5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কাছাৰত ১৫ কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছ জব্দ, আটক দুই সৰবৰাহকাৰী…

অসম আৰক্ষীয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কাছাৰ জিলাত এক ড্ৰাগছ বিৰোধী অভিযান চলাইছিল । এই অভিযান কালত ড্ৰাগছ সহ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অভিযোগত দুজন লোকক আটক কৰে আৰক্ষীয়ে ।

কাছাৰত ১৫ কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছ জব্দ, আটক দুই সৰবৰাহকাৰী…
কাছাৰত ১৫ কোটি টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ
Follow Us
manas-borah
Manas Borah | Published: 21 Sep 2024 12:38 PM

মিজোৰামৰ পাছত অসম আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চলোৱা অভিযানত ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । সূত্ৰৰ খবৰ অনুসৰি, অসম আৰক্ষীয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কাছাৰ জিলাত এক ড্ৰাগছ বিৰোধী অভিযান চলাইছিল । এই অভিযান কালত ড্ৰাগছ সহ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অভিযোগত দুজন লোকক আটক কৰে আৰক্ষীয়ে ।

কাছাৰ আৰক্ষীয়ে চলোৱা এই অভিযান কালত প্ৰথমে এখন সন্দেহজনক ট্ৰাক আটক কৰে আৰক্ষীয়ে । ইয়াৰ পাছতে ট্ৰাকখনত পুংখানুপুংখভাৱে তালাচী চলোৱা হয় । এই তালাচীত আৰক্ষীয়ে প্ৰায় ১৫.৫ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱাৰ কথা সদৰী কৰিছে সূত্ৰটোৱে । জানিব পৰা মতে, ট্ৰাকখনৰ পৰা ১৮ হাজাৰ য়াবা(YABA) টেবলেট আৰু ২ কেজি ক্রিষ্টলাইন মেথামফেটামাইন জব্দ কৰে আৰক্ষীয়ে ৷

ইফালে সামাজিক মাধ্যমৰ জৰিয়তে এই সফলতাৰ বাবে কাছাৰ আৰক্ষীক প্ৰশংসা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কাছাৰ আৰক্ষীৰ এই অভিযানক এক ‘সফল’ অভিযান বুলি অভিহিত কৰে । ইয়াৰ লগতে দুই সৰবৰাহকাৰীক আটক কৰাৰ লগতে ১৫.৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

মিজোৰামত ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ

ইফালে, সীমান্ত সুৰক্ষা বাহিনীয়ে মিজোৰামৰ ভাৰত-বাংলাদেশ সীমান্তত প্ৰায় ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । সূত্ৰ অনুসৰি, সীমান্তত অভিযান চলাই প্ৰায় চাৰি লাখ য়াবা (YABA) টেবলেট জব্দ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে । জানিব পৰা মতে,বৃহস্পতিবাৰে সীমান্তৰক্ষী বাহিনীৰ জোৱানে মিজোৰাম আৰক্ষীৰ সৈতে আইজল জিলাৰ চেলিং চহৰৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক যৌথ অভিযান চলাইছিল । এই অভিযানৰ সময়ত সীমান্ত সুৰক্ষা বাহিনীয়ে এখন ট্ৰাক আটক কৰে ।

উক্ত ট্ৰাকখনত তালাচী চলাই সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আৰু আৰক্ষীয়ে মুঠ ৪০টা পেকেটত প্ৰায় ৪০ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । সূত্ৰই সদৰী কৰা মতে, আচলতে এই নিচাযুক্ত দ্ৰব্যখিনি ম্যানমাৰত প্ৰস্তুত কৰা হয় । চীনৰ পৰা আমদানি কৰা কেঁচামাল ব্যৱহাৰ কৰি ম্যানমাৰৰ ৰাসায়নিক পৰীক্ষাগাৰত প্ৰস্তুত কৰা হয় এইধৰণৰ নিচাযুক্ত দ্ৰব্য় । ইয়াৰ পাছত বেলেগ বেলেগ সীমান্তৰ পৰা বা ভাৰতৰ মাজেৰে বাংলাদেশলৈ নিচাজাতীয় দ্ৰব্য চোৰাংভাৱে সৰবৰাহ কৰা হয় ।

Latest News