Assam weather : অসমত আগন্তুক ২টা দিনত ৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা! | assam weather update next 48 hours no rain 20 sept assam Assam news - Assam Tv9

Assam weather : অসমত আগন্তুক ২টা দিনত ৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা!

Updated On: 

22 Sep 2024 20:19 PM

Assam weather: প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এক ভয়ংকৰ তথ্য। কিয়নো আগন্তুক ২ টা দিনত বৃদ্ধি হ'ব পাৰে গৰমৰ প্ৰকোপ। কিছু কিছু ঠাইত ৪০ ডিগ্ৰীৰো অধিক পৰ্যন্ত হ'ব পাৰে তাপমাত্ৰা।

1 / 5প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। বিগত কেইটামান ধৰি গৰমৰ মাত্ৰা বৃদ্ধি পোৱাত ই জনসাধাৰণৰ বাবে সমস্যা হৈ পৰিছে। ৩৮ পৰ্যন্ত হৈছেগৈ গৰমৰ প্ৰকোপ। যাৰ ফলত ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। বিগত কেইটামান ধৰি গৰমৰ মাত্ৰা বৃদ্ধি পোৱাত ই জনসাধাৰণৰ বাবে সমস্যা হৈ পৰিছে। ৩৮ পৰ্যন্ত হৈছেগৈ গৰমৰ প্ৰকোপ। যাৰ ফলত ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

2 / 5

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক ৪৮ ঘন্টা পৰ্যন্ত অসমত গৰম কম হোৱাৰ কোনো লক্ষণ নাই। ইয়াৰ বিপৰীতে সাধাৰণতকৈ ৪ ৰ পৰা ৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাব তাপমাত্ৰা। অৱশ্যে ইয়াৰ মাজতে কিছু কিছু অংশত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

3 / 5

অৱশ্যে ৪৮ ঘন্টা পাছত বতৰ কিছু সলনি হ'ব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে প্ৰচণ্ড গৰমৰ বাবে আজি যোৰহাটত এজন যুৱকে প্ৰাণো হেৰুৱাইছে। গতিকে সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক ২ টা দিনত তাপমাত্ৰা কোনো কোনো অঞ্চলক ৩৮ ডিগ্ৰী পৰ্যন্তৰো অধিক হোৱাৰ সম্ভাৱণা আছে।

4 / 5

দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, গোৱালাপাৰা, বৰপেটা জিলাত আজি Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

5 / 5

আগন্তুক ২টা দিন গৰমে ভয়াবহ ৰূপ ধাৰণ কৰিব। এনে সময়ত বতৰ বিজ্ঞান কেন্দ্ৰই জনতাক পাতল কাপোৰ পৰিধান কৰাৰ লগতে ৰ'দত কমকৈ ওলাবলৈ আহ্বান জনাইছে। ইয়াৰোপৰি পানী, জুচ আদিৰ দৰে পানীয় খাই থাকিবলৈ আহ্বান জনাইছে। শ্ৰমিকসকলকো বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক