাহতিলৈ ৰূপান্তৰিত হয়। প্ৰধান সম্পাদকৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মাৰ প্ৰহাৰত আহত হয় সুশীল ডেকা নামৰ এজন সদস্য।জানিব পৰা মতে সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকত অংশ ল’বলৈ আহিছিল লোকজন। সেই সময়তে ঘটনা সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। ইফালে উপ-সভাপতি পদৰ প্ৰাৰ্থী উপেন্দ্ৰ জিত শৰ্মাৰ বিৰুদ্ধেও মাৰপিটত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
মন কৰিবলগীয়া যে, বিগত কেইটামান বছৰ ধৰি প্ৰায়ে বিতৰ্কত থাকে অসম সাহিত্য সভা। ইযাৰোপৰি সকলোৱে জানে যে অসম সাহিত্য সভাৰ মৰ্যদা বিষয়ববীয়াসকলে আগৰ দৰে ধৰি ৰাখিব পৰা নাই। চলিত বৰ্ষৰ নিৰ্বাচনতো সাহিত্য সভাকলৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল যাৰ পাছত কেইগৰাকীমান ব্যক্তিয়ে নিজৰ নাম সভাপতি পদৰ পৰা আঁতৰ কৰিবলগীয়া হৈছিল। এই সকলোবোৰৰ মাজতেই আজি অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয় ড০ বসন্ত কুমাৰ গোস্বামীয়ে।গতিকে এইগৰাকী বিশিষ্ট সাহিত্যিকে সাহিত্য সভাক পুনৰ অসমবাসীৰ গৌৰৱ হিচাপে থিয় কৰাব পাৰে নে নাই সেয়া হ’ব লক্ষণীয়।