30 October Assam serial blast: আজি অভিশপ্ত ৩০ অক্টোবৰ, ১৬ টা বছৰ অতিক্ৰম কৰিলে ৰাজ্য কঁপাই যোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই | assam serial blast complete 16 years 2008 assam serial blast guwahati Assam news - Assam Tv9

30 October Assam serial blast: আজি অভিশপ্ত ৩০ অক্টোবৰ, ১৬ টা বছৰ অতিক্ৰম কৰিলে ৰাজ্য কঁপাই যোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই

30 October Assam serial blast: ১৬ টা বছৰ অতিক্ৰম কৰিলে ৰাজ্য কঁপাই যোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই । ২০০৮ চনত আজিৰ দিনটোতেই সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটাই বহু নিৰীহলোকক হত্যা কৰিছিল। আজিও পংগুত্ব জীৱন যাপন কৰি আছে বহুতে।

30 October Assam serial blast: আজি অভিশপ্ত ৩০ অক্টোবৰ, ১৬ টা বছৰ অতিক্ৰম কৰিলে ৰাজ্য কঁপাই যোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই

অসমত ধাৰাবাহিক বোমা বিস্ফোৰণ ২০০৮

Updated On: 

30 Oct 2024 09:58 AM

আজি ৩০ অক্টোবৰ! অসমবাসীয়ে পাহৰিব নোৱাৰা এটা দিন। এই দিনটোতেই ২০০৮ চনত অসমত সংঘটিত  হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণে প্ৰাণ কাঢ়িছিল বহুলোকৰ। গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত সংঘটিত হোৱা বোমা বিস্ফোৰণে বহুলোকৰ জীৱন কাঢ়িছিল। আজিও ঘূণীয়া হৈ আছে বহুতো।এই ক’লা দিনটোত গুৱাহাটীত ৫টা, বৰপেটা ৰোডত ২টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত ২টাকৈ বিস্ফোৰণ সংঘটিত হৈছিল।

১৬ টা বছৰ অতিক্ৰম কৰিলে অভিশপ্ত ৩০ অক্টোবৰ। প্ৰতি বছৰৰ দৰে এইবাৰো অসমৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গণেশগুৰিতো বোমা বিস্ফোৰণত নিহতসকলক শ্ৰদ্ধা জনাবলৈ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অভিশপ্ত দিনটো সুঁৱৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে- ২০০৮ চনৰ আজিৰ দিনটো আছিল অসমৰ বাবে এটি কৰুণ তথা ক’লা দিন৷ ৰাজ্যৰ বিভিন্ন ঠাইত অপৰাধীয়ে বোমা বিস্ফোৰণ ঘটাই বহু নিৰীহ লোকক হত্যা কৰিছিল৷ বহুজন চিৰদিনৰ বাবে ঘুণীয়া হৈছিল৷ অসম বুলিয়েই নহয়, কোনো ঠাইতে কোনোকালে তেনে ঘটনাৰ পুনৰাবৃত্তি হ’ব নালাগে৷ সেই ভয়লগা দিনটোৰ স্মৃতিয়ে আমাক আজিও শংকিত কৰে৷ অন্তৰৰ গভীৰ কোণৰ পৰা সেই ঘটনাৰ বলি হৈ মৃত্যুবৰণ কৰা প্ৰতিজনকে গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ৷

উল্লেখ্য যে, ২০০৮ চনৰ ৩০ অক্টোবৰত ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাই তুলিছিল অসম। এই দিনটোত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাঠাইত সংঘটিত হৈছিল বোমা বিস্ফোৰণৰ ঘটনা। বড়ো উগ্ৰপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯টা স্থানত বিস্ফোৰণ সংঘটিত কৰিছল। সেই দিনোটক কঁপি উঠিছিল গুৱাহাটীৰ গণেশগুৰিকে ধৰি ফাঁচী বজাৰ, বৰপেটা ৰোড, কোকৰাঝাৰ আৰু বঙাইগাঁও। এই ভয়ংকৰ বিস্ফোৰণত ৮১ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৪৭০ জন লোক আহত হৈছিল।

৩০ অক্টোবৰ বোমা বিস্ফোৰণৰ মূল অভিযুক্তক শাস্তি বিহা হৈছিল যদিও ইয়াক লৈ সন্তুষ্ট নহয় অসমবাসী । অভিযুক্ত ৰঞ্জন দৈমাৰীৰ পৰিকল্পনা মতে সংঘটিত বোমা বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত চিবিআইয়ে ১৫ জনক গ্ৰেপ্তাৰ কৰিছিল। ২০১০ চনত গ্ৰেপ্তাৰ কৰা হৈছিল ৰঞ্জন দৈমাৰীক। দীৰ্ঘদিন ধৰি চলা তদন্তৰ অন্তত ২০১৮ চনৰ ২৯ জানুৱাৰীৰ গুৱাহাটীৰ বিশেষ আদালতে তেওঁৰ লগতে আন কেইজনমান দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। কিন্তু পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে ইয়াৰে কেইজনমানক দোষমুক্ত ঘোষণা কৰে।

দীপাৱলীত দেখা কি কি সপোনে আপোনাক ভাগ্য উদয়ৰ সংকেত দিব পাৰে জানক
দেৱালীত কৰক এই কাম, পূৰ্ণ হ'ব আপোনাৰ মনোকামনা...
শুৱাৰ সময়ত গাৰুৰ তলত তুলসী পাত ৰাখিলে কি হয় জানেনে?
দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!