Sonapur eviction: আজি সোণাপুৰত পুনৰ উচ্ছেদ অভিযানঃ ভাঙি পেলোৱা হ'ব অবৈধভাৱে নিৰ্মাণ হোৱা ২৫০ টা বাসগৃহ | assam sonapur kosutoli eviction today 250 houses will be demolished Assam news - Assam Tv9

Sonapur eviction: আজি সোণাপুৰত পুনৰ উচ্ছেদ অভিযানঃ ভাঙি পেলোৱা হ’ব অবৈধভাৱে নিৰ্মাণ হোৱা ২৫০ টা বাসগৃহ

Published: 

24 Sep 2024 10:01 AM

Sonapur eviction: আজি পুনৰ সোণাপুৰৰ কচুতলীত চলিব উচ্ছেদ অভিযান। কিছুদিন পূৰ্বে এই স্থানত চলা উচ্ছেদ অভিযানত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰক্ষীৰ গুলীত নিহত হৈছিল ২ জনলোক।

Sonapur eviction: আজি সোণাপুৰত পুনৰ উচ্ছেদ অভিযানঃ ভাঙি পেলোৱা হব অবৈধভাৱে নিৰ্মাণ হোৱা ২৫০ টা বাসগৃহ

সোণাপুৰত উচ্ছেদ ( প্ৰতীকি ফটো)

Follow Us On

মঙলবাৰে পুনৰ সোণাপুৰৰ কচুতলীত চলিব উচ্ছেদ অভিযান। ইতিমধ্যে এই ক্ষেত্ৰত সাজু লৈছে জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ। জানিব পৰা মতে আজি প্ৰশাসনে সোণাপুৰৰ ৬ টা স্থানত ২৫০ টা বাসগৃহ উচ্ছেদ কৰিব।  কিছুদিন পূৰ্বেই সোণাপুৰৰ কচুতলীত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছিল। উচ্ছেদক কেন্দ্ৰ কৰিয়েই ১২ ছেপ্টেম্বৰত ৰণক্ষেত্ৰলৈ পৰিণত হৈছিল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলী।  এই উচ্ছেদৰ সময়ত প্ৰশাসনে কেইবাটাও ঘৰ ভাঙি পেলোৱাৰ পাছতেই কিছুদিন পাছত একাংশ বেদখলকাৰীয়ে সেই স্থানৰ পৰা আঁতৰি গৈছিল।

১২ ছেপ্টেম্বৰৰ দিনা উচ্ছেদস্থলীৰ পৰিস্থিতি ইমানেই অনিয়ন্ত্ৰিত হৈ পৰে যে আৰক্ষীয়ে গুলীচালনা কৰিব লগা হয়। যাৰ ফলত ২ জন লোক নিহত হোৱাৰ লগতে আন কেইবাজন আহত হয়। এই ঘটনাত কেইবাগৰাকী আৰক্ষী বিষয়াও আহত গৈছিল। ইয়াৰ পাছতেই উচ্ছেদ সাময়িকভাৱে স্থগিত ৰাখি ১৩ ছেপ্টেম্বৰত সোণাপুৰৰ কচুতলী অঞ্চলৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ এলেকাত অবৈধভাৱে বাস কৰি থকা লোকসকলক ৩ দিনৰ ভিতৰতি ঘৰ খালী কৰাৰ বাবে জাননী দিছিল প্ৰশাসনে।

পৰৱৰ্তী সময়ত কচুতলীত চলা উচ্ছেদক প্ৰত্যাহ্বান জনাই ৫৫ টা পৰিয়াল কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। পৰিয়াল কেইটাই দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি বিষয়টোত হস্তক্ষেপ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু ৩০ ছেপ্টেম্বৰলৈ কচুতলীত উচ্ছেদ চলোৱাৰ ওপৰত বাধা আৰোপ কৰিছিল।  যি সকললোকে স্বাধীনতাৰ পূৰ্বে ম্যাদী ভূমি পট্টা লৈ এই স্থানত আছে তেওঁলোককহে উচ্ছেদ কৰিব নোৱাৰে বুলি কৈছিল ন্যায়ালয়ে।

কচুতলীত চলা উচ্ছেদৰ সমৰ্থন কৰিছিল সোণাপুৰৰ একাংশ ৰাইজে আৰু কিছুদিন পূৰ্বে পুনৰ উচ্ছেদৰ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকে কৈছিল যে ম্যাদী ভূমি পট্টা লৈ এই স্থানত থকা লোকসকলক লৈ তেওঁলোকৰ কোনো আপত্তি নাই। কিন্তু যি সকলে অবৈধভাৱে বা নথি পত্ৰ অবিহনে এই স্থান বেদখল কৰি আছে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে।

হাতে হাতে বৰঢোল, বৰতাল লৈ প্ৰতিবাদ কৰি খিলঞ্জীয়াসকলে কৈছিল যে চৰকাৰৰ সংৰক্ষিত জনজাতীয় এলেকাত থাকিব নোৱাৰে অন্য লোক। অবৈধভাৱে কচুতলী দখল কৰি থকা প্ৰতিগৰাকী লোককে উচ্ছেদৰ দাবী জনাইছিল স্থানীয়লোকে। লগতে উদ্বেগ প্ৰকাশ কৰিছিল যে একাংশলোকে অবৈধভাৱে কচুতলীত থাকি যাব।

ইয়াৰ পাছতেই আজি পুনৰ কচুতলীত চলিব উচ্ছেদ। কিছু সময় পাছতেই আৰম্ভ হ’বলগীয়া উচ্ছেদ অভিযানৰ বাবে প্ৰশাসনে সকলো প্ৰস্তুতি কৰিছে।  উচ্ছেদৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে নজৰ ৰাখিছে প্ৰশাসনে।  উচ্ছেদৰ পূৰ্বে কচুতলীত মোতায়েন কৰা হৈছে বৃহৎ নিৰাপত্তাৰক্ষীৰ দল।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version