Manipur Violence : হিংসাৰ জুইত জ্বলিছে মণিপুৰ ! সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কাছাৰ আৰক্ষীৰ…

অশান্ত মণিপুৰৰ পৰিস্থিতিয়ে যাতে অসম-মণিপুৰ সীমান্তত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে । মণিপুৰৰ হিংসাই যাতে কাছাৰ জিলাৰ অন্য়ান্য সীমান্তৱৰ্তী অঞ্চলত আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি নকৰে তাৰ বাবে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ।

Manipur Violence : হিংসাৰ জুইত জ্বলিছে মণিপুৰ ! সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কাছাৰ আৰক্ষীৰ...

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পিছত সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰিছে কাছাৰ আৰক্ষীয়ে

Updated On: 

19 Nov 2024 16:33 PM

জাতিগত হিংসাৰ জুইত জ্বলিছে মণিপুৰ । মে’ মাহৰ পৰা উমি উমি জ্বলি থকা জুইকুৰা যোৱা ১১ নৱেম্বৰৰ দিনটোৰ পৰা আকৌ জ্বলিবলৈ আৰম্ভ কৰিছে । শেহতীয়াকৈ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১০ জন সন্দেহযুক্ত উগ্ৰপন্থীৰ নিহত হোৱাৰ দিনটোৰ পাছত নিৰুদ্দেশ হৈ হোৱা শিশু-মহিলাকে ধৰি ৬ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ৰাজ্যখনৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে । ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাই অসম-মণিপুৰ সীমান্তৱৰ্তী অঞ্চল কাছাৰতো আতংকৰ সৃষ্টি কৰিছে ।

অশান্ত মণিপুৰৰ পৰিস্থিতিয়ে যাতে অসম-মণিপুৰ সীমান্তত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে । মণিপুৰৰ হিংসাই যাতে কাছাৰ জিলাৰ অন্য়ান্য সীমান্তৱৰ্তী অঞ্চলত আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি নকৰে তাৰ বাবে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে । উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশনাৰ পাছতে সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে অসম আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, অসম আৰক্ষী আৰু নিৰাপত্তাবাহিনীয়ে ২৪ ঘণ্টাই অসম-মণিপুৰ সীমান্ত নিৰীক্ষণ কৰি আছে ।

সূত্ৰই সদৰী কৰা মতে, মণিপুৰৰ হিংসাত্মক পৰিস্থিতি প্ৰভাৱ যাতে কাছাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত নপৰে তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে কাছাৰ আৰক্ষীয়ে । সীমান্তৱৰ্তী অঞ্চলত ২৪ ঘণ্টাই সক্ৰিয়া হৈ আছে আৰক্ষীৰ লগতে কমাণ্ডো বেটেলিয়ন ।

মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে গ্ৰহণ কৰাৰ ব্যৱস্থাৰ সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই জানিবলৈ দিছে যে, মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কঠোৰ নিৰ্দেশৰ পাছত কাছাৰ জিলাৰ সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে । কোনো অপশক্তিয়ে যাতে আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীৰ লগতে কমাণ্ডো বেটেলিয়নৰ জোৱানসকল অধিক সতৰ্ক হৈ আছে বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

উল্লেখ্য যে, কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে নিজেই সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হৈ পৰিস্থিতি বুজ লৈছে । তেওঁ জানিবলৈ দিছে যে, নিৰাপত্তাৰ ব্যৱস্থাৰ অংশ হিচাপে জিৰি নদীৰ লগতে বৰাক নদীটো পহৰাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে । তালাচী অভিযানো তীব্ৰতৰ কৰা হৈছে । লগতে আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰিবলৈ অপচেষ্টা কৰা লোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষী সাজু হৈ থকা বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

ঠাণ্ডা দিনত কমলা খাব লাগে নে নাই? কি কয় বিশেষজ্ঞই...
ভুলতো ঘৰত নাৰাখিব এইসমূহ দেৱ-দেৱীৰ মূৰ্তি বা প্ৰতিমা...
পৃথিৱীৰ এনে এখন দেশ, য’ত নাই এখনো কাৰাগাৰ! ক’ত ৰখা হৈছে বন্দীসকলক?
ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট