অসমত আৰম্ভ হ’ব উত্তৰ-পূবৰ প্ৰথমটো পাম্প ষ্ট’ৰেজ প্ৰজেক্ট…

গ্ৰীণকো গ্ৰুপৰ বিনিয়োগেৰে অসমত উত্তৰ-পূবৰ প্ৰথমটো পাম্প ষ্ট’ৰেজ প্ৰজেক্ট (পিএছপি) আৰম্ভ হ'বলৈ গৈ আছে । এই প্ৰকল্পৰ দ্বাৰা গ্ৰীডৰ ষ্টেবিলিটি নিশ্চিত কৰাৰ লগতে বিদ্যুতৰ শীৰ্ষ চাহিদা পূৰণৰ বাবে নতুন জলবিদ্যুৎ সংৰক্ষণ ব্যৱস্থা কৰা হ'ব।

অসমত আৰম্ভ হব উত্তৰ-পূবৰ প্ৰথমটো পাম্প ষ্ট’ৰেজ প্ৰজেক্ট...

গ্ৰীণকো গ্ৰুপৰ সৈতে মুখ্যমন্ত্ৰীৰ

Published: 

15 Apr 2025 12:36 PM

অসমত আৰম্ভ হ’বলৈ গৈ আছে উত্তৰ-পূবৰ প্ৰথমটো পাম্পড ষ্ট’ৰেজ প্ৰজেক্ট (PSP) । এই প্ৰকল্পটো হৈছে গ্ৰীডৰ ষ্টেবিলিটি নিশ্চিত আৰু শক্তিৰ চাহিদা পূৰণৰ বাবে ডিজাইন কৰা নতুন জলবিদ্যুৎ সংৰক্ষণ ব্যৱস্থা। এই প্ৰকল্প শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হৈছে । জানিব পৰা মতে, এই প্ৰকল্পটো ৰাজ্যখনত গ্ৰীণকো গ্ৰুপৰ ১২ হাজাৰ কোটি টকাৰ বিনিয়োগৰ অংশ।

উল্লেখ্য যে, এডভান্টেজ আছাম ২.০ ৰ সময়ত বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল গ্ৰীণকো গ্ৰুপে । শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোম্পানীটোৰ সৈতে এই বিষয়ত পৰ্যালোচনা আৰু সময়সীমা চূড়ান্ত কৰাৰ বাবে এক বৈঠক অনুষ্ঠিত কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্য়মৰ জৰিয়তে জানিবলৈ দিছে যে, চলিত বৰ্ষৰ ভিতৰতে এই প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

সামাজিক মাধ্যম এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “এডভান্টেজ আছাম ২.০ ৰ সময়ত দিয়া বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত গ্ৰীণকো গ্ৰুপৰ সৈতে এক বৈঠক হৈছিল। আমি আশা কৰিছো যে, ১২ হাজাৰ কোটিতকৈ অধিক টকাৰ শক্তি সম্পৰ্কীয় প্ৰকল্পৰ কাম আৰম্ভ হ’ব।”

তেওঁ কয় যে, গ্ৰীণকো গ্ৰুপৰ এটা প্ৰচেষ্টা হৈছে উত্তৰ-পূবৰ প্ৰথমটো পাম্প ষ্ট’ৰেজ প্ৰজেক্ট (পিএছপি) আৰম্ভ কৰা । এই প্ৰকল্পৰ দ্বাৰা গ্ৰীডৰ ষ্টেবিলিটি নিশ্চিত কৰাৰ লগতে বিদ্যুতৰ শীৰ্ষ চাহিদা পূৰণৰ বাবে নতুন জলবিদ্যুৎ সংৰক্ষণ ব্যৱস্থা কৰা।

Related Stories
Assam Panchayat Elections 2025: পঞ্চায়ত নিৰ্বাচনৰ ৩৪৮ খন আসনত নহয় প্ৰতিদ্বন্দ্বিতা ! NDA অগ্ৰগতিক লৈ ডাঙৰ দাবী মুখ্যমন্ত্ৰীৰ
বৃদ্ধি পাব পাৰে অমৃতপাল সিঙৰ বন্দিত্বৰ সময় সীমা
কংগ্ৰেছ দলত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰ্যকৰ্তাৰ অভাৱ… কিয় এই মন্তব্য কৰিলে প্রাক্তন সাংসদ পল্লৱ লোচন দাসে?
Latasil Bihu 2025: কোনে অৰ্জন কৰিলে ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ? পুৰস্কাৰস্বৰূপে কি কি লাভ ‘বিহু সম্ৰাজ্ঞী’ৰ?
কংগ্ৰেছে অসমক বদনাম কৰিবলৈ চেষ্টা কৰে নেকি ? সাংঘাতিক ধৰণে হোৱা নাই মনোনয়ন প্ৰত্যাহাৰ ! কংগ্ৰেছৰ অভিযোগক লৈ কি প্ৰতিক্ৰিয়া মুখ্য়মন্ত্ৰীৰ ?
মই আদেশ দিছো, দিগন্ত ভাৰতীক অপমান কৰাসকলে ক্ষমা খুজিব লাগিবঃ জুবিন গাৰ্গ
গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক