5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

যোৱা নিশাও তিনি বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা…উভতাই পঠিয়ালে নিৰাপত্তা বাহিনীয়ে…

যোৱা নিশা অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা তিনি বাংলাদেশী নাগৰিকক আটক কৰি বিতাৰিত কৰে । জানিব পৰা মতে, সোমবাৰে নিশা এই তিনি গৰাকী বাংলাদেশীয়ে অবৈধভাৱে সীমা পৰা হৈ ভাৰতত প্ৰৱেশ কৰাৰ বাবে চেষ্টা চলাইছিল । কিন্তু তেওঁলোকৰ এই প্ৰচেষ্টা সম্পূৰ্ণৰূপে বিফল কৰে সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীয়ে ।

যোৱা নিশাও তিনি বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা…উভতাই পঠিয়ালে নিৰাপত্তা বাহিনীয়ে…
প্ৰতীকী ফটো
Follow Us
manas-borah
Manas Borah | Updated On: 24 Sep 2024 13:30 PM

ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী নাগৰিকক ধাৰাবাহিকভাৱে আটক কৰি বিতাৰিত কৰি আছে সীমান্ত সুৰক্ষা বাহিনীৰ লগতে অসম আৰক্ষীয়ে । চুবুৰীয়া বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে । একেদৰে অসম আৰক্ষীয়েও এই সময়ছোৱাত বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰৱেশত বাধা দিবলৈ অধিক সতৰ্কতা অৱলম্বন কৰিছে ।

সূত্ৰৰ খবৰ অনুসৰি, যোৱা নিশা অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা তিনি বাংলাদেশী নাগৰিকক আটক কৰি বিতাৰিত কৰে । জানিব পৰা মতে, সোমবাৰে নিশা এই তিনি গৰাকী বাংলাদেশীয়ে অবৈধভাৱে সীমা পৰা হৈ ভাৰতত প্ৰৱেশ কৰাৰ বাবে চেষ্টা চলাইছিল । কিন্তু তেওঁলোকৰ এই প্ৰচেষ্টা সম্পূৰ্ণৰূপে বিফল কৰে সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীয়ে ।

সূত্ৰই জানিবলৈ দিয়া মতে, অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা এই তিনি বাংলাদেশী নাগৰিকৰ ভিতৰত আছিল দুগৰাকী মহিলা আৰু এজন পুৰুষ । তেওঁলোকৰ নাম হৈছে আনোৱাৰ হুছেইন, নশ্ৰীন শ্বেখ আৰু বাবলী শ্বেইখ ।

উল্লেখ্য যে, অসমৰ কৰিমগঞ্জ, কাছাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাই বাংলাদেশৰ সৈতে ২৬৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ-বতৰা কৰিছে । উত্তৰ-পূবত মুঠ তিনিটা আইচিপি(Integrated Check Post) আছে । এটা চেক পোষ্ট কৰিমগঞ্জৰ সুতাৰকান্দিত থকাৰ বিপৰীতে বাকী দুটা মেঘালয়ৰ ডাউকী আৰু ত্ৰিপুৰাৰ আখৌৰাত আছে।

মন কৰিবলগীয়া যে, অসম আৰক্ষীয়ে দেওবাৰে নিশাও অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ চাৰিজন বাংলাদেশী নাগৰিকক আটক কৰে । এই অনুপ্ৰৱেশকাৰী কেইজনে অসমৰ কৰিমগঞ্জ ছেক্টৰে অসম তথা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল ।বাংলাদেশী কেইজনক আটক কৰাৰ পাছত প্ৰমাণ পত্ৰ পৰীক্ষা কৰা হয় আৰু পুনৰ বাংলাদেশলৈ বিতাৰিত কৰা হয় ।

যোৱা ২২ ছেপ্টেম্বৰ তাৰিখেও অসম আৰক্ষী আৰু সীমান্ত নিৰাপত্তা বাহিনীয়ে পৃথকে পৃথকে দুজন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছিল। চুবুৰীয়া ৰাষ্ট্ৰখনত অস্থিৰতা সৃষ্টি হোৱাৰ পাছৰে পৰা এতিয়ালৈকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা প্ৰায় ১০০ জনতকৈ অধিক বাংলাদেশী নাগৰিকক আটক কৰি বিতাৰিত কৰাৰ কথা জানিবলৈ দিছে বিষয়া সকলে ।

Latest News