5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মহিলা প্ৰতিবাদকাৰীক আৰক্ষীৰ প্ৰচণ্ড চৰ, তদন্তৰ নিৰ্দেশ গুৱাহাটী আৰক্ষী আয়ুক্তৰ

প্ৰতিবাদকাৰীক চৰ সোধাই বিপদত মহিলা আৰক্ষী কনিষ্টবল। ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই এই ঘটনাৰ ওপৰত তদন্তৰ নিৰ্দেশ দিয়ে গুৱাহাটী আৰক্ষী আয়ুক্তই। শিলসাঁকোত একাংশলোকে প্ৰতিবাদ কৰি থকাৰ মাজতে ঘটিছিল অঘটন।

মহিলা প্ৰতিবাদকাৰীক আৰক্ষীৰ প্ৰচণ্ড চৰ, তদন্তৰ নিৰ্দেশ গুৱাহাটী আৰক্ষী আয়ুক্তৰ
অসম আৰক্ষী
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 29 Aug 2024 06:50 AM

প্ৰতিবাদকাৰীক চৰ সোধাই বিপদত মহিলা আৰক্ষী কনিষ্টবল। অন কেমেৰা প্ৰতিবাদকাৰী মহিলাক চৰ সোধোৱাৰ পাছতেই  গুৱাহাটী আৰক্ষী আয়ুক্তই কনিষ্টবলগৰাকীৰ বিৰুদ্ধে তদন্ত কৰাৰ নিৰ্দেশ  জাৰি কৰে। অসম বিধানসভাৰ শৰৎকালীন অধিবেশন চলি থকাৰ মাজতে বুধবাৰে গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদিত লোকসকলে পুনৰ সংস্থাপনৰ দাবীত এক প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এই প্ৰতিবাদৰ মাজতেই এগৰাকী মহিলা আৰক্ষী কনিষ্টবলে কাণতলীয়া চৰ সোধাই এগৰাকী প্ৰতিবাদকাৰীক।

এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পাছতেই ৰাজ্য়জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হয়। বিৰোধিয়ে অসম পুলিচৰ ৰাজ চলা বুলি অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে। তাৰ মাজতে গুৱাহাটী আৰক্ষী আয়ুক্তই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ জাৰি কৰে।

উল্লেখ্য যে, বেদখল কৰাৰ অভিযোগত যোৱা বছৰ শিলসাঁকোত একাংশলোকক উচ্ছেদ কৰা হৈছিল। এই উচ্ছেদিত লোকসকলৰ মাজত আছিল খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো, ৰাভা, মিচিং, কাৰ্বি আদি জনগোষ্ঠীয় লোক। চৰকাৰে সেই সময়ত প্ৰতিশ্ৰুতি দি কৈছিল যে এই লোকসকলক পুনঃস্থাপন কৰা হ’ব। কিন্তু এতিয়ালৈকে এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে বুধবাৰে এই লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদ চলি থকাৰ মাজতে প্ৰতিবাদকাৰী একাংশক আৰক্ষীয়ে আটক কৰে। ইয়াৰ  মাজতে একাংশ আৰক্ষী বিষয়া আৰু প্ৰতিবাদকাৰীৰ মাজতো হতাহতিও আৰম্ভ হয়। সেই সময়তে এগৰাকী মহিলা আৰক্ষীয়ে এগৰাকী মহিলা প্ৰতিবাদকাৰীক চৰ সোধায়। এই ঘটনাৰ লগে লগে পৰিস্থিতি বিষম হৈ পৰে আৰু পৰৱৰ্তী সময়ত আন এগৰাকী আৰক্ষী বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। কিছু সময় পাছতেই এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এই ভিডিঅৰ ভিত্তিতেই গুৱাহাটী আৰক্ষী আয়ুক্তই ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়ে এ ডি চি পি মৈত্ৰেয়ী ডেকাক।

আনহাতে প্ৰতিবাদকাৰী মহিলাক চৰ সোধোৱা আৰু অন্য প্ৰতিবাদকাৰীৰ ওপৰত চলা অত্যাচাৰৰ অভিযোগ তুলি দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগীসকলে। প্ৰতিবাদকাৰীসকলে এজাহাৰত উল্লেখ কৰে যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পাছতো তেওঁলোকৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰা হৈছিল। কোনো কাৰণ নোহোৱাকৈ আৰক্ষী প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰি কাপোৰ ফালি দিয়াৰো অভিযোগ উত্থাপন কৰে। এই আক্ৰমণৰ ঘটনাৰ সৈতে জড়ত আৰক্ষী বিষয়াসকলৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে।

Latest News