প্ৰসংগঃ মেঘালয়ত অসমৰ বাহনৰ প্ৰৱেশত বাধা! প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে স্থিতি স্পষ্ট কৰিলে সদৌ অসম ছাত্ৰ সন্থা আৰু খাছী ছাত্ৰ সন্থাই

"মেঘালয়ৰ ৭০ শতাংশ আয় পৰ্যটনৰ পৰা আহে। ইয়াৰ আগতেও এনে ঘটনা ঘটিছে। আমি এই সন্দৰ্ভত খাছী ছাত্ৰ সন্থা(KSU)ৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকে স্পষ্টভাৱে কৈছে ইয়াৰ লগত তেওঁলোক জড়িত নহয়।"

প্ৰসংগঃ মেঘালয়ত অসমৰ বাহনৰ প্ৰৱেশত বাধা! প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে স্থিতি স্পষ্ট কৰিলে সদৌ অসম ছাত্ৰ সন্থা আৰু খাছী ছাত্ৰ সন্থাই

মেঘালয়ত অসমৰ বাহন প্ৰৱেশত বাধা

Updated On: 

28 Jul 2024 12:03 PM

গ্ৰীষ্মৰ সময়ত মেঘালয়লৈ ফুৰিবলৈ যায় বহু দেশী- বিদেশী পৰ্যটক। মেঘালয়লৈ দৈনিক আগমন ঘটে প্ৰায় ৩৫০০ৰো অধিক বাহনৰ। শ্বিলং, চেৰাপুঞ্জী, মৌচিনৰামকে ধৰি বিভিন্ন ঠাইত প্ৰৱেশ কৰে এইসমুহ টুৰিষ্ট টেক্সিয়ে।
কিন্তু বিগত কিছুদিন দিন ধৰি এই বিযয়টোক লৈ সৃষ্টি হৈ আহিছে বিতৰ্ক। অসমৰ টুৰিষ্ট টেক্সি চালক প্ৰৱেশত আপত্তি দৰ্শাইছে মেঘালয়ৰ টেক্সি চালক সন্থাই।

আকৌ অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশত বাধা প্ৰদান কৰিছিল মেঘালয়ৰ HYNF নামৰ সংগঠনটোৰ। অসমৰ টেক্সি চালকক হাৰাশাস্তি মেঘালয়ৰ টেক্সি চালক সন্থাৰ। ইয়াক লৈ অসমৰ যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । ভয়, শংকাত ভুগিছে অসমৰ বহু পৰ্যটক। শ্বিলং-চেৰাপুঞ্জীলৈ যোৱা অসমৰ বাহনক খাচী ছাত্ৰ সন্থাই বাধা দিয়াক লৈ চিন্তিত পৰ্যটকসকল। খানাপাৰাৰ পৰা মেঘালয়লৈ যাবলৈ ভয় খাইছে অসমৰ পৰ্যটকসকলে।
মেঘালয়ৰ বিভিন্ন পৰ্যটনস্থলী অভিমুখী অসমৰ বাহনসমূহক পূৱ খাছী পাহাৰ জিলাৰ উমটিংগাৰত বাধা প্ৰদান সংগঠনটোৰ। মেঘালয়ত বিভিন্ন স্থান ভ্ৰমণৰ বাবে পৰ্যটকক মেঘালয়ৰ টেক্সিহে ব্যৱহাৰ কৰাৰ দাবী। ঘূৰাই পঠিয়াওৱা হৈছে অসমত পঞ্জীয়নকৃত শ শ বাহন।

ইয়াৰ পাছতে প্ৰেছ ৰিলিজযোগে শুকুৰবাৰৰ দিনটোত ৩০% ৰাজহ লোকচান হোৱাৰ কথা সদৰী কৰিছে মেঘালয়ৰ কেইবাটাও স্থানীয় সংগঠনে। শনিবাৰৰ দিনটোতো হোটেল বুকিং প্ৰায় ৫০% বাতিল হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিন।
অসমৰ পৰ্যটক আৰু কেব মেঘালয়ত প্ৰৱেশত বাধা দিয়া কাৰ্যক বিৰোধিতা NESO, আছুৰ লগতে মেঘালয়ৰ ৭টা স্থানীয় সংগঠনৰ ।

এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা(AASU) আৰু খাছী ছাত্ৰ সন্থা(KSU)ৰ যৌথ প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ। প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে দুই সংগঠনে স্পষ্ট কৰিলে নিজৰ স্থিতি। ঘটনা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ খাছী ছাত্ৰ সন্থাৰ। দুয়োখন ৰাজ্যৰ চৰকাৰক বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ দাবী। আলোচনাৰ মাধ্যমেৰে স্থায়ী সমাধান সূত্ৰ ওলোৱাৰ পোষকতা। এনে সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান।

ঘটনা সন্দৰ্ভত AASU আৰুKSUৰ যৌথ প্ৰেছ বিজ্ঞপ্তি প্ৰকাশৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। তেওঁ কয়, মেঘালয়ৰ ৭০ শতাংশ আয় পৰ্যটনৰ পৰা আহে। ইয়াৰ আগতেও এনে ঘটনা ঘটিছে। আমি এই সন্দৰ্ভত খাছী ছাত্ৰ সন্থা(KSU)ৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকে স্পষ্টভাৱে কৈছে ইয়াৰ লগত তেওঁলোক জড়িত নহয়। লগতে KSU-এ কৈছে, ভাৰতৰ যিকোনো ৰাজ্যৰ গাড়ী মেঘালয়ত প্ৰৱেশত বাধা থাকিব নোৱাৰে । কাৰণ মূলৰ আয়ৰ উৎস হৈছে পৰ্যটন। ইয়াৰ দ্বাৰা তেওঁলোকৰ উপাৰ্জনত বাধাৰ সৃষ্টি হ’ব। এইধৰণৰ কাণ্ডত খাছী ছাত্ৰ সন্থা জড়িত নাই। খাছী ছাত্ৰ সন্থা মেঘালয় চৰকাৰৰ সৈতে কথা পাতিছে। তেওঁলোকৰ লোকচান হোৱা বুলি স্বীকাৰ কৰিছে।

লগতে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, ‘এইকেইদিন অসমৰ কোনো লোক পৰাপক্ষত মেঘালয়লৈ নাযাব। বৰ্তমানেও স্বাভাৱিক হৈ উঠা নাই মেঘালয়ৰ পৰিস্থিতি। কালি সংঘটিত হোৱা ঘটনাত মানুহে যথেষ্ট হাৰাশাস্তি ভুগিছে।
মেঘালয় চৰকাৰক আমি আবেদন জনাইছোঁ। অসমৰ পঞ্জীয়নভুক্ত বাহনক যাতে মেঘালয়ত প্ৰৱেশত বাধা দিব নোৱাৰে’।

বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, ‘শেহতীয়াকৈ অসমৰ পৰ্যটকৰ গাড়ী মেঘালয়ত সোমোৱাত অসুবিধা হোৱাক লৈ আমি উদ্বিগ্ন হৈ পৰিছোঁ। বাতৰিটো প্ৰকাশ পোৱাৰে পৰা অসম ছাত্ৰ সন্থাই মেঘালয়ৰ খাচী ছাত্ৰ সন্থাৰ সৈতে আমি যোগাযোগ অব্যাহত ৰাখিছোঁ।”

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!