ধুবুৰী জেল অধীক্ষক, কয়দীৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ

ধুবুৰী জিলা কাৰাগাৰ অধীক্ষক, কয়দীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ।কেৱল ইমানেই নহয়, মহিলা প্ৰহাৰীগৰাকীৰ সহকাৰী কৰ্মীৰ স্বামীয়ে তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে। এই সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ধুবুৰী জেল অধীক্ষক, কয়দীৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ

ধুবুৰী জিলা কাৰাগাৰত

Published: 

27 Nov 2024 18:49 PM

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বিশেষকৈ নাৰীজনিত অপৰাধমূলক ঘটনা সমাজৰ এক ব্যাধি হৈ পৰিছে। ইয়াৰ মাজতে পুনৰ নাৰী নিৰ্যাতনৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ এই অভিযোগ উত্থাপন হৈছে এখন কাৰাগাৰৰ কয়দী আৰু জেল অধীক্ষকৰ বিৰুদ্ধে। ধুবুৰী কাৰাগাৰৰ অধীক্ষক আৰু কয়দীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। কাৰাগাৰখনৰ মহিলা প্ৰহৰীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক আৰু কয়দীয়ে মিলি জেলৰ ভিতৰত চলাই নাৰী নিৰ্যাতন।

মহিলাগৰাকীয়ে কয় যে, ১ নৱেম্বৰৰ দেৱালী পাৰ্টীৰ দিনা অধীক্ষক প্ৰশান্ত ৰাজবংশীয়ে তেওঁক নিৰ্যাতন চলাইছিল। আন্ধাৰৰ সুযোগ গৈ অধীক্ষকগৰাকীয়ে মহিলাগৰাকীক সাৱতি ধৰিছিল। কোনো মতে তেওঁ নিজক প্ৰশান্ত ৰাজবংশীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একেই কাৰাগাৰত কৰ্মৰত মহিলা প্ৰহৰী এগৰাকীয়ে। তেওঁৰ মতে, এইগৰাকী আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে কাৰাগাৰৰ ভিতৰত চলে চূড়ান্ত অৰাজকতা। আনকি কাৰাবন্দীয়েও মহিলা কৰ্মচাৰীৰ গাঁত জঁপিয়াই পৰে। তেওঁ কৰা অভিযোগ অনুসৰি নিশাৰ ভাগত শুই থকা অৱস্থাত কাৰাবন্দী মজিবৰ ৰহমানে তেওঁৰ ৰুমৰ দুৱাৰত টোকৰ দি তেওঁক জগায়। পৰৱৰ্তী সময়ত ৫০০ টকাৰ বাণ্ডিল এটা দেখুৱাই অশালীন প্ৰস্তাৱ আগবঢ়ায়। এই ঘটনাৰ বিষয়ে তেওঁ কাৰাগাৰ কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও জেলৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীয়ে ঘটনা গাপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে।

কেৱল ইমানেই নহয়, মহিলা প্ৰহাৰীগৰাকীৰ সহকাৰী কৰ্মীৰ স্বামীয়ে তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে। এই সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই অভিযোগ নস্যাৎ কৰি অধীক্ষক প্ৰশান্ত ৰাজবংশীয়ে কয় যে, মহিলাগৰাকীয়ে ২৩ নৱেম্বৰত সহকৰ্মী মহিলা প্ৰহৰীৰ স্বামী কৃষ্ণ বৰ্মনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন  কৰিছিল। এই অভিযোগৰ তদন্ত কৰি তেওঁ ২৬ নৱেম্বৰত ধুবুৰী জিলা আয়ুক্ত আৰু কাৰাগাৰৰ মহা পৰিদৰ্শকৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু আজি হঠাৎ মহিলাগৰাকীয়ে প্ৰশান্ত ৰাজবংশী আৰু কয়দী মজিবুল ৰহমানৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে।

এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ মাতৃয়ে কয় যে, তেওঁৰ কন্যা জিলা কাৰাগাৰ অধীক্ষকৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে। আনকি কন্যাই তেওঁক মাৰপিটো কৰে। মাতৃৰ এই ভাষ্যৰ পাছতেই বিষয়টো ৰহস্যৰ মাজত সোমাই পৰিছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে কোন সঁচা, কোন মিছা এই সকলো আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব।

মহাকাশত মহাকাশচাৰীসকলৰ বাবে কিদৰে খাদ্যৰ ব্যৱস্থা কৰা হয়?
বুধবাৰৰ দিনটোত নকৰিব বিত্তীয় লেনদেন, খালী হ'ব ধনৰ ভঁৰাল!
কাউৰী ঘৰলৈ আহিলে কি সংকেত পোৱা যায়? জানক কি কয় বাস্তু শাস্ত্ৰই...
শনি দোষৰ পৰা মুক্তি পাবলৈ শিৱ লিংগত অৰ্পন কৰক এই ৫ বস্তু...