আজি টেট তথা নিযুক্তি পৰীক্ষা, ৰাজ্যৰ কিমান গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ?
আজি ৰাজ্যৰ ৯ খন জিলাত অনুষ্ঠিত হ'ব টেট তথা নিযুক্তি পৰীক্ষা । উল্লেখ্য যে, ৰাজ্যৰ এই ৯ খন জিলাৰ ১০১ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব টেট তথা নিযুক্তি পৰীক্ষা । জানিব পৰা মতে, স্নাতক শিক্ষক আৰু স্নানকোত্তৰ শিক্ষকৰ বাবে আজি ৬৯ হাজাৰতকৈ অধিক প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব ।
আজি ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তত্ত্বাৱধানত ৰাজ্যৰ ৯ খন জিলাত অনুষ্ঠিত হ’ব টেট তথা নিযুক্তি পৰীক্ষা । উল্লেখ্য যে, ৰাজ্যৰ এই ৯ খন জিলাৰ ১০১ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব টেট তথা নিযুক্তি পৰীক্ষা । জানিব পৰা মতে, স্নাতক শিক্ষকৰ বাবে ৩৯ হাজাৰ ২২৪ গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব । ইফালে স্নানকোত্তৰ শিক্ষকৰ বাবে মুঠ ৩০ হাজাৰ ৩৫৮ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ’ব বুলি জানিব পৰা গৈছে ।
ৰাজ্যৰ শিক্ষক নিযুক্তিৰ এই পৰীক্ষা পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব । পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ স্নাতক শিক্ষকৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে দুপৰীয়া ১.৩০ ৰ পৰা আবেলি ৪ বজালৈ স্নাতকোত্তৰ শিক্ষকৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব । জানিব পৰা মতে, ৰাজ্যৰ ৫৭ টা কেন্দ্ৰত স্নাতক শিক্ষক নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ৪৪ টা কেন্দ্ৰত স্নাতকোত্তৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব ।
My best wishes … pic.twitter.com/mJVeNU9AyE
— Ranoj Pegu (@ranojpeguassam) January 18, 2025
টেট পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন হৈছে-ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ, কামৰূপ, কামৰূপ মহানগৰ, কাছাৰ, নলবাৰী আৰু কোকৰাঝাৰ । উল্লেখ্য যে, কামৰূপ মহানগৰ জিলাৰ সৰ্বাধিক পৰীক্ষাৰ্থীয়ে এই টেট পৰীক্ষাত অৱতীৰ্ণ হ’ব । জিলাখনত স্নাতক শিক্ষকৰ বাবে ১১,৪৪৭ গৰাকী প্ৰাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে স্নানকোত্তৰ শিক্ষকৰ বাবে ৮৪৮৬ গৰাকী প্ৰাৰ্থীয়ে আজি অনুষ্ঠিত টেট পৰীক্ষাত অৱতীৰ্ণ হ’ব ।
ইফালে টেট তথা নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ শিক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে । তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে কয়, ‘টেট তথা নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো প্ৰাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পৰীক্ষাৰ্থীসকলে আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হওক আৰু যৎপৰোনাস্তি চেষ্টা কৰক ।’