শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিনটোৰ আৰম্ভণি কৰক গুৰুত্বপূৰ্ণ এই খবৰৰ সৈতে…

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে দল সংগঠন। ইয়াৰ বিপৰীতে কংগ্ৰেছত বৃদ্ধি পাইছে দলীয় সংঘাত। দলটোৰ বহু সদস্যই পদত্যাগ কৰাৰ খবৰ আহি পৰিছে।

দিনটোৰ আৰম্ভণি কৰক গুৰুত্বপূৰ্ণ এই খবৰৰ সৈতে…
পুৱাৰ খবৰ
barasha-sarma
Barasha Sarma | Published: 11 Apr 2025 07:49 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন। ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত সংঘাত পৰিলক্ষিত হয়। প্ৰাৰ্থিত্বকেন্দ্ৰিক বিতৰ্কৰ বাবে বহু কংগ্ৰেছী দল ত্যাগ কৰাৰ লগতে একাংশ কাজিয়াত লিপ্ত হয়।
  2. শিক্ষাসেতু এপত উপস্থিতি দিব নোৱাৰা শিক্ষকৰ দৰমহা কৰ্তন। ৩৮৭ গৰাকী মাধ্যমিক শিক্ষকৰ দৰমহা কৰ্তন।
  3. অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত চৰকাৰে বাংলাদেশৰ বাবে ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা বাতিল কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। শেহতীয়াকৈ চৰকাৰে লোৱা সিদ্ধান্তৰ ফলত ভাৰতৰ মাজেৰে ব্যৱসায় কৰিব নোৱাৰিব বাংলাদেশে।
  4. মুম্বাই ২৬/১১ ৰ অভিযুক্ত তাহাউৰ ৰাণাক গ্ৰেপ্তাৰ নিয়াৰ। বিশেষ বিমানযোগে কালি ভাৰতত উপস্থিত হোৱাৰ পাছতে ৰাণাক গ্ৰেপ্তাৰ কৰা হয়।
  5. ট্ৰাম্পৰ শুল্ক নীতিয়ে সমস্যাত পেলাইছে বিশ্বৰ বহু দেশক। ইয়াকে লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে ভাৰতকে ধৰি ৭৫ খনতকৈ অধিক দেশত ৯০ দিনৰ বাবে নতুন শুল্ক নিৰিখৰ পৰা ৰেহাই দিয়া হৈছে।
  6. পুনৰ এবাৰ চেন্নাই চুপাৰ কিংছৰ অধিনায়কৰ দায়িত্ব মহেন্দ্ৰ সিং ধোনীৰ হাতত। আই পি এল ২০২৫ ত চি এছ কেৰ দুৰ্বল প্ৰদৰ্শনৰ পাছতে এই সিদ্ধান্ত।
  7. ক’ভিড ১৯ৰ পাছত বিগত ৫ বছৰত অসমে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অর্থাৎ জি এছ ডি পি(স্থিৰ মূল্য)ৰ বৃদ্ধিৰ গড় হাৰ ৭% কৰিবলৈ সক্ষম হৈছে। এই বৃদ্ধিৰ হাৰে অসমক অৰ্থনৈতিক পুনৰুদ্ধাৰৰ ক্ষেত্রত ভাৰতৰ শীৰ্ষ তিনি ৰাজ্যৰ ভিতৰত স্থান দখলতো সহায় কৰিছে।