বহি:ৰাজ্যৰ নিম্ন মানদণ্ডৰ কেঁচা পাতেৰে ভৰিছে বজাৰ, বিপদত ৰাজ্যৰ দুই লাখ ক্ষুদ্ৰ চাহ খেতিয়ক!

অসমৰ চাহে বিশ্বৰ বজাৰত সুকীয়া স্থান দখল কৰি আহিছে। ইফালে চাহ খেতিৰ জৰিয়তে পোনপটীয়াভাৱে ক্ষুদ্র চাহ খেতিত জড়িত থকা দুই লক্ষ্যাধিক নিৱনুৱাই স্বাৱলম্বনৰ ক্ষেত্ৰত এক আৰ্দশ দেখুৱাই আহিছে । কিন্তু দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ আহিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল।

বহি:ৰাজ্যৰ নিম্ন মানদণ্ডৰ কেঁচা পাতেৰে ভৰিছে বজাৰ, বিপদত ৰাজ্যৰ দুই লাখ ক্ষুদ্ৰ চাহ খেতিয়ক!
Updated On: 

15 Nov 2024 17:49 PM

অসম এখন কৃষি প্ৰধান ৰাজ্য। কৃষি জৰিয়তে অৰ্থনৈতিক ভেঢ়ি সৱল কৰা প্ৰচুৰ সম্ভাৱনা থকা এখন ৰাজ্য হৈছে অসম । এই সম্ভাৱনাৰ মুল অংশ হিচাপে বিশ্ব পৰিচিত চাহপাত। অসমৰ চাহে বিশ্বৰ বজাৰত সুকীয়া স্থান দখল কৰিছে। ইফালে চাহ খেতিৰ জৰিয়তে পোনপটীয়াভাৱে ক্ষুদ্র চাহ খেতিত জড়িত থকা দুই লক্ষ্যাধিক নিৱনুৱাই স্বাৱলম্বনৰ ক্ষেত্ৰত এক আৰ্দশ দেখুৱাই আহিছে । কিন্তু দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ আহিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল।

কৃষি ভিত্তিত গ্ৰাম্য অৰ্থনীতি সৱল কৰাত নিজস্বভাৱে দৃঢ় পদক্ষেপ লোৱা ক্ষুদ্র চাহ খেতিয়কসকল সম্প্ৰতি অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হৈছে ।কিয়নো বিশ্ব দৰবাৰত সুনাম থকা অসম চাহৰ মানদণ্ডৰ প্ৰতি ভাবুকি আনিছে বহি:ৰাজ্যত উৎপাদিত নিম্ন মানদণ্ডৰ কেঁচা পাতে। নিৱনুৱা সমস্যা সমাধানত আৰু নিজেই স্বাৱলম্বীতাৰ পথ দেখুওৱা এইসকল ক্ষুদ্র চাহ খেতিয়ক এতিয়া চৰম দুৰ্যোগৰ সন্মুখীন হৈছে। যাৰ বাবে তেওঁলোকে সমাধানৰ সুত্ৰ বিচাৰি এক প্ৰকাৰ হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি হৈছে।

ইয়াৰ মুলতে বটলিফ ফেক্টৰী মুনাফা আৰু চৰকাৰ কঠোৰ নীতি নিৰ্ধাৰণ কৰা ক্ষেত্ৰত ব্যৰ্থতা। অসম চাহৰ উৎপাদনত ৫২ শতাংশ অৱদান আগৱঢ়োৱা ক্ষুদ্ৰ চাহ খেতিকৰ বাবে বৰ্তমান হেঙাৰ হৈ পৰিছে বহি:ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডত উৎপাদিত চাহ। অৰুণাচল আৰু নাগালেণ্ডত কোনো টী বৰ্ড কাৰ্যালয় নথকাৰ উপৰিও কোনো সজাগতা ব্যৱস্থা নথকাৰ বাবে তাত উৎপাদিত চাহপাতত অত্যাধিক পৰিমাণৰ কীটনাশক ব্যৱহাৰ কৰা হৈছে। সেই দুখন ৰাজ্যত উৎপাদিত কেঁচা পাতেৰে অসমত ভৰি পৰিছে। অতি কম দামত অসমৰ বটলিফ ফেক্টৰীসমুহে ক্ৰয় কৰিছে চাহপাত । ফলত অসমৰ উৎপাদিত উচ্চ গুণাগুণযুক্ত পাত দাম হোৰাহোৰে কমিবলৈ আৰম্ভ কৰিছে।

ইফালে অৰুণাচল আৰু নাগালেণ্ডত উৎপাদিত কেচা চাহ পাতে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট,চৰাইদেউ,গোলাঘাট ,শিৱসাগৰ আদি জিলাত ভৰি পৰাত ক্ষুদ্র চাহ খেতিয়কসকলক যথেষ্ট ক্ষতি সাধন কৰিছে। লগতে টী বৰ্ডৰ সকলো নীতি-নিয়ম জলাঞ্জলি দি দুয়োখন পাহাৰীয়া ৰাজ্যৰ খেতিয়কে কেচাপাত অসমত বিক্ৰী কৰিছে। যাৰ ফলত বিশ্বত সুৰ্নাম থকা অসমৰ চাহৰ মানদণ্ড হ্ৰাস পাইছে বুলি ক্ষোভ উজাৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ৰাজ্যিক সভাপতি ৰাজেন বৰাই।

এই ক্ষেত্ৰত অসমৰ চাহ মানদণ্ডক লৈ হেতালি খেলা বটলিফ ফেক্টৰী সমুহক শীঘ্ৰে নিয়ন্ত্ৰণ কৰিবলৈ দাৱী জনাইছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। অনাৰ্থ্য ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই শীঘ্ৰে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ।

দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!
কোন আছিল ভগৱান কৃষ্ণৰ গুৰু, যাৰ পৰা ১৪টা বিদ্যা, ৬৪টা কলা শিকিছিল?
মহানগৰীৰ পাণ্ডুঘাটত SEAPLANEৰ পৰীক্ষণমূলক প্ৰদৰ্শন
বিলাহী খালে শৰীৰৰ কি কি উপকাৰ হয়?