ৰাজ্যৰ দুখনকৈ পঞ্চায়তক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে ‘ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা’ , কিয় বিশেষ এই দুয়োখন গাঁও পঞ্চায়ত?
এয়া অসমৰ বাবে এক মাইলৰ খুঁটি । নতুন দিল্লীত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মুৱে সন্মানীয় ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা ২০২৪ প্ৰদান কৰে। নতুন দিল্লীত মাজুলীৰ জেংৰাই গাঁও পঞ্চায়তে ৰাষ্ট্ৰপতিৰ ৰা গ্ৰহণ কৰিলে "ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা-২০২৪" । বঁটাত আছে ট্ৰফি, মান পত্ৰ আৰু আৰ্থিক পেকেজ।
ব্যতিক্ৰমী গ্ৰাম্য উন্নয়ন প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰীয় সন্মান লাভ কৰে ৰাজ্যৰ দুখনকৈ গ্ৰাম পঞ্চায়তে। এয়া অসমৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি । নতুন দিল্লীত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মুৱে সন্মানীয় ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা ২০২৪ প্ৰদান কৰে। নতুন দিল্লীত মাজুলীৰ জেংৰাই গাঁও পঞ্চায়তে ৰাষ্ট্ৰপতিৰ ৰা গ্ৰহণ কৰিলে “ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা-২০২৪” (National panchyat award 2024) । বঁটাত আছে ট্ৰফি, মানপত্ৰ আৰু আৰ্থিক পেকেজ।
Huge congratulations to all the former officials and dignitaries associated with Jengrai GP of Majuli and Bebejia Demow Bangthau GP of Nagaon on winning the National Panchayat Awards 2024!
This prestigious award recognizes your outstanding contributions to rural development,… pic.twitter.com/DwzektI862
— Ranjeet Kumar Dass (@RanjeetkrDass) December 11, 2024
শিশু অনুকূল শিতানত দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ আগবঢ়োৱা হৈছে মাজুলীৰ জেংৰাইমুখ গাঁও পঞ্চায়তলৈ। দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰষ্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে মাজুলী জিলাৰ অন্তৰ্গত জেংৰাই গাঁও পঞ্চায়তক। লগতে পঞ্চায়তটোৱে শিশু অনুকূল পঞ্চায়তৰ শিতানত লাভ কৰিছে ১ কোটি টকাৰ বঁটা। শিশুৰ পুষ্টি আৰু বিকাশৰ লগতে প্ৰাৰম্ভিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাক লৈ পঞ্চায়তটোৱে লাভ কৰিছে এই বঁটা। গাঁও পঞ্চায়তটোৰ মুখ্য সফল পদক্ষেপবোৰৰ ভিতৰত আছে শিশু শ্ৰমিক আৰু শিশু নিৰ্যাতন নিৰ্মূল কৰা, ২১ খন প্ৰাথমিক বিদ্যালয় স্থাপন কৰা, আৰু ৭ খন খেলপথাৰ সৃষ্টি কৰা যি স্থানীয় শিশুসকলৰ বাবে ব্যাপক শৈক্ষিক আৰু মনোৰঞ্জনৰ সুযোগ প্ৰদান কৰিছে।
একেদৰে, নগাঁও জিলাৰ অন্তৰ্গত বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তক নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰষ্কাৰ প্ৰদান কৰা হৈছে । শ্ৰেষ্ঠ গাঁও পঞ্চায়ত হোৱাৰ বাবে পঞ্চায়তটোৱে ১.২৫ কোটি টকাৰ বঁটা লাভ কৰিছে। খাগৰিজন পঞ্চায়ত সমিতিৰ অধীনৰ ছয়খন গাঁও সামৰি এই পঞ্চায়টোৱে উল্লেখযোগ্য গ্ৰাম্য উন্নয়নমুলক পদক্ষেপ গ্ৰহণ কৰিছে। দুয়োখন পঞ্চায়তৰ হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা এই বঁটা গ্ৰহণ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কীৰ্তি জলী আৰু অতিৰিক্ত আয়ুক্ত শ্ৰী জয়ন্ত গোস্বামীয়ে। বঁটা গ্ৰহণৰ বাবে যোৱা প্ৰতিনিধি দলটোত আছিল সচিবসহ উজনি মাজুলী খণ্ড ৰ খণ্ড উন্নয়ন বিষয়া ৰোহিতেশ্বৰ শইকীয়া, প্ৰাক্তন সভানেত্ৰী ৰিংকু পেগু দলে,সচিব ধৰ্মকান্ত দাস আদি।
ইয়াৰ উপৰিও ত্ৰিপুৰাৰ ৭টা গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ বাবে নিৰ্বাচিত হৈছিল। দীন দয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ বাবে ৰাজ্যখনৰ বেটচেৰা, ৰাজকং, দেববাৰী আৰু দক্ষিণ মনুবংকুল পঞ্চায়তক নিৰ্বাচিত কৰা হৈছিল। একেদৰে, অমৰপুৰ আৰু গুমটি গাঁও পঞ্চায়তক নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰষ্কাৰৰ বাবে নিৰ্বাচিতকৰণৰ সমান্তৰালকৈ ঠাকচৰা গাঁও পঞ্চায়তক গ্ৰাম উৰ্জা স্বৰাজ বিশেষ পঞ্চায়ত পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হয়।
উল্লেখ্য যে পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১১ ডিচেম্বৰ, বুধবাৰে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান অনুষ্ঠান-২০২৪ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে বহনক্ষম আৰু সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত দৃষ্টান্তমূলক অৱদানক স্বীকৃতি জনাই ভিন্ন শিতানৰ ৪৫ পঞ্চায়তক ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান কৰে। এই শ্ৰেণীসমূহৰ ভিতৰত দীন দয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ, নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ, গ্ৰাম উৰ্জা স্বৰাজ বিশেষ পঞ্চায়ত পুৰস্কাৰ, কাৰ্বন নিউট্ৰল বিশেষ পঞ্চায়ত পুৰস্কাৰ আৰু পঞ্চায়ত ক্ষমতা নিপ্মাণ সৰ্বোত্তম সংস্থান পুৰস্কাৰ আদি অন্তৰ্ভুক্ত আছিল ।