শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assamsat: অসমত স্থাপন হ’ব নিজা কৃত্ৰিম উপগ্ৰহ ‘আছামছাট’…

ASSAMSAT: অসমে স্থাপন কৰিব নিজা কৃত্ৰিম উপগ্ৰহ আছামছাট। সোমবাৰে বিধানসভাত বাজেট দাখিল কৰি এই ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।

Assamsat: অসমত স্থাপন হ’ব নিজা কৃত্ৰিম উপগ্ৰহ ‘আছামছাট’…
আছামছাটImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 11 Mar 2025 10:15 AM

অসমে স্থাপন কৰিব নিজা কৃত্ৰিম উপগ্ৰহ আছামছাট (Assamsat) । সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত অসম বাজেট ২০২৫-২৬ (Assam budget 2025-26) দাখিল কৰি এই ডাঙৰ ঘোষণা কৰে। এই সময়চোৱাত বিত্তমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য, শিক্ষা, বিত্ত,  শক্তি আদিৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশৰ বাবে বহু ঘোষণা কৰে। ইয়াৰ মাজতে কৰা’ এটা অন্যতম ঘোষণা হল অসম যাব মহাকাশলৈ। অসমে শীঘ্ৰেই স্থাপন কৰিব নিজা কৃত্ৰিম উপগ্ৰহ আছামছাট (Assamsat)। এই ব্যৱস্থাই অসমৰ কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ দৰে সেৱাত সহায় কৰিব বুুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰ (IN-SPACe) ৰ সহযোগত জটিল আৰ্থ-সামাজিক প্ৰকল্পসমূহৰ কাৰ্য ৰূপায়নৰ স্বাৰ্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বাজেট ঘোষণা কৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে লগতে জনাই যে, কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ কাৰ্যত ইনস্পেচ (INSPACe) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ৰ সহযোগত অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰা হ’ব।

বাজেটৰ অন্তত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখনীয় দিশসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে, আছামছাটে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ উজ্বল ভৱিষ্যত গঢ়ি তুলিব। তেওঁ কয়, এই ব্যৱস্থা হ’লে অসম ভাৰতৰ ভিতৰত প্ৰথম নিজা কৃত্ৰিম উপগ্ৰহ থকা ৰাজ্য হ’ব। এই কৃত্ৰিম উপগ্ৰহৰে অৰুণাচল প্ৰদেশৰ ব্ৰহ্মপুত্ৰ নগীৰ পৰা অসমত বানপানী সৃষ্টি হ’ব বুলি পূৰ্বানুমান কৰিব পৰা যাব। লগতে উমৰাংছ’ৰ দৰে অসমৰ ক’ৰবাত অবৈধ কয়লা খনন হৈ থকাৰ ঘটনাৰ আগতীয়া খবৰ পোৱা যাব। ইমানেই নহয়, অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ হ’লে ভাৰত-বাংলাদেশ সীমান্তত অবৈধ বাংলাদেশীৰ খবৰ পোৱা যাব আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।

উল্লেখ্য যে, কালি বিধানসভাত বিত্তমন্ত্ৰীয়ে ২.৬৩ লাখ কোটি টকাৰ বাজেট দাখিল কৰে।  এইখন হৈছে ৬২০.২৭ কোটি টকাৰ ঘাটি বাজেট । এই বাজেটখনত চৰকাৰে বিভিন্ন দিশৰ কথা উল্লেখ কৰিছে যদিও বিশেষকৈ ইয়াত হিতাধিকাৰীয়ে স্থান লাভ কৰা দেখা যায়। ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি মহিলা, সত্ৰৰ সত্ৰাধিকাৰলৈ সকলোকে এই বাজেটৰ আওতাত আনিছে। এনে পৰিস্থিতিত ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে এই বাজেটখন গুৰুত্বপূৰ্ণ হ’ব বুলি বিবেচিত কৰিব পাৰি।

 

অন্য খবৰ পঢ়কঃ Assam Budget 2025-26: মাত্ৰ ২ মিনিটত পঢ়ক অসম বাজেটৰ ২০ টা ডাঙৰ ঘোষণা…

অন্য খবৰ পঢ়কঃ ভূমি অধিকাৰৰ পৰা অসমীয়া ভাষালৈ! অসম চুক্তিৰ ৬নং দফা ৰূপায়ন সন্দৰ্ভত বাজেটত ডাঙৰ ঘোষণা…