Extortion : আলফাৰ নামত ধন দাবী, তিনিচুকীয়াত দুজনক আটক…

ফি'লবাৰী আৰু ডুমডুমা অঞ্চলৰ বহু ব্যৱসায়ীক ধন দাবীৰে জড়িত দুজনক আটক কৰা হৈছে । জানিব পৰা মতে, অক্টোবৰ মাহত ফি'লবাৰী আৰু ডুমডুমা অঞ্চলত ধন দাবীৰ অভিযোগ উত্থাপন হৈছিল । এই অভিযোগৰ পাছতে তিনিচুকীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ।

Extortion : আলফাৰ নামত ধন দাবী, তিনিচুকীয়াত দুজনক আটক...

আলফাৰ নাম ধন দাবী অভিযোগত দুজনক আটক

Published: 

12 Nov 2024 18:30 PM

আলফাৰ নামত ধন দাবী অভিযোগত তিনিচুকীয়াত দুজন লোকক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি,এই লোক দুজন জিলাখনৰ ফি’লবাৰী আৰু ডুমডুমা অঞ্চলৰ বহু ব্যৱসায়ীক ধন দাবীৰে জড়িত আছিল বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, অক্টোবৰ মাহত ফি’লবাৰী আৰু ডুমডুমা অঞ্চলত ধন দাবীৰ অভিযোগ উত্থাপন হৈছিল । এই অভিযোগৰ পাছতে তিনিচুকীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ।

এই তদন্তৰ অংশ হিচাপে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত আৰক্ষী আৰু সেনাৰ সহযোগত যোৱা নিশা এক অভিযান চলোৱা হয় । শেহতীয়াকৈ চলোৱা এই অভিযানত লোক দুজনক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে । জানিব পৰা মতে, কিছুদিনৰ পৰা উত্থাপিত ধন দাবীৰ অভিযোগৰ তদন্ত অব্য়াহত ৰাখিছিল তিনিচুকীয়া আৰক্ষীয়ে ।

আটক কৰা লোক দুজনৰ নাম হৈছে অপূৰ্ব মৰাণ উৰফে মিদু অসম(৩০ বছৰ) আৰু অভিজিৎ মৰাণ(৩৩ বছৰ) । ধন দাবীৰ অভিযোগত আটক কৰা এই দুয়োজন তিনিচুকীয়া জিলাৰ ফি’লবাৰী থানা অন্তৰ্গত গুটিবাৰীত বুলি জানিব পৰা গৈছে । ধৃত দুই যুৱকে ইতিমধ্যে আৰক্ষীৰ ওচৰত আলফা(স্বা)ৰ নামত ব্যৱসায়ী, হিন্দীভাষী লোকৰ পৰা ধন দাবী কৰাৰ কথা স্বীকাৰ কৰিছে বুলি সূত্ৰই জানিবলৈ দিছে ।

উল্লেখ্য যে, আটক কৰা দুই যুৱকৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনত নথি-পত্ৰ জব্দ কৰিছে । মনকৰিবলগীয়া যে, আলফা(স্বা)নামত ধন দাবী গোচৰত আৰক্ষীৰ জালত পৰা অপূৰ্ব মৰাণ এগৰাকী আত্মসমৰ্পণকাৰী আলফা বুলি জানিব পৰা গৈছে ।

ইফালে, ফি’লবাৰী আৰক্ষীৰ থানাত দুয়োজনৰ বিৰুদ্ধে ৩৪/২০২৪ নম্বৰত ইউ/এছ ৬১(২)/ ৩১৯(২)/৩০৮(৪) বিএনএছ ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে । যোৱা এমাহত এই দুই যুৱকে দুজন ব্যৱসায়ীক ধন দাবী কৰাৰ কথা স্বীকাৰ কৰিছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্য়াহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

NASAৰ মহাকাশচাৰীসকলে কিমান দৰমহা লাভ কৰে?
ফ্ৰিজৰ ওপৰত ভুলতেও নাৰাখিব এইসমূহ বস্তু, আৰম্ভ হ'ব বেয়া দিন!
ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...