ধ্ৰুপদী ভাষাৰ স্বীকৃতি অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয়ঃ অজাপ | Assamese language gets recognition of classical language Assam Jatiya Parishad Assam news - Assam Tv9

ধ্ৰুপদী ভাষাৰ স্বীকৃতি অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয়ঃ অজাপ

কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছত আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাটো অসমবাসীৰ বাবে এক সুখবৰ বুলি অভিহিত কৰিছে অসম জাতীয় পৰিষদে। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতি যোগে এয়া জাতিৰ বাবে এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে।

ধ্ৰুপদী ভাষাৰ স্বীকৃতি অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয়ঃ অজাপ

অসম জাতীয় পৰিষদৰ নেতৃত্ব

Published: 

03 Oct 2024 22:59 PM

আজি অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি। কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ লগে লগে অসমীয়া ভাষাই এই গৌৰৱময় স্বীকৃতি লাভ কৰে। এই ঐতিহাসিক স্বীকৃতিয়ে গৌৰৱান্বিত কৰি তুলিছে ৰাজ্যবাসীক। প্ৰতিগৰাকী অসমীয়াই আইৰ মুখৰ এই ভাষাটিক লৈ পুনৰ এবাৰ হৈ পৰিছে গৌৰৱান্বিত। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাটো অসমবাসীৰ বাবে এক সুখবৰ বুলি অভিহিত কৰিছে অসম জাতীয় পৰিষদে।

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে অসমীয়া ভাষাটো এটা প্ৰাচীন ভাষা আৰু সেই অনুসৰি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাব লাগে বুলি দীৰ্ঘকালজুৰি অসম সাহিত্য সভাকে ধৰি বৌদ্ধিক শ্ৰেণীয়ে দাবী কৰি আহিছিল। সেইমৰ্মে আজি কেন্দ্ৰীয় কেবিনেটে উক্ত দাবী মানি ল’লে। এয়া জাতিৰ বাবে এক গৌৰৱৰ বিষয়।

ইয়াৰ লগে লগে অসমীয়া ভাষাৰ চৰ্চা আৰু গৱেষণা আদি বিষয় অধিক ত্বৰান্বিত হ’ব বুলি জাতীয় পৰিষদে আশা ব্যক্ত কৰে। নেতাদ্বয়ে কয়, “অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে আমাক গৌৰৱান্বিত কৰিছে। প্ৰতিগৰাকী অসমীয়াই প্ৰাণৰ ভাষাটোৰ এই স্বীকৃতিত গৌৰৱবোধ কৰিছে। যিসকল সুধী ব্যক্তিৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে আজি অসমীয়া ভাষালৈ এই স্বীকৃতি আহিল, তেখেতসকললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

“প্ৰাণৰ মাধুৰী বুটলি অসমীয়া ভাষাই এই স্বীকৃতিৰ পাছত আৰু অধিক পোহৰেৰে দীপ্তমান হ’ল। আহক, আমাৰ আপোন অসমীয়া ভাষাটোৰ সংৰক্ষণ, সংবৰ্ধন, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমি অধিক দায়বদ্ধতাৰে আগুৱান হওঁ।”- বিবৃতিটোত অসমীয়া জনসাধাৰণলৈ এই আহ্বান জনায় অসমীয়া জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই।

ইফালে অসমীয়া ভাষাৰ এই অনন্য স্বীকৃতিৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট যোগে অসমবাসীক অভিনন্দন জনায়। অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত তেওঁ অত্যন্ত আনন্দিত বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। “বহু শতাব্দী ধৰি অসমীয়া সংস্কৃতিৰ বিকাশ ঘটিছে, আৰু ই আমাক এক সমৃদ্ধ সাহিত্য পৰম্পৰা প্ৰদান কৰিছে। এই ভাষাটো আহিবলগীয়া সময়ত আৰু অধিক জনপ্ৰিয় হৈ পৰক। মোৰ অভিনন্দন।”- টুইটটোত মোদীয়ে কয়।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰক এই স্বীকৃতিৰ বাবে ৰাজ্যবাসীৰ হৈ ধন্যবাদ জনায়। দুয়ো লগতে অসমীয়া ভাষালৈ অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি এই ক্ষণত কৃতজ্ঞতা তথা সেৱা জনায়।

Latest Stories
Assam: উপ-নিৰ্বাচনৰ ৪ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ, পিছে বিহালীয়ে জ্বলা-কলা খুৱাইছে বিৰোধিক
Assam: গুৱাহাটীৰ ঘৰৰ ভিতৰত উদ্ধাৰ মহিলাৰ নৰ কংকাল, পুত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশীক পুনৰ ঘূৰাই পঠোৱা হৈছে: আৰক্ষী, BSFক প্ৰশংসা মুখ্যমন্ত্ৰীৰ
ইণ্ডোনেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ
Mission Basundhara: আনুষ্ঠানিকভাৱে মুকলি মিছন বসুন্ধৰা ৩.০, কোনে লাভ কৰিব সুবিধা, কেনেকৈ কৰিব আবেদন, জানক…
Assam Police : আমিনগাঁৱত ৬ কোটি টকাৰ হেৰ’ইন জব্দ…দুজনক আটক…
ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...