5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অপেক্ষাৰ অন্তত এজাক বৰষুণ…ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে হালধীয়া সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ !

আগন্তুক ২৪ ঘণ্টাৰ বাবে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে হালধীয়া সতৰ্কবাণী(Yellow Alert) জাৰি কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰ তথ্য অনুসৰি, ৰাজ্যৰ ১৬ খনৰ জিলাত আগন্তুক ২৪ ঘণ্টাত জুলী-ঢেৰেকনিৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

অপেক্ষাৰ অন্তত এজাক বৰষুণ…ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে হালধীয়া সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ !
বতৰৰ সতৰ্কবাণী
Follow Us
manas-borah
Manas Borah | Updated On: 24 Sep 2024 00:02 AM

প্ৰচণ্ড গৰমৰ মাজতে এজাক বৰষুণৰ বাবে অপেক্ষা কৰি আছে ৰাজ্যবাসীয়ে । ইয়াৰ মাজতে আজি আবেলি গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে ধুমুহা-বৰষুণ হোৱা দেখা যায় । আবেলি অহা বৰষুণজাকৰ বাবে কিছু সকাহ পালে গুৱাহাটীবাসীয়ে । ইফালে যোৱা দেওবাৰৰ দিনটোত ৰাজ্যৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ হৈছিল যদিও প্ৰচণ্ড গৰমৰ বাবে এজাক বৰষুণৰ অপেক্ষাত আছিল ৰাজ্যবাসী ।

ইয়াৰ মাজতে আগন্তুক ২৪ ঘণ্টাৰ বাবে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে হালধীয়া সতৰ্কবাণী(Yellow Alert) জাৰি কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰ তথ্য অনুসৰি, ৰাজ্যৰ ১৬ খন জিলাত আগন্তুক ২৪ ঘণ্টাত জুলী-ঢেৰেকনিৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে । হালধীয়া সতৰ্কবাণী জাৰি কৰা এই ১৬ খন জিলা হৈছে কামৰূপ মহানগৰ জিলা, কামৰূপ গ্ৰাম্য জিলা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাছাৰ, কোকৰাঝাৰ, গোৱালপাৰা, মৰিগাঁও, নগাঁও, যোৰহাট, শিৱসাগৰ, চৰাইদেও, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা ।

তথ্য অনুসৰি, ইয়াৰ ভিতৰত গোৱালপাৰা জিলাত ২৪ ছেপ্টেম্বৰলৈ হালধীয়া সতৰ্কবাণী জাৰি কৰাৰ লগতে কোকৰাঝাৰ আৰু কাছাৰ জিলাত ২৫ ছেপ্টেম্বৰলৈ,কামৰূপ গ্রাম্যত ২৬ ছেপ্টেম্বৰলৈ হালধীয়া সতৰ্কবাণী জাৰি কৰিছে । একেদৰে গুৱাহাটী মহানগৰীত পুনৰ ২৬ ছেপ্টেম্বৰৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

উল্লেখ্য যে,ছেপ্টেম্বৰ মাহৰ শেষফালে উত্তৰ-পূবৰ ৰাজ্যখনত নাতিশীতোষ্ণ পৰিৱেশে বিৰাজ কৰে যদিও এইবছৰ প্ৰচণ্ড গৰম অনুভৱ কৰে ৰাজ্যবাসীয়ে । দেখা গৈছে যে, যোৱা কেইদিনৰ বৰ্দ্ধিত তাপমাত্ৰাই পূৰ্বৰ অভিলেখ স্পৰ্শ কৰিছে । এই সময়ছোৱাত পূৰ্ব বছৰবোৰৰ স্বাভাৱিক তাপমাত্ৰাতকৈ প্ৰায় ৫ পৰা ৭ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে । ইফালে প্ৰকাশিত খবৰ অনুসৰি, যোৱা ২৪ ঘণ্টাত গৰম সহ্য কৰিব নোৱাৰি ৩ জন লোকৰ মৃত্যু হৈছে ।

Latest News