শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উন্নত সংযোগ লাভ কৰিব অসমে ! কেন্দ্ৰৰ ৮০ হাজাৰ কোটি টকীয়াৰ পথ প্ৰকল্পৰ ভিতৰত কি কি আছে ?

ৰাজ্যৰ পথ প্ৰকল্পৰ বাবে ৮০ হাজাৰ কোটি টকা খৰচ কৰিব কেন্দ্ৰই । কেন্দ্ৰীয় চৰকাৰে অসমত আৰম্ভ কৰিবলগীয়া এই প্ৰকল্পবোৰৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ তলত সুৰংগ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে এলিভেটেড কৰিড’ৰ আৰু গুৱাহাটী ৰিং ৰোডকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প।

উন্নত সংযোগ লাভ কৰিব অসমে ! কেন্দ্ৰৰ ৮০ হাজাৰ কোটি টকীয়াৰ পথ প্ৰকল্পৰ ভিতৰত কি কি আছে ?
অসমত আৰম্ভ হব ৮০ হাজাৰ কোটি টকাৰ পথ প্ৰকল্প
manas-borah
Manas Borah | Updated On: 26 Feb 2025 20:16 PM

অসমত শীঘ্ৰে ৮০ হাজাৰ কোটি টকাৰ পথ প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি সদৰী কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে । পিছে কেন্দ্ৰৰ এই ধন ৰাশি কি কি প্ৰকল্পত খৰচ হ’ব ? কেন্দ্ৰীয় চৰকাৰে অসমত আৰম্ভ কৰিবলগীয়া এই প্ৰকল্পবোৰৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ তলত সুৰংগ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে এলিভেটেড কৰিড’ৰ আৰু গুৱাহাটী ৰিং ৰোডকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প।

এডভান্টেজ আছাম ২.০ ব্যৱসায়িক সন্মিলনত পথ, ৰে’লৱে আৰু নদীৰ আন্তঃগাঁথনিৰ ওপৰত অনুষ্ঠিত এক অধিৱেশনত ভিডিঅ’ বাৰ্তা জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কয় যে, তেওঁৰ মন্ত্ৰালয়ৰ অধীনত ২০২৯ চনৰ ভিতৰত অসমত সম্পূৰ্ণ হ’ব ৩ লাখ কোটি টকাৰ প্ৰকল্প কাম । ৰাজ্যত ইতিমধ্যে ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম চলি আছে আৰু এই প্ৰকল্পসমূহ বিভিন্ন পৰ্যায়ত আছে বুলি সদৰী কৰিছে নীতিন গাডকাৰীয়ে ।

ইয়াৰ সমান্তৰালভাৱে গাডকাৰীয়ে কয় যে, এই প্ৰকল্পসমূহৰ ভিতৰত এনে প্ৰকল্পও অন্তৰ্ভুক্ত আছে, যিয়ে ৰাজ্যৰ ভিতৰত সংযোগ উন্নত কৰাই নহয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ সৈতে পথ সংযোগ বৃদ্ধি কৰিব। গাডকাৰীয়ে স্পষ্টভাৱে কয় যে, ৰাজ্যত আৰু ৮০ হাজাৰ কোটি টকাৰ প্ৰকল্প আৰম্ভ হ’ব গৈ আছে ।

বাঁহ ভিত্তিক উদ্যোগৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনাক আলোকপাত কৰাৰ লগতে গাডকাৰীয়ে ইন্ধন উৎপাদন আৰু অন্যান্য অৰ্থনৈতিক খণ্ডত অসমৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে। গাডকাৰীয়ে দাবী কৰে যে, ৰাজ্য চৰকাৰে দাবী কৰা প্ৰায় সকলো প্ৰকল্পতে তেওঁৰ মন্ত্ৰালয়ৰ সমৰ্থন আছে । “ৰাজ্যৰ উন্নয়নৰ বাবে আন্তঃগাঁথনি অতি প্ৰয়োজনীয়। সংযোগৰ উন্নতিৰ লগে লগে অন্যান্য খণ্ডসমূহো লাভৱান হ’ব।” এইদৰে কয় নীতিন গাডকাৰীয়ে ।

এক চৰকাৰী বিবৃতিত কোৱা হৈছে, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে এক বিশেষ ভিডিঅ’ বাৰ্তাযোগে ৫৫ হাজাৰ ১৭৯ কোটি টকাৰ অসমকেন্দ্ৰিক কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কথা আনুষ্ঠানিকভাবে ঘোষণা কৰে। এই প্রকল্পসমূহৰ ভিতৰত ৫৮০০ কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্রকল্প ।

একেদৰে এই প্ৰকল্পৰ ভিতৰত আছে- ২৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী-পঞ্চগ্রাম পথ প্রকল্প, ৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কাজিৰঙা এলিভেটেড ক’ৰিডৰ, প্ৰায় ১৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ গহপুৰ-নুমলীগড় সুৰংগ প্রকল্প, ভৈৰৱকুণ্ড হৈ জাগীৰোড আৰু ভূটান সংযোগী ৩,২২৫ কোটি টকা ব্যয় সাপেক্ষ এটা নতুন পথ আৰু কামাখ্যা ৰে’লৱে ষ্টেচনক কামাখ্যা মন্দিৰৰ সৈতে সংযোগ কৰা ৰ’পৱে প্ৰকল্প অন্যতম।