বেংগালুৰুত ৰহস্যজনক অৱস্থাত অসমৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ…
ৰহস্যজনত অৱস্থাত উদ্ধাৰ হৈছে অসমৰ এগৰাকী ১৯ বছৰীয়া যুৱতীৰ মৃতদেহ । ইন্দিৰানগৰ এটা চাৰ্ভিচ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ । ইতিমধ্যে এই তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে ।
বেংগালুৰুত ৰহস্যজনত অৱস্থাত উদ্ধাৰ হৈছে অসমৰ এগৰাকী ১৯ বছৰীয়া যুৱতীৰ মৃতদেহ । ইন্দিৰানগৰ এটা চাৰ্ভিচ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ । ইতিমধ্যে এই তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে । অসমৰ যুৱতী গৰাকীৰ নাম হৈছে মায়া গগৈ । ইফালে যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে কেৰালাৰ কান্নুৰৰ নিবাসী ২১ বছৰীয়া আৰাৱ হাৰ্নিয়ে নামৰ এজন পুৰুষ বন্ধুৱে যুৱতী গৰাকীক ছুৰীকাঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । সূত্ৰ খবৰ অনুসৰি, বৰ্তমান পলাতক অৱস্থাত আছে আৰাৱ হাৰ্নিয় ।
আৰক্ষীয়ে জনোৱা মতে, ইউটিউব কন্টেন্ট ক্ৰিয়েটৰ গগৈয়ে জয়নগৰৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল আৰু তেওঁ এইচ এছ আৰ লে’-আউটত বাস কৰিছিল । জানিব পৰা মতে, যুৱকজন যুৱতী গৰাকীৰ সৈতে যোৱা তিনিদিন ধৰি চাৰ্ভিচ এপাৰ্টমেণ্টত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে আৰু তেওঁৰ মৃতদেহ আংশিকভাৱে পচি গৈছে।
এপাৰ্টমেণ্টটোৰ চিচিটিভি ফুটেজত দেখা গৈছে যে, মহিলাগৰাকী আৰু সন্দেহজনক লোকজনে ২৩ নৱেম্বৰত এপাৰ্টমেণ্টটোত উপস্থিত হৈছিল।মহিলাগৰাকীক হত্যা কৰাৰ পিছত তেওঁ পলায়ন কৰা বুলি অভিযোগ উঠিছে। চাৰ্ভিচ এপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে কোঠাটোৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধৰ বিষয়ে আৰক্ষীক জনোৱাৰ পিছত ফৰেনছিক দলৰ সৈতে আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়।
আৰক্ষীৰ মতে, মৃতদেহত একাধিক আঘাতৰ চিন আছিল, যিটো ছুৰীৰে আঘাত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । লগতে যুৱতী গৰাকী মূৰত আঘাত পোৱা বুলি সদৰী কৰিছে আৰক্ষীয়ে । প্ৰাথমিক তদন্তৰ উদ্ধৃতি দি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়,’২৩ নৱেম্বৰৰ নিশা ১২:২৮ বজাত দুয়োজনে লজ (চাৰ্ভিচ এপাৰ্টমেণ্ট)ত প্ৰৱেশ কৰিছিল। আজি পুৱা ৮:১৯ বজাত সন্দেহজনক লোকজন লজৰ পৰা ওলাই যায়।’
আজি পুৱা ৮.৩০ বজাত চাৰ্ভিচ এপাৰ্টমেণ্টৰ পৰা ওলাই অহাৰ পিছত হাৰ্নিয়ে ওচৰৰ এলেকা এটালৈ গৈ মোবাইল ফোনটো বন্ধ কৰি দিয়ে বুলিও আৰক্ষীয়ে জানিবলৈ দিছে । ইতিমধ্যে ঘটনা তদন্ত আৰম্ভ কৰাৰ কথা সদৰী কৰিছে আৰক্ষীয়ে ।
যুৱতী গৰাকীক কেতিয়া হত্যা কৰা হৈছিল তাৰ সঠিক তাৰিখ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে জানিব পৰা যাব বুলি জানিবলৈ দিছে । হত্যা কৰাৰ পিছত যুৱকজন মৃতদেহটোৰ সৈতে কোঠাটোত আছিল । আজি মৃতদেহটো আংশিকভাৱে পচি যোৱা দেখা গৈছে বুলি বিষয়াগৰাকীয়ে জনায়।
আৰক্ষীয়ে জনোৱা মতে, মাত্ৰ প্ৰায় ২০ দিন পূৰ্বে জয়নগৰত এটা ব্যক্তিগত প্ৰতিষ্ঠানত যোগদান কৰা মহিলাগৰাকীয়ে ছমাহ পূৰ্বে বেংগালুৰুলৈ আহিছিল। তেতিয়াৰ পৰাই তাই ভনীয়েক আৰু বন্ধু এজনৰ সৈতে হোৱাইট ফিল্ড অঞ্চলৰ এটা এপাৰ্টমেণ্টত আছিল। তেওঁৰ ভগ্নীয়ে তদন্তকাৰীক জনোৱা মতে, গগৈ আৰু সন্দেহজনক লোকজনৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল।