শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্ৰীভূমিত পুনৰ দুই বাংলাদেশীক আটক, অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত কি ক’লে মুখ্য়মন্ত্ৰীয়ে ?

শেহতীয়াকৈ পুনৰ অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই বাংলাদেশীক আটক কৰে আৰক্ষীয়ে । ইফালে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

শ্ৰীভূমিত পুনৰ দুই বাংলাদেশীক আটক, অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত কি ক’লে মুখ্য়মন্ত্ৰীয়ে ?
অনুপ্ৰৱেশ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?
manas-borah
Manas Borah | Published: 04 Feb 2025 19:13 PM

প্ৰত্যেক দিনে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী নাগৰিকক বাধা প্ৰদান কৰি আহিছে অসম আৰক্ষীয়ে । চুবুৰীয়া বাংলাদেশৰ ৰাজনৈতি অস্থিৰতা সৃষ্টি হোৱাৰে প্ৰায়ে প্ৰতিদিনে বাংলাদেশীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলাই আহিছে । ইফালে এই অনুপ্ৰৱেশত বাধা দিবৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে । ইয়াৰ অংশ হিচাপে শেহতীয়াকৈ পুনৰ অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই বাংলাদেশীক আটক কৰে আৰক্ষীয়ে । ইফালে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে অনুপ্ৰৱেশকাৰী আটক কৰা তথ্য় প্ৰকাশ কৰাৰ লগতে এইলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, শ্ৰীভূমি জিলাৰ পৰা অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই বাংলাদেশীক আটক কৰে আৰক্ষীয়ে । ইয়াৰ লগতে দুই অনুপ্ৰৱেশকাৰীক পৰিচয় পৰীক্ষা কৰাৰ অন্তত পুনৰ চুবুৰীয়া দেশখনৰ কৰ্তৃপক্ষক গতাই দিয়ে আৰক্ষীয়ে ।

এই তথ্য প্ৰকাশ কৰাৰ লগতে কোনো অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যই ৰাজ্যৰ আৰক্ষীয়ে অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক প্ৰতিফলিত কৰিছে ।

এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয় ,”অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে কোনো ঠাই নাই ! অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰি শ্ৰীভূমি আৰক্ষীয়ে ২ জন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰে।” মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, অনুপ্ৰৱেশকাৰী দুজনৰ নাম মুহিদা বিবি আৰু মহম্মদ কৌছাৰ । “আমি কোনো অবৈধ অনুপ্ৰৱেশকাৰীক অসমত সোমাবলৈ নিদিওঁ!” লগতে এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে, অসমৰ দিশৰ পৰা এতিয়ালৈকে ২২০ জনৰো অধিক অনুপ্ৰৱেশকাৰীক আটক কৰি পুনৰ বিতাৰিত কৰা হৈছে । লগতে যোৱা বছৰ চুবুৰীয়া দেশখনত অস্থিৰতা সৃষ্টি হোৱাৰ পাছৰে পৰা উত্তৰ-পূবৰ ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।