আজিৰে পৰা অসমীয়াত প্ৰকাশ পাব সকলো চৰকাৰী অধিসূচনা, নিৰ্দেশনা জাৰি ৰাজ্যপালৰ…
অসম চৰকাৰী ভাষা আইন, ১৯৬০ (১৯৬০ চনৰ অসম আইন নং XXXIII)ৰ ধাৰা ৭ আৰু ধাৰা ৩ অনুসৰি বৰাক উপত্যকা, ষষ্ঠ অনুসূচীৰ অন্তর্গত পার্বত্য জিলা আৰু বড়োলেও টেবিটৰিয়েল অঞ্চলত স্থানীয় ভাষা ব্যৱহাৰৰ লগতে সমগ্র ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ কৰা হ'ব। ইয়াৰ বাবে প্রস্তুত কৰা হৈছে নির্দেশনা।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পহিলা ব’হাগৰ পৰা ইংৰাজীৰ উপৰিও অসমীয়াত প্ৰকাশ পাব সকলো চৰকাৰী জাননী/অধিসূচনা। লগতে বিটিআৰৰ বাবে বড়ো আৰু বৰাক উপত্যাকাৰ বাবে বাংলা ভাষাত প্ৰকাশ পাব জাননী। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছিল এই সিদ্ধান্ত। সমগ্ৰ অসমত সকলো চৰকাৰী অধিসূচনা, আদেশ, আইন আদিৰ বাবে অসমীয়া বাধ্যতামূলক চৰকাৰী ভাষা হ’ব। বৰাক উপত্যকা আৰু বি টি আৰৰ জিলাসমূহত ক্ৰমে বাংলা আৰু বড়ো ভাষা ব্যৱহাৰ কৰা হ’ব। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে পোষ্ট।
এতিয়াৰ পৰা সকলো চৰকাৰী অধিসূচনা অসমীয়াত।
Beginning this Bohag, Assamese will be the compulsory official language for all government notifications, orders, acts etc across Assam.
In the districts of Barak Valley and BTR, Bengali and Bodo languages shall be used respectively. pic.twitter.com/V1ajnznuOz
— Himanta Biswa Sarma (@himantabiswa) April 15, 2025
অসম চৰকাৰী ভাষা আইন, ১৯৬০ (১৯৬০ চনৰ অসম আইন নং XXXIII)ৰ ধাৰা ৭ আৰু ধাৰা ৩ অনুসৰি বৰাক উপত্যকা, ষষ্ঠ অনুসূচীৰ অন্তর্গত পার্বত্য জিলা আৰু বড়োলেও টেবিটৰিয়েল অঞ্চলত স্থানীয় ভাষা ব্যৱহাৰৰ লগতে সমগ্র ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ কৰা হ’ব। ইয়াৰ বাবে প্রস্তুত কৰা হৈছে নির্দেশনা।
- সকলো চৰকাৰী কামত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হ’ব। ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্রশাসনিক আৰু কার্যবাহী নির্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্র ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত জাৰি কৰা হ’ব।
- বৰাক উপত্যকাৰ জিলাসমূহত ওপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বঙালী ভাষা ব্যৱহাৰ কৰা হ’ব।
- বড়োলেও টেৰিটৰিয়েল অঞ্চলত ওপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বড়ো ভাষা ব্যৱহাৰ কৰা হ’ব।
- কেন্দ্রীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা, আদেশ, আইন, নিয়ম, নিয়ময়ারলী আৰু নির্দেশনা সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰাপ্তিৰ ত্ৰিশ (৩০) দিনৰ ভিতৰত অসমীয়া ভাষালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বঙালী) অনুবাদ কৰি প্ৰকাশ কৰিব লাগিব।
- পুৰণি আইন, নীতি, নথিপত্রসমূহ, বিধি আৰু অধিসূচনা আদিও পর্যায়ক্রমে দুবছৰৰ সময়সীমাৰ ভিতৰত অসমীয়ালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বঙালী) অনুবাদ কৰিব লাগিব। এই অনুবাদ প্রক্রিয়া বিশ্ববিদ্যালয়সমূহৰ ভাষা বিভাগৰ সহায়ত সম্পন্ন কৰা হ’ব।
- অৱশ্যে, দুয়োটা সংস্কৰণৰ মাজত কোনো অস্পষ্টতা বা অমিল পৰিলক্ষিত হ’লে অথবা আইনী ব্যাখ্যাৰ প্রয়োজন হ’লে ইংৰাজী সংস্কৰণৰ শব্দায়নক প্রাধান্য দিয়া হ’ব্য
- আনহাতে, ভাৰত চৰকাৰ, কেন্দ্রীয় চৰকাৰৰ কাৰ্যালয়সমূহ আৰু অন্য নাজ্যিক প্রশাসনৰ সৈতে যোগাযোগৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত থাকিব।
- উল্লেখিত বিষয়সমূহৰ উপৰিও, মহামান্য ন্যায়ালয়ত দাখিল কৰিবলগীয়া সকলো অনুসন্ধানৰ প্রতিবেদন, অনুচ্ছেদভিত্তিক মন্তব্য, নির্দেশনা, শপতনামা, চিঠিপত্র ইত্যাদিত ইংৰাজী ভাষা ব্যৱহাৰ অব্যাহত থাকিব।
- যিকোনো নিয়ম, আইন, নিয়মাৱলী, কার্যালয়ৰ আদেশ, আদালতৰ আদেশ বা বায়ত সন্নিবিষ্ট ব্যৱস্থাবোৰৰ ব্যাখ্যাৰ বাবে, ইংৰাজী সংস্কৰণে প্রাধান্য পাব।
- ইংৰাজী ভাষাৰ পৰা অসমীয়া, বঙালী আৰু বড়ো ভাষালৈ অনুবাদৰ উদ্দেশ্যে “অনুবাদ ভাষিনী” এপ ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে, বিষয়াসকলে অনুবাদ কৰা সংস্কৰণবোৰ শুদ্ধ আৰু সঠিক হোৱাটো নিশ্চিত কৰিবলৈ সতর্কতা অবলম্বন করিব লাগিব।