ষ্টক ট্ৰেডিং কেলেংকাৰীৰ পঞ্জীয়নভুক্ত ৪১ টা গোচৰৰ চিবিআইলৈ হস্তান্তৰ
ট্ৰেডিং কেলেংকাৰীৰ পঞ্জীয়নভুক্ত ৪১টা গোচৰৰ চিবিআইলৈ হস্তান্তৰ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে ট্ৰেডিং কেলেংকাৰীত পঞ্জীয়নভুক্ত গোচৰ চিবিআইলৈ হস্তান্তৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ।
অনলাইন ষ্টক ট্ৰেডিং কেলেংকাৰীৰ পঞ্জীয়নভুক্ত ৪১টা গোচৰৰ চিবিআইলৈ হস্তান্তৰ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে ট্ৰেডিং কেলেংকাৰীত পঞ্জীয়নভুক্ত গোচৰ চিবিআইলৈ হস্তান্তৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “অনলাইন ষ্টক ট্ৰেডিং কেলেংকাৰীৰ তদন্ত নিশ্চিত কৰিবলৈ আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছিলো । কোৱা হৈছিল যে, এই কেলেংকাৰীত পঞ্জীয়নভুক্ত ৪১টা গোচৰৰ সকলোবোৰ আনুষ্ঠানিকভাৱে চিবিআইক গতাই দিয়ক। চিবিআইয়ে আনুষ্ঠানিকভাৱে এই বিষয়টো গ্ৰহণ কৰিছে।” এই গোচৰৰ তদন্তত সম্ভৱপৰ সকলো সমৰ্থন আগবঢ়োৱাৰ কথাও সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।
To ensure a fair investigation on the online stock trading scam, we requested Govt of India to formally hand over all 41 registered cases to the CBI.
CBI is officially taking over this matter and we’ll extend all possible support to ensure that justice is served at the earliest. pic.twitter.com/C0AHKKc3tZ
— Himanta Biswa Sarma (@himantabiswa) October 8, 2024
কেন্দ্ৰীয় চৰকাৰৰ এক আনুষ্ঠানিক অধিসূচনাৰ জৰিয়তে অসমত চিবিআইৰ অধিকাৰ সম্প্ৰসাৰণত অনুমোদন জনায়। ২০২৪ চনৰ ১৩ ছেপ্টেম্বৰত প্ৰকাশিত এই অধিসূচনাৰ জৰিয়তে চিবিআইৰ বিষয়াসকলে এই কেলেংকাৰীৰ সৈতে জড়িত অপৰাধৰ তদন্ত কৰিব পাৰে।
দিল্লী বিশেষ আৰক্ষী প্ৰতিষ্ঠা আইন, ১৯৪৬ৰ অধীনত জাৰি কৰা এই আদেশত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে সংঘটিত অপৰাধৰ তদন্তৰ কৰ্তৃত্ব চিবিআইক প্ৰদান কৰা হৈছে। কিন্তু অসম চৰকাৰৰ বিষয়াৰ সৈতে জড়িত যিকোনো গোচৰৰ বাবে এতিয়াও অসম চৰকাৰৰ পূৰ্বৰ লিখিত সন্মতিৰ প্ৰয়োজন হ’ব।
অধিসূচনাখনত গুৰুত্ব আৰোপ কৰা হৈছে যে, ৰাজ্য চৰকাৰে নিৰ্দিষ্ট গোচৰৰ বাবে পূৰ্বতে দিয়া সন্মতি বৈধ হৈ থাকিব।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিয়াগোম ষ্টক ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত ৩২ টা গোচৰৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ সিদ্ধান্ত লৈছিল ৰাজ্যিক কেবিনেটে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰিছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছিল ।
এই গোচৰসমূহ চিবিআইলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াত কিছু সময় লগাৰ কথা উল্লেখ কৰাৰ লগতে সেই সময়লৈকে অসম আৰক্ষীয়ে এই গোচৰৰ তদন্ত কৰি যাব বুলি উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্নাই । ইয়াৰ লগতে ট্ৰেডিং সম্পৰ্কীয় নতুন গোচৰসমূহো ইয়াৰ লগত সংযোজিত কৰা হ’ব স্পষ্ট কৰি দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।