২৩০ ফুট দীঘল! হেমপ্ৰভা চুতীয়াই ইংৰাজীত তাঁতশালত বৈ উলিয়ালে ‘গুণমালা’…
বাঁহ কাটি প্ৰথমে পানীত দিছো, তাৰ পাছত ধোৱাত দি তাক কেৰাচিন, হালধী, মহানিম আদিৰ দ্বাৰা প্ৰস্তুত কৰা তেলত জুবুৰাই শালত বৈছো। গুণমালাৰ ইংৰাজীখিনি বেণুধৰ ৰাজখোৱাৰ লেখনিৰ পৰা লোৱা হৈছে।
অসমবাসীৰ বাবে সুখবৰ! পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ হাতৰ পৰশত এইবাৰ তাঁতশালত প্ৰস্তুত হ’ল মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘গুণমালা’। অসম গৌৰৱ তথা শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালত ইংৰাজী ভাষাত বৈ উলিয়ালে ধৰ্মীয় পুথি গুণমালা। ২ বছৰ ৯ মাহ ধৰি কৰা চেষ্টাৰ অন্তত এৰি সূতা আৰু বাঁহৰ কাঠিৰে প্ৰায় ২৩০ ফুট দৈৰ্ঘৰে ইংৰাজীত এই গুণমালা বৈ উলিয়াইছে শিপিনীগৰাকীয়ে। জানিব পৰা মতে অহা ৮ ডিচেম্বৰচত মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া শ্ৰী শ্ৰী কালশিলা সত্ৰত এই বস্ত্ৰ উন্মোচন কৰা হ’ব।
শিপিনীগৰাকীয়ে জনাই যে, বস্ত্ৰখনি তৈয়াৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা বাঁহৰ কাঠিকে ধৰি সকলো সামগ্ৰী তেওঁ নিজেই প্ৰস্তুত কৰিছে। বস্ত্ৰখনৰ দীঘ এৰি সূতা আৰু বাণী বাঁহৰ কাঠিৰ। ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত এই গুণমালা তাঁতশালত ববলৈ আৰম্ভ কৰিছিল শিপিনীগৰাকীয়ে। প্ৰায় ২ বছৰ ৯ মাহৰ অন্তত ২০২৪ চনৰ ১ ডিচেম্বৰৰ নিশা ১০.১৪ বজাত বস্ত্ৰখনি বৈ শেষ কৰে শিপিনীগৰাকীয়ে।
হেমপ্ৰভা চুতীয়াই কয়, মই যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া শেষ কৰিব পাৰিম নে নাই ভাবি আছিলো। যেতিয়াই তাঁতশাললৈ যাওঁ ভগৱানক প্ৰাৰ্থনা কৰি কৈছিলো আৰম্ভ যেতিয়া তুমি কৰিছা সামৰণিও তুমিয়ে কৰিব লাগিব। আৰু প্ৰায় ৩ বছৰৰ অন্তত এই গুণমালা বস্ত্ৰখনি বৈ শেষ কৰিলো। কাপোৰ বোৱাত কিবা সমস্যা হৈছিল নেকি বুলি সোধা প্ৰশ্নত তেওঁ কয় যে, এৰি সূতা বোৱাত অলপ সমস্যা হয়। বস্ত্ৰখনিৰ বাবে প্ৰস্তুত হোৱা বাঁঁহৰ কাঠিও মই কটাৰীৰে কাটি কাটি তৈয়াৰ কৰিছো।
তেওঁ কয়, বাঁহ কাটি প্ৰথমে পানীত দিছো, তাৰ পাছত ধোৱাত দি তাক কেৰাচিন, হালধী, মহানিম আদিৰ দ্বাৰা প্ৰস্তুত কৰা তেলত জুবুৰাই শালত বৈছো। গুণমালাৰ ইংৰাজীখিনি বেণুধৰ ৰাজখোৱাৰ লেখনিৰ পৰা লোৱা হৈছে। লগতে কয় যে, গুণমালাত ৬ টা অধ্যায় আছে। ইয়াৰে ২ টা এৰি সূতাৰে আৰু বাকী ৪ টা বাঁহৰ কাঠিৰে তৈয়াৰ কৰা হৈছে।
উল্লেখ্য যে,এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও হেমপ্ৰভা চুতীয়াৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু ধৰ্মীয় গ্ৰন্থ। শিপিনীগৰাকীয়ে মুগা সূতা আৰু গুণাৰ আখৰ ঊণ সূতাৰে তাঁতশালত ৮০ ফুট দৈৰ্ঘ আৰু ১৭ ইঞ্চি প্ৰস্থৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত গুণমালা প্ৰস্তুত কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ২০০ ফুট দৈৰ্ঘৰ মহাপুৰুষ মাধৱদেৱে ৰচিত নামঘোষা, সংস্কৃতত ১৫০ ফুট দৈৰ্ঘৰ শ্ৰীমদ্ভাগৱত গীতা, ইংৰাজীত শ্ৰীমদ্ভাগৱত গীতা লিখি অসমবাসীৰ গৌৰৱ হৈ পৰিছিল।
বয়ন শিল্পীৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে শিপিনীগৰাকীক ২০২২ চনক অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছিল। তাৰ পাছতেই যোৱা বৰ্ষত শিপিনীগৰাকীক ভাৰত চৰকাৰে ‘পদ্মশ্ৰী’ সন্মানেৰে বিভূষিত কৰিছিল।