Khadi Industry Impact on Job Creation : ১৮.৯২ কোটি টকা বিক্ৰী, ৫ হাজাৰ চাকৰি সৃষ্টিৰে স্থানীয় অৰ্থনীতিত প্ৰভাৱ অসমৰ খাদী উদ্যোগৰ

অসমৰ খাদী উদ্যোগে বৰ্তমান সময়ত ৫ হাজাৰো অধিক চাকৰি সৃষ্টি কৰিবলৈ সক্ষম হৈছে । যোৱা বছৰ এই উদ্যোগটোৱে মুঠ ১৮.৯২ কোটি টকা সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হয় ।

Khadi Industry Impact on Job Creation : ১৮.৯২ কোটি টকা বিক্ৰী, ৫ হাজাৰ চাকৰি সৃষ্টিৰে স্থানীয় অৰ্থনীতিত প্ৰভাৱ অসমৰ খাদী উদ্যোগৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

16 Oct 2024 12:51 PM

স্থানীয় অৰ্থনীতিত ক্ষুদ্ৰ উদ্যোগসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । শেহতীয়াকৈ ৰাজ্যখনৰ ক্ষুদ্ৰ ব্যৱসায়ীক সবলীকৰণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক আলোকপাত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ দাবী কৰিছে যে, ৰাজ্যখনৰ প্ৰগতিত ক্ষুদ্ৰ ব্যৱসায়ীসকলে যথেষ্ট অৰিহণা যোগাইছে।

ইয়াৰ অংশ হিচাপে অসমৰ খাদী উদ্যোগে কি ধৰণে অগ্ৰগতি লাভ কৰিছে সেই সন্দৰ্ভত আলোকপাত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসমৰ খাদী উদ্যোগে বৰ্তমান সময়ত ৫ হাজাৰো অধিক চাকৰি সৃষ্টি কৰিবলৈ সক্ষম হৈছে । যোৱা বছৰ এই উদ্যোগটোৱে মুঠ ১৮.৯২ কোটি টকা সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হয় বুলি তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে তথ্য প্ৰকাশ কৰে যে, ৰাজ্যখনৰ ক্ষুদ্ৰ উদ্যোগৰ অগ্ৰগতিৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (PMEGP)ৰ দ্বাৰা ৰাজ্যৰ অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ৰ ৭,৬০০ৰো অধিক ক্ষুদ্ৰ উদ্যোগী উপকৃত হৈছে। লগতে তেওঁ কয় যে, চৰকাৰৰ এই পদক্ষেপৰ লক্ষ্য হৈছে উদ্যোগীকৰণক উৎসাহিত কৰা আৰু স্থানীয় লোকসকলক অৰ্থনৈতিকভাৱে সবল কৰা।

উল্লেখ্য যে,মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনৰ ক্ষুদ্ৰ উদ্যোগীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচীৰ অধীনত মাৰ্জিন ধন আবণ্টন দিয়া হৈছিল ১১১,১৬ কোটি টকা । ব্যৱহৃত মাৰ্জিন ধনৰ পৰিমাণ হৈছে ৬৪ কোটি টকা । ২,৪১৭ সহায়ক ইউনিটৰ দ্বাৰা ক্ষুদ্ৰ উদ্যোগসমূহে অতি গুৰুত্বপূৰ্ণ সমৰ্থন লাভ কৰা বুলিও তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে এই ক্ষুদ্ৰ উদ্যোগসমূহত আনুমানিক ১৯,৩৩৬ টা নতুন নিয়োগৰ সুযোগ সৃষ্টি হোৱা বুলি তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মনকৰিবলগীয়া যে, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষলৈকে প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচীৰ অধীনত মুঠ ২,৪১৭টা প্ৰকল্পই সমৰ্থন লাভ কৰিছিল । ২০২৪ চনৰ ৩১ মাৰ্চলৈকে অসমৰ ৭,২১৬ জন অনুসূচিত জাতি/জনজাতিৰ ক্ষুদ্ৰ উদ্যোগী বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হৈছে।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?