5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সাৱধান! ঘূৰ্ণীবতাহ ‘লোপাৰ’ৰ বাবে হাই এলাৰ্ট জাৰি; প্ৰভাৱ পৰিবনে অসমত?

বংগ উপসাগৰত উৎপত্তি হোৱা নিম্ন চাপৰ ঘূৰ্ণীবতাহ লোপাৰে ক্ৰমাৎ ধুমুহাৰ ৰূপ লৈছে আৰু শেহতীয়া ৬ ঘণ্টাৰ ভিতৰত ঘণ্টাত প্ৰায় ৭ কিলোমিটাৰ বেগত পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ তীব্ৰবেগেৰে গতি কৰিছে। এনে অৱস্থাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী।

সাৱধান! ঘূৰ্ণীবতাহ ‘লোপাৰ’ৰ বাবে হাই এলাৰ্ট জাৰি; প্ৰভাৱ পৰিবনে অসমত?
অসমতো পৰিব লোপাৰৰ প্ৰভাৱ
monjit-dutta
Monjit Dutta | Published: 20 Jul 2024 09:27 AM

বাৰিষাৰ মাজভাগত দেশত আঘাত হানিছে আন এক প্ৰবল ঘূৰ্ণীবতাহে। বংগ উপসাগৰত উৎপত্তি হোৱা এই নিম্ন চাপৰ ঘূৰ্ণীবতাহে সম্প্ৰতি ধুমুহাৰ ৰূপ লৈছে। এই ধুমুহাক ‘লোপাৰ’ হিচাপে নামাকৰণ কৰা হৈছে। উৰিষ্যা আৰু ইয়াৰ কাষৰীয়া উত্তৰ অন্ধ্ৰ প্ৰদেশৰ উপকূলৰ উত্তৰ-পশ্চিম আৰু পশ্চিম-মধ্য বংগ উপসাগৰত সৃষ্টি হোৱা এই ধুমুহাই শেহতীয়া ৬ ঘণ্টাৰ ভিতৰত ঘণ্টাত প্ৰায় ৭ কিলোমিটাৰ বেগত পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ তীব্ৰবেগেৰে গতি কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অৱশ্যে অহা ২৪ ঘণ্টাৰ ভিতৰত এই ধুমুহা ক্ৰমান্বয়ে দুৰ্বল হৈ পৰাৰ সম্ভাৱনা আছে। লগতে এই ধুমুহা উৰিষ্যা আৰু ছত্তীশগড়ৰ ওপৰেৰে পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিব আৰু আগন্তুক ২-৩ দিনত এই ধুমুহা স্বাভাৱিক অৱস্থানৰ দক্ষিণে থকাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে।

বিভাগে লগতে আগন্তুক ৫ দিনৰ ভিতৰত কিছু অঞ্চলত ধুমুহা, বজ্ৰপাতৰ লগতে মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে বুলিও প্ৰকাশ কৰিছে। তথ্য অনুসৰি, আজি কংকন আৰু গোৱা, মধ্য মহাৰাষ্ট্ৰ, তেলেংগানা, দক্ষিণ কৰ্ণাটক, উপকূলীয় কৰ্ণাটক, বিদৰ্ভৰ বিচ্ছিন্ন স্থানত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে ২১ জুলাইত গুজৰাটত আৰু ২২ জুলাইত সৌৰাষ্ট্ৰ, কুচ্চত বৰষুণৰ সম্ভাৱনা আছে।

অহা ৫ দিনৰ ভিতৰত কংকন আৰু গোৱা, মধ্য মহাৰাষ্ট্ৰ, গুজৰাট, উপকূলীয় আৰু দক্ষিণ কৰ্ণাটকৰ কিছুমান অঞ্চলত; ২০-২১ জুলাইৰ ভিতৰত কেৰালা আৰু মাহে, তেলেংগানাত; ২০ জুলাইত উপকূলীয় অন্ধ্ৰ প্ৰদেশ আৰু য়নম, তামিলনাডু, উৰিষ্যা, বিদৰ্ভ, ছত্তীশগড়, মৰথৱাড়াত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি বিভাগে জানিবলৈ দিছে।

ইফালে উত্তৰ-পশ্চিম ভাৰতৰ হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পূব ৰাজস্থান, হাৰিয়ানা-চণ্ডীগড়-দিল্লীত ধুমুহা-বজ্ৰপাতৰ লগতে মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। অহা ৫ দিনৰ ভিতৰত জম্মু-কাশ্মীৰ-লাডাখ-গিলগীত-বাল্টিস্তান-মুজাফ্ফৰাবাদ, পঞ্জাৱ, উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম ৰাজস্থানত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে।

লোপাৰৰ এই প্ৰভাৱ আগন্তুক ৪-৫ দিনত অসমতো পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অসমত লোপাৰৰ ফলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। অসমৰ লগতে উত্তৰ-পূবৰ আনকেইখন ৰাজ্য নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু মেঘালয়তো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

Latest News