স্বাভাৱিক হৈছে বতৰ, কাইলৈ পৰা খুলিব গুৱাহাটীৰ বিদ্যালয়সমূহ... | Assam : Schools in Kamrup (M) Set to Reopen Amid Improved Weather Assam news - Assam Tv9

স্বাভাৱিক হৈছে বতৰ, কাইলৈ পৰা খুলিব গুৱাহাটীৰ বিদ্যালয়সমূহ…কিমান বজাৰ পৰা আৰম্ভ হ’ব পাঠদান ?

Updated On: 

24 Sep 2024 16:39 PM

কামৰূপ(মহানগৰ) জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে । যোৱা কালিৰ পৰা ৰাজ্যখনত তাপমাত্ৰা হ্ৰাস পোৱাত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে শিক্ষা বিভাগে । ইতিমধ্যে এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ফালৰ পৰা এক নিৰ্দেশনা প্ৰকাশ কৰা হৈছে ।

স্বাভাৱিক হৈছে বতৰ, কাইলৈ পৰা খুলিব গুৱাহাটীৰ বিদ্যালয়সমূহ...কিমান বজাৰ পৰা আৰম্ভ হব পাঠদান ?
Follow Us On

উৎকট গৰমৰ বাবে কামৰূপ(মহানগৰ) জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছিল । কিন্তু যোৱা কালিৰ পৰা ৰাজ্যখনত তাপমাত্ৰা হ্ৰাস পোৱাত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে শিক্ষা বিভাগে । ইতিমধ্যে এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ফালৰ পৰা এক নিৰ্দেশনা প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য যে, সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা বাতিল কৰাৰ লগতে নতুন সময় অনুসৰিয়ে বিদ্য়ালয়সমূহ পাঠদান আৰম্ভ হ’ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে । কামৰূপ মহানগৰ জিলাৰ শিক্ষানুষ্ঠান সমূহৰ পাঠদান পূৰ্বৰ দৰে পুৱা ৭.৩০ বজাৰ দুপৰীয়া ১২.৩০ বজালৈ হ’ব । প্ৰচণ্ড গৰমৰ বাবে কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী, বেচৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহ ২৪ ছেপ্টেম্বৰ ৰ পৰা ২৭ ছেপ্টেম্বৰলৈকে বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল ।

যোৱা সোমবাৰে এই নিৰ্দেশ জাৰি কৰিছিল শিক্ষা বিভাগে । কিন্তু যোৱা কালিৰ গুৱাহাটীৰ বতৰ স্বাভাৱিক হোৱাৰ পাছতে এই বন্ধ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । নিৰ্দেশনাত উল্লেখ আছে যে, বতৰৰ স্বাভাৱিক পৰিস্থিতিৰ ঘূৰি অহাৰ বাবে অহা ২৫ ছেপ্টেম্বৰ বুধবাৰৰ পৰা বিদ্যালয়সমূহ আগৰ দৰেই খোলা থাকিব।

ছেপ্টেম্বৰ মাহৰ শেষফালে উত্তৰ-পূবৰ ৰাজ্যখনত নাতিশীতোষ্ণ পৰিৱেশে বিৰাজ কৰে যদিও এইবছৰ প্ৰচণ্ড গৰম অনুভৱ কৰে ৰাজ্যবাসীয়ে । দেখা গৈছে যে, যোৱা কেইদিনৰ গুৱাহাটীৰ বৰ্দ্ধিত তাপমাত্ৰাই পূৰ্বৰ অভিলেখ স্পৰ্শ কৰে । গুৱাহাটীত ২০২৩ চনৰ ৪ ছেপ্টেম্বৰ দিনটো আটাইতকৈ গৰমৰ দিন হিচাপে পৰিগণিত হৈছিল । এই দিনটোত ৩৮.২ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল ।

কিন্তু যোৱা দিন কেইটাত ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটী বৰ্দ্ধিত তাপমাত্ৰাই ২০২৩ চনৰ এই অভিলেখ স্পৰ্শ কৰে । তথ্য অনুসৰি, এইবাৰ ছেপ্টেম্বৰ মাহত পূৰ্ব বছৰবোৰৰ স্বাভাৱিক তাপমাত্ৰাতকৈ প্ৰায় ৫ পৰা ৭ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি পোৱা দেখা গৈছিল ।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version