নিয়মীয়াকৰণ হ’ব ৪৬৬৯ শিক্ষকৰ পদ: কি চৰ্ত বান্ধি দিলে চৰকাৰে, কেনেকৈ কৰিব আবেদন…

নতুন বছৰৰ পূৰ্বে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে ভাল খবৰ। কিয়নো চৰকাৰে নিয়মীয়াকৰণ কৰিব ৪৬৬৯ টা ঠিকাভিত্তিক শিক্ষকৰ পদ। ইয়াৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে চৰকাৰে।

নিয়মীয়াকৰণ হব ৪৬৬৯ শিক্ষকৰ পদ: কি চৰ্ত বান্ধি দিলে চৰকাৰে, কেনেকৈ কৰিব আবেদন...

নিয়মীয়াকৰণ হ’ব ৪৬৬৯ টা শিক্ষকৰ পদ

Published: 

02 Dec 2024 17:33 PM

নতুন বছৰৰ পূৰ্বেই ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে ভাল খবৰ। কিয়নো চৰকাৰে নিয়মীয়াকৰণ কৰিবলৈ ওলাইছে শিক্ষাভিত্তিক শিক্ষকৰ পদ। ইয়াৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে চৰকাৰে। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এক পোষ্ট কৰি ৰনোজ পেগুৱে জনাই যে, বিশেষ নিযুক্তিৰ অধীনত ৪৬৬৯ টা ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হ’ব। ইয়াৰ বাবে অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকসকলে ২ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব। অফলাইন আবেদন গ্ৰহণ কৰা নহয়।

 

কেনেকৈ কৰিব আবেদন

বিশেষ নিযুক্তিৰ অধীনত চৰকাৰে ৪৬৬৯ টা ঠিকাভিত্তিক পদ নিয়মীয়াকৰণ কৰিব বিচাৰিছে। ইয়াৰ বাবে অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলে ২ ডিচেম্বৰৰ পৰা অনলাইন আবেদন জনাব পাৰিব। আবেদন দাখিলৰ অন্তিম সময়সীমা ৮ ডিচেম্বৰ।  যোগ্য প্ৰাৰ্থীসকলে https://madhyamik.assam.gov.in  ৱেবচাইটৰ জৰিয়তে ইয়াৰ বাবে আবেদন জনাব পাৰিব।

আবেদন প্ৰক্ৰিয়া আজি দিনৰ ১১.৩০ বজাৰ পৰা আৰম্ভ হোৱাৰ লগতে ৮ ডিচেম্বৰৰ মাজনিশালৈ চলিব। সকলো আবেদন অনলাইনে গ্ৰহণ কৰা হ’ব। আবেদনৰ ক্ষেত্ৰত অফলাইনৰ কোনো ব্যৱস্থা নাই। ইয়াৰোপৰি যিকোনো কাৰণত মাধ্যমিক শিক্ষা সঞ্চালকে এই পদসমূহ বাতিল বা স্থগিত কৰাৰ অধিকাৰ লাভ কৰিব।

দৰমহা

শিক্ষামন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি ৩১- ১০-২০২৪ তাৰিখলৈ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক হিচাপে ৫ বছৰ সম্পূৰ্ণ কৰিব লাগিব। নিৰ্বাচিত প্ৰাৰ্থীৰ দৰমহা ১৪,০০০ ৰ পৰা ৭০,০০০ ভিতৰত হ’ব, লগতে গ্ৰেড পে হ’ব ৮৭০০।

উল্লেখ্য যে, প্ৰাৰ্থীসকলৰ বাবে চৰকাৰে বিশেষ কিছুমান চৰ্ত বান্ধি দিছে। ইয়াৰ অধীনত নিয়মীয়াকৰণ হোৱা শিক্ষকসকলক বেছিক দৰমহাৰ লগতে গ্ৰহণযোগ্য ভাত্তা প্ৰদান কৰা হ’ব। লগতে নিয়মীয়াকৰণৰ ১ বছৰৰ পাছতহে বৃদ্ধি পাব দৰমহা। কিন্তু প্ৰাৰ্থীসকলে পূৰ্বে কৰা কামৰ পে প্ৰটেকশ্যন দাবী জনাব নোৱাৰিব। ইয়াৰোপৰি কোনো ধৰণৰ ভৱিষ্য়ত নিধি সমৰ্থন গ্ৰহণযোগ্য নহয়। কেৱল ৰাজ্যিক এন পি এছ অৱদান আগবঢ়োৱা হব আৰু তেওঁলোকে OPS দাবী কৰিব নোৱাৰিব।

প্ৰাৰ্থীয়ে তেওঁৰ বৰ্তমানৰ বিদ্যালয়ৰ শিক্ষা সেতু আই ডি দিব লাগিব। ইয়াৰোপৰি প্ৰাৰ্থীয়ে যি পদত অতিৰিক্ত শিক্ষক হিচাপে আছিল সেই পদতে আবেদন কৰিব পাৰিব। আবেদনকাৰীসকলে অধিক তথ্যৰ বাবে DSE, assam ৰ অফিচিয়েল ৱেবচাইত https://madhyamik.assam.gov.in  ত চাব পাৰে। ইয়াৰ লগতে পৰৱৰ্তী সময়ত আৰু এনে বিশেষ নিযুক্তি প্ৰদান কৰা নহয় বুলি জাননীত স্পষ্ট কৰি দিয়ে।

খালী পেটত ইলাচী খালে কি হয় জানেনে? পঢ়ক বিশেষজ্ঞৰ মতামত
টেলিভিচনৰ পৰা বলীউডলৈ অনন্য যাত্ৰাৰে দৰ্শকৰ মন মোহা বিক্ৰান্তে সামৰিলে অভিনয় কেৰিয়াৰ
প্ৰথমে পাইছিল ৮০০ টকা দৰমহা! এতিয়া ইমান কোটি টকাৰ মালিক বিক্ৰান্ত মেছী...
১ টকীয়া মুদ্ৰা আৰু ৫০০ টকীয়া নোট ছপা কৰিলে কিমান খৰচ হয়? জানক...