২০৪১ চনলৈ মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ’ব অসম, ১০ বছৰত ৩০ শতাংশকৈ বৃদ্ধি পাইছে মুছলমান জনসংখ্যা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা | Assam to be Muslim majority state by 2041 says cm Himanta Biswa Sarma Assam news - Assam Tv9

২০৪১ চনলৈ মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ’ব অসম, ১০ বছৰত ৩০ শতাংশকৈ বৃদ্ধি পাইছে মুছলমান জনসংখ্যা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

19 Jul 2024 18:11 PM

"মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অসমত হিন্দুকৈ দুগুণ। প্ৰতি ১০ বছৰে মুছলমানৰ জনসংখ্যা বৃদ্ধি হয় ২৯-৩০ শতাংশ। অসমত প্ৰত্যেক ১০ বছৰত ২২ লাখকৈ বৃদ্ধি পাই আহিছে মুছলমানৰ জনসংখ্যা।হিন্দুৰ জনসংখ্যা হাৰ বৃদ্ধি হাৰ ১৬ শতাংশ"।

২০৪১ চনলৈ মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ’ব অসম, ১০ বছৰত ৩০ শতাংশকৈ বৃদ্ধি পাইছে মুছলমান জনসংখ্যা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Follow Us On

পুনৰ অসমৰ জনসংখ্যাক লৈ সৰৱ হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,”২০৪১ চনলৈ মুছলমান সংখ্যাগৰিষ্ঠ হ’ব, তাত কোনেও বাধা দি ৰাখিব নোৱাৰে। ২০১১ ৰ পৰা দ্ৰুত গতিত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অসমত হিন্দুকৈ দুগুণ। প্ৰতি ১০ বছৰে মুছলমানৰ জনসংখ্যা বৃদ্ধি হয় ২৯-৩০ শতাংশ। অসমত প্ৰত্যেক ১০ বছৰত ২২ লাখকৈ বৃদ্ধি পাই আহিছে মুছলমানৰ জনসংখ্যা।হিন্দুৰ জনসংখ্যা হাৰ বৃদ্ধি হাৰ ১৬ শতাংশ”।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে , ‘এই তথ্য মোৰ নহয়, এই তথ্য ভাৰতীয় পিয়লত প্ৰকাশ পাইছে । জনসংখ্যা নিয়ন্ত্ৰণ উপায় সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্ন উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় -পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত চৰ অঞ্চলত সজাগতা আনি কি লাভ হ’ব? মোৰ কথা মুছলমানে নুশুনে, মোক শত্ৰু জ্ঞান কৰে৷’ এই ক্ষেত্ৰত ৰাহুল গান্ধীক নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেচেদৰ বনাব লাগে বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ‘যদি ৰাহুল গন্ধীয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেচেদৰ হয় তেন্তে সোনকালেই এই কাম হ’ব। মুছলমানে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ কথা শুনিব, মোদীৰ কথা নুশুনে’।

ইয়াৰ উপৰিও এইবাৰ ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য অসম চৰকাৰৰ। ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ অমৃত বৃক্ষ আন্দোলনৰে ৰোপণ কৰা হ’ব এই গছপুলিসমূহ। অনাগত তিনি বছৰত ৰোপণ কৰা হ’ব ১০ কোটি গছপুলি।
ইয়াকে লৈ সংবাদমেলত মুখ্যমন্ত্ৰী কয় যে, “১ কোটি গছপুলি আমি ৰুইছিলো, তাৰে ৯০% গছপুলি জীয়াই আছে । ৯০% গছপুলি আমি বচাবলৈ সক্ষম হৈছিলো। অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোৰ পৰা আমি বহুত শিকিলোঁ। এইবাৰ ৩ কোটি গছপুলি ৰোপন কৰিব চৰকাৰে। ১-১৫ আগষ্টলৈ আমি অমৃত বৃক্ষ আন্দোলনেৰে আমি গছপুলি ৰোপণ কৰিম। অনাগত তিনি বছৰত আমি ১০ কোটি গছপুলি ৰোপণ কৰিম।”

ইয়াৰ লগতে চৰকাৰী বনভূমিৰ পৰা ১০ হাজাৰ হেক্টৰ ভূমি আমি বিগত ৩ বছৰত উদ্ধাৰ কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ব্ৰহ্মপুত্ৰত যাহ যোৱা ভূমি উদ্ধাৰৰ কথাও সদৰি কৰে। লগতে চৰাইদেউ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ’ল। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাজুলীলৈ দল আমি বনালো। গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজৰ দলঙৰ কথা বেলেগে ক’লে আমি বনালো।”

NRLৰ নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় ‘হাতীৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব বিভাগে। বন্যপ্ৰাণী সুৰক্ষা আইনমতে ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। বাল্য বিৱাহক লৈ মুখ্যমন্ত্ৰীয়ে কয়, ‘বাল্য বিৱাহৰ বিৰুদ্ধে লোৱা পদক্ষেপক ৮১% লোকে আদৰণি জনাইছে’৷

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version