5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam weather : অসমত আগন্তুক ২টা দিনত ৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা!

Assam weather: প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এক ভয়ংকৰ তথ্য। কিয়নো আগন্তুক ২ টা দিনত বৃদ্ধি হ'ব পাৰে গৰমৰ প্ৰকোপ। কিছু কিছু ঠাইত ৪০ ডিগ্ৰীৰো অধিক পৰ্যন্ত হ'ব পাৰে তাপমাত্ৰা।

barasha-sarma
Barasha Sarma | Updated On: 22 Sep 2024 20:19 PM
প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। বিগত কেইটামান ধৰি গৰমৰ মাত্ৰা বৃদ্ধি পোৱাত ই জনসাধাৰণৰ বাবে সমস্যা হৈ পৰিছে। ৩৮ পৰ্যন্ত হৈছেগৈ গৰমৰ প্ৰকোপ। যাৰ ফলত ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

1 / 5
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক ৪৮ ঘন্টা পৰ্যন্ত অসমত গৰম কম হোৱাৰ কোনো লক্ষণ নাই। ইয়াৰ বিপৰীতে সাধাৰণতকৈ  ৪ ৰ পৰা ৫ ডিগ্ৰী চেলছিয়াছ  বৃদ্ধি পাব তাপমাত্ৰা।  অৱশ্যে ইয়াৰ মাজতে কিছু কিছু অংশত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

2 / 5
অৱশ্যে ৪৮ ঘন্টা পাছত বতৰ কিছু সলনি হ'ব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে প্ৰচণ্ড গৰমৰ বাবে আজি যোৰহাটত এজন যুৱকে প্ৰাণো হেৰুৱাইছে। গতিকে সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক ২ টা দিনত তাপমাত্ৰা কোনো কোনো অঞ্চলক ৩৮ ডিগ্ৰী পৰ্যন্তৰো অধিক হোৱাৰ সম্ভাৱণা আছে।

3 / 5
গৰমৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰ তথা প্ৰশাসনে বিদ্যালয়সমূহৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্দেশনা অনুসৰি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব পাঠদান। ইয়াৰ বিপৰীতে পিছবেলাৰ পৰীক্ষাসমূহো পিছুৱাই দিয়া হৈছে।

4 / 5
আগন্তুক ২টা দিন গৰমে ভয়াবহ ৰূপ ধাৰণ কৰিব। এনে সময়ত বতৰ বিজ্ঞান কেন্দ্ৰই জনতাক পাতল কাপোৰ পৰিধান কৰাৰ লগতে ৰ'দত কমকৈ ওলাবলৈ আহ্বান জনাইছে। ইয়াৰোপৰি পানী, জুচ আদিৰ দৰে পানীয় খাই থাকিবলৈ আহ্বান জনাইছে। শ্ৰমিকসকলকো বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

5 / 5
Follow Us
Latest Stories