Assam: নিবনুৱা পুত্ৰৰ জঘন্য কাণ্ড! অতি নৃশংসভাৱে হত্যা কৰিলে মাতৃক... | assam son killed mother in bokakhat arrested two by assam police Assam news - Assam Tv9

Assam: নিবনুৱা পুত্ৰৰ জঘন্য কাণ্ড! অতি নৃশংসভাৱে হত্যা কৰিলে মাতৃক…

Assam: ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। একাংশ পাষাণলোকে নিজৰ আপোনজনক হত্যা কৰিবলৈও কুণ্ঠবোধ নকৰে। এই এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে বোকাখাতৰ এখন গাঁৱত।

Assam: নিবনুৱা পুত্ৰৰ জঘন্য কাণ্ড! অতি নৃশংসভাৱে হত্যা কৰিলে মাতৃক...

বোকাখাত

Published: 

21 Oct 2024 10:46 AM

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। কিছুমান ঘটনা ইমানেই নৃশংস হয় যে সমগ্ৰ মানৱ জাতিক লজ্জিত কৰি তোলে। একাংশ মানুহ ইমানেই পাষাণ হৈ পৰিছে যে নিজৰ জন্মদাত্ৰী মাতৃৰ প্ৰাণ ল’বলৈও কুন্ঠাবোধ নকৰে। টকা, পইচা বা সুৰাৰ ৰাগীত মাতাল হৈ একাংশই নিজৰ আপোনজনক হত্যা কৰিবলৈ এবাৰ নাভাৱে! আবেগ -অনুভূতি, মৰম, শ্ৰদ্ধা যেন নাইকীয়া হৈ পৰিছে আজিৰ সমাজৰ পৰা। এনে এক ঘটনাই পুনৰ পোহৰলৈ আহিছে যিয়ে জনতাক ভাবিবলৈ বাধ্য কৰাই, কোন দিশে গৈ আছে মানৱ সমাজ।

এই অসমতে সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। দিনৰ দিনটো মাতৃয়ে কষ্ট কৰি দুবেলা দুমুঠিৰ যোগাৰ কৰে। কিন্তু সেই টকা কেইটাৰ লোভতে পুত্ৰই হত্যা কৰিলে নিজ মাতৃক। এই ঘটনা সংঘটিত হৈছে বোকাখাতৰ সাপজুৰি বঙালী গাঁৱত। দেওবাৰে নিশাৰ ভাগত এই গাঁৱত সংঘটিত হয় এক লোকহৰ্ষক হত্যাকাণ্ড। দুই পুত্ৰই মিলি হত্যা কৰে নিজ মাতৃক। ইতিমধ্যে মাতৃহন্তা দুই পুত্ৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি, বোকাখাতৰ সাপজুৰি বঙালী গাঁৱত দুই পুত্ৰৰ সৈতে বাস কৰে মাতৃ শেৱালী গগৈ বৰা। দিনৰ দিনটো বিভিন্ন ঠাইত কাম কৰি মাতৃয়ে কোনোমতে খোৱাৰ যোগাৰ কৰে। শেৱালী গগৈৰ ৩ পুত্ৰ আছে যদিও ডাঙৰ পূত্ৰ কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থাকে আৰু ২ পুত্ৰৰ সৈতে মাতৃয়ে এই  গাঁৱত বাস কৰে।

শেৱালী গগৈৰ সৰু পুত্ৰ চন্দন বৰা আৰু মাজু পুত্ৰ মামু বৰাই কোনো কাম- বন নকৰে। মাজে মাজে তেওঁলোকে চাহ বাগিচাৰ লেচীৰ নামত দালালী কৰি টকা ঘটে। এক কথাত মাতৃয়ে ঘৰৰ বাবে কোনোমতে উপাৰ্জন কৰি দুই পুত্ৰক পোহপাল দি আছিল। অকর্মণ্য দুই পুত্ৰই টকাৰ হৈ প্ৰায়ে মাতৃৰ সৈতে কাজিয়া কৰি আহিছিল।

দেওবাৰৰ দিনা কোনো কথাক লৈ চন্দন বৰা নামৰ যুৱকজনৰ মাতৃৰ সৈতে কাজিয়া লাগে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় মামু বৰা আৰু তেওঁৱো মাতৃৰ সৈতে কাজিয়াত লিপ্ত হয়। এই কাজিয়াৰ পৰিণতিতেই মাতৃক হত্যাৰ কৰাৰ অভিযোগ উঠিছে পুত্ৰৰ বিৰুদ্ধে। অভিযোগ অনুসৰি সৰু পুত্ৰ চন্দন বৰাই মাতৃক হত্যা কৰিছে। স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি, প্ৰায়ে দুই পুত্ৰই মাতৃৰ সৈতে কাজিয়াত লিপ্ত হয়।

এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে দুই পুত্ৰক। কিহৰ বাবে তিনিওৰে মাজত কাজিয়া লাগিছিল আৰু কোনে এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া তদন্তৰ অন্ততহে ওলাই পৰিব। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Latest Stories
Assam By Poll: অসম বিজেপিত অথন্তৰ! প্ৰাৰ্থিত্বক লৈ দল ত্যাগ প্ৰায় ৩০০ নেতা- কৰ্মীৰ
Badruddin Ajmal : ‘মুছলমানক কবৰ দিবলৈ ঠাই নোহোৱা হ’ব…’, বিস্ফোৰক মন্তব্য AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ
Assam: উপ-নিৰ্বাচনৰ ৪ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ, পিছে বিহালীয়ে জ্বলা-কলা খুৱাইছে বিৰোধিক
Assam: গুৱাহাটীৰ ঘৰৰ ভিতৰত উদ্ধাৰ মহিলাৰ নৰ কংকাল, পুত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশীক পুনৰ ঘূৰাই পঠোৱা হৈছে: আৰক্ষী, BSFক প্ৰশংসা মুখ্যমন্ত্ৰীৰ
ইণ্ডোনেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ
ঘৰৰ এই দিশত নাৰাখিব ঝাড়ু, জুৰুলা কৰিব আৰ্থিক সমস্যাই
এই ৪ ৰাশিৰ যুৱকে কেতিয়াও নকৰে বিশ্বাসঘাটকতা, সদায় পত্নীক ৰাখে সুখত...
ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!