ভাল খবৰ! অসমৰ ‘শিক্ষা সেতু’ এপে লাভ কৰিছে প্রধানমন্ত্রীৰ ৰাজহুৱা প্ৰশাসন উৎকর্ষ বঁটা

অসমৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰত প্ৰৱৰ্তন কৰা 'শিক্ষা সেতু' এপৰ সফল ৰূপায়ণৰ বাবে ৰাজহুৱা প্ৰশাসন-২০২৪ৰ প্ৰধানমন্ত্ৰীৰ উৎকৃষ্ট বঁটা লাভ কৰিছে অসম চৰকাৰে৷ ২১ এপ্ৰিলত অসামৰিক সেৱা দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰে এই বঁটা ।

ভাল খবৰ!  অসমৰ শিক্ষা সেতু এপে লাভ কৰিছে প্রধানমন্ত্রীৰ ৰাজহুৱা প্ৰশাসন উৎকর্ষ বঁটা

Assam's 'shiksha Setu'

Updated On: 

22 Apr 2025 17:11 PM

অসমবাসীৰ বাবে আন এক সু-খবৰ। অসমৰ ‘শিক্ষা সেতু’ পদক্ষেপে লাভ কৰিছে প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসন উৎকৃষ্টতাৰ বঁটা। অসমৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰত প্ৰৱৰ্তন কৰা ‘শিক্ষা সেতু’ এপৰ সফল ৰূপায়ণৰ বাবে ৰাজহুৱা প্ৰশাসন-২০২৪ৰ প্ৰধানমন্ত্ৰীৰ উৎকৃষ্ট বঁটা লাভ কৰিছে অসম চৰকাৰে৷ ২১ এপ্ৰিলত অসামৰিক সেৱা দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰে এই বঁটা ।

ইয়াৰ পাছতে শিক্ষা সংস্কাৰৰ প্ৰতি অসমৰ দায়বদ্ধতা প্ৰদৰ্শন কৰা এই স্বীকৃতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দলটোক অভিনন্দন জনায়। শিক্ষা সেতু এপ্লিকেচন হ’ল বিদ্যালয়, ছাত্ৰ-ছাত্ৰী, আৰু কৰ্মচাৰীৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰা এক বিস্তৃত ডিজিটেল প্লেটফৰ্ম। যিয়ে দৈনিক প্ৰশাসনিক কাৰ্য্যকলাপৰ বাবে কেন্দ্ৰীভূত সম্পদ হিচাপে কাম কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “অসমলৈ ৰাষ্ট্ৰীয় স্বীকৃতি।”

মুখ্যমন্ত্ৰীয়ে লগতে লিখিছে, শিক্ষা সেতুক আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াই প্রধানমন্ত্রীৰ ৰাজহুৱা প্ৰশাসন উৎকর্ষ বঁটা প্ৰদান কৰে। শিক্ষা সেতুৰ একক সমাধানে শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতিক সুশৃংখল কৰি তুলিছে আৰু অসমৰ বিদ্যালয়সমূহত সমতা প্রদান কৰিছে। এই কৃতিত্ব অৰ্জন কৰাৰ বাবে সমগ্র শিক্ষা অভিযানৰ গোটেই দলটোলৈ অভিনন্দন জনাইছোঁ।”

তেওঁ আকৌ লিখিছে, “একে সময়তে আমাৰ তিনিচুকীয়া জিলাই কঢ়িয়াই আনিছে গৌৰৱময় বাৰ্তা। ভাৰতবৰ্ষৰ ভিতৰত ‘জিলাসমূহৰ সামগ্ৰিক উন্নয়ন’ শ্ৰেণীৰ অধীনত প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসন উৎকর্ষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই সুন্দৰ সফলতা কঢ়িয়াই অনাৰ বাবে তিনিচুকীয়া জিলাৰ জিলা আয়ুক্তৰ সৈতে জিলা প্ৰশাসন আৰু সন্মানীয় জনসাধাৰণক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।”

এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লিখিছে, “বহু বাধা নেওচিও আমি অসমৰ বিদ‍্যালয় শিক্ষা ক্ষেত্ৰত শিক্ষা সেতু এপৰ প্ৰৱৰ্তন কৰিছিলোঁ। বিদ্যালয়ৰ ব্যৱস্থাপনাত স্বচ্ছতা আৰু গতি আনিবলৈ কৰা এই সংযোজনে ভবা মতে সফলতা অৰ্জন কৰিছে। এই শিক্ষা সেতুৱে আজি ৰাজহুৱা প্ৰশাসন, ২০২৪ৰ বাবে প্ৰধানমন্ত্ৰীৰ উৎকৃষ্টতা বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিক্ষা ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰা শিক্ষা সেতুৰ প্ৰৱৰ্তন মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ প্ৰতিফলন। এই সুযোগতে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ অনন্য স্বীকৃতিৰ বাবে সমগ্ৰ শিক্ষা অসম দলক অভিনন্দন জনাইছোঁ। এই স্বীকৃতিয়ে অসমৰ শিক্ষা খণ্ডক উন্নয়নৰ দিশে আগবঢ়াই নিবলৈ আমাৰ সকলোৰে সদিচ্ছাক আৰু অধিক দৃঢ় কৰি তুলিলে।”

ইফালে, ২০২৪-২৫ বিত্তীয় বৰ্ষত ৩৮৫০ কোটি টকাৰ চাহ বিক্ৰী কৰি  অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰই। এই সন্দৰ্ভত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ ক্ৰেতা সন্থাৰ সম্পাদকে কয়,  “২০২৩-২৪ বিত্তীয় বৰ্ষত জিটিএচিয়ে ৩০৪৮ কোটি টকাৰ ১৬৬.৩৪ কেজি চাহ বিক্ৰী কৰিছিল, আৰু গড় মূল্য আছিল ১৮৩.২১ টকা। অৱশ্যে ২০২৪-২৫ বিত্তীয় বৰ্ষত জিটিএচিয়ে ৩৮৫০ কোটি টকাৰ চাহ বিক্ৰী কৰিছিল, যিটো পূৰ্বৰ তুলনাত ৮০০ কোটি টকা বেছি।”

দুদিনীয়া কাৰ্যসূচীৰে তৃতীয়টো ভ্ৰমণ, চৌদি আৰৱত প্ৰবাসী ভাৰতীয় সকলে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীক...
Nilim Kumar: জনপ্ৰিয় কবি নীলিম কুমাৰলৈ 'ড॰ চি. নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় বঁটা-২০২৫', এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নীলিম কুমাৰ
Chetan Bhagat: IIT আৰু IIM ৰ পৰা ডিগ্ৰীধাৰী চেতন ভগত কেনেকৈ হ'ল লেখক?
কোনবোৰ বস্তু খালে বৃক্কত পাথৰ হয়? সবিশেষ জানক