Assam by election: উপ- নিৰ্বাচনৰ পূৰ্বে অগপত সংঘাত, প্ৰাৰ্থিত্ব প্ৰদানক লৈ বিসম্বাদ
AGP: অসম বিধানসভাৰ উপ-নিৰ্বাচনক লৈ অসম গন পৰিষদৰ প্ৰাৰ্থীৰ মাজত দেখা দিছে সংঘাতে। একাংশই বিচাৰিছে ফনীভূষণ চৌধুৰীৰ পত্নীয়ে লাভ কৰক প্ৰাৰ্থিত্ব আৰু আন একাংইশ বিচাৰিছে অগপৰ জিলা সম্পাদক শৈলেন সৰকাৰক দিয়ক প্ৰাৰ্থিত্ব।
ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ- নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতেই এতিয়া ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়াত। অহা ১৩ নৱেম্বৰত অসমৰ ৫ সমষ্টিত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। কিন্তু প্ৰাৰ্থিত্ব নিৰ্বাচিত কৰাক লৈ এতিয়া অসম গন পৰিষদৰ মাজত উদ্ভৱ হৈছে জটিল পৰিস্থিতিৰ। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অষ্টমবাৰৰ বাবে বঙাইগাঁও সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফনীভূষণ চৌধুৰী। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ফনীভূষণ চৌধুৰীয়ে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই এই আসনখন খালী হৈ আছে। যাৰ বাবে এই সমষ্টিত উপ- নিৰ্বাচন অনুষ্ঠিত হ’ব।
ফনীভূষণ চৌধুৰীৰ দুৰ্গ ৰূপে পৰিচিত এই সমষ্টিটোত অগপৰ প্ৰাৰ্থী নিৰ্বাচনক লৈ এতিয়া দেখা দিছে সংঘাত। কিয়নো একাংশই বিচাৰিছে এই সমষ্টিটোত ফনীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময় চৌধুীৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে আনহাতে একাংশই বিচাৰিছে দলটোৰ জিলা সাধাৰণ সম্পাদক শৈলেন চৰকাৰ হওক বিধায়ক পদৰ প্ৰাৰ্থী।
জানিব পৰা মতে ১৯ খন আঞ্চলিকৰ ১৭ খন আঞ্চলিকে বিচাৰে ফনীভূষণ চৌধুৰীৰ পত্নীয়ে লাভ কৰিব লাগে প্ৰাৰ্থিত্ব। ইয়াৰ বিপৰীতে অগপৰ জিলা সাধাৰণ সম্পাদক শৈলেন সৰকাৰে নিজৰ স্থিতিত অটল থাকি কয় যে, যিকোনো পধ্যেই তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ’বই।
উপ- নিৰ্বাচনৰ পূৰ্বে দলটোৰ মাজত দেখা দিয়া এই সংকট মষিমূৰ কৰাৰ চেষ্টা কৰিছে মন্ত্ৰী অতুল বৰাই। তেওঁ কয় যে, দলটোক সুসংগঠিত কৰিবলৈ, জনসংযোগ বৃদ্ধি কৰিবলৈ পূৰ্বৰ পৰা কাম কৰি থকা হৈছে। বঙাইগাঁও অসম গন পৰিষদৰ দুৰ্গ সদৃশ। ২০২১ চনত ফনীভূষন চৌধুৰীয়ে বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা অষ্টমবাৰৰ বাবে জয়ী হৈছিল আৰু বিধায়ক লৈ থাকোতে লোকসভা নিৰ্বাচনত তেওঁ বৰপেটা সমষ্টিৰ পৰা তেওঁ সাংসদ হয়। মিত্ৰজোঁটৰ সমৰ্থন, আমাৰ দলৰ তৎপৰতাত তেওঁ সাংসদ নিৰ্বাচিত হয়।
প্ৰাৰ্থী সন্দৰ্ভত বৰাই কয় যে, ৫ সমষ্টিৰ নিৰ্বাচনত কেৱল বঙাইগাঁৱতে অগপৰ প্ৰাৰ্থী থাকিব। কিন্তু এতিয়ালৈকে প্ৰাৰ্থী ঠিক হোৱা নাই ।এই ক্ষেত্ৰত সকলোৰে লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। এটা কথা ঠিক যে বিপুল ভোটত বঙাইগাঁৱত অগপ জয়ী হ’ব।
শৈলেন সৰকাৰৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক বিতৰ্ক সন্দৰ্ভত বৰাই কয় যে, যেতিয়া নিৰ্বাচন আহে বহুতে প্ৰাৰ্থী হ’ব বিচাৰে। এয়া ভাল কথা। প্ৰাৰ্থিত্ব নিৰ্বাচন সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। এটা কথা স্পষ্ট যে, আমি ঐক্যবদ্ধ আৰু আমাৰ দলত কোনো বিসম্বাদ নাই। গতিকে সকলোৰে লগত মত বিনিময় কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
ইয়াৰ বিপৰীত প্ৰাৰ্থিত্ব বিচাৰি নিজৰ স্থিতিত অটল হৈ থকা শৈলেন সৰকাৰে কয় যে, মই নিৰ্বাচনত অৱতীৰ্ণ হ’ম। যদি দলে টিকট নিদিয়ে তেন্তে নিৰ্দলীয় হিচাপে খেলিম। অন্য বহু দলে মোক যোগাযোগ কৰি আছে। গতিকে মই নিৰ্বাচনত অৱতীৰ্ণ হোৱাতো খাটাং।
দুই প্ৰাৰ্থীৰ মাজৰ যুঁজখনে এতিয়া বিপদ মাতি আনিছে অগপলৈ। উল্লেখ কৰা প্ৰয়োজন যে, অগপৰ বাবে অতি প্ৰয়োজনীয় বঙাইগাঁও সমষ্টি। বছৰ বছৰ ধৰি ফনীভূষণ চৌধুৰীয়ে এই সমষ্টিটোত ৰাজত্ব চলাই আহিছে। বিগত কেইটামান দিন ধৰি এই সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদানক লৈ এখন শীতল যুদ্ধ চলি আছিল। কিন্তু এই যুদ্ধৰ এতিয়া বহিঃপ্ৰকাশ ঘটিছে আৰু এক প্ৰকাৰ বিভেদৰ সৃষ্টি হৈছে দলটোৰ মাজত। গতিকে অগপৰ নেতৃত্বই কেনেকৈ সংঘাত নিৰ্মূল কৰে সেয়া সময়ত লক্ষণীয় হ’ব।