শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২০২৬ ত ৰাজ্যৰ ৩৩ শতাংশ সংখ্যালঘু ভোটাৰক কেনেদৰে চাব বিজেপিয়ে ? দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য…

২০২৬ ৰ নিৰ্বাচনত সংখ্য়ালঘু ভোটাৰৰ গুৰুত্বক উপলব্ধি কৰিছে শাসকীয় বিজেপিয়ে । নিজাববীয়াকৈ সাধাৰণ সংখ্যাগৰিষ্ঠতা লাভ কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰ দলৰ সৈতে ১০০ খন আসনৰ সীমা অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে শাসকীয় বিজেপিয়ে । এই কথা সদৰী কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ।

২০২৬ ত ৰাজ্যৰ ৩৩ শতাংশ সংখ্যালঘু ভোটাৰক কেনেদৰে চাব বিজেপিয়ে ? দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য…
সংখ্যালঘু ভোটাৰক লৈ গুৰুত্বপূৰ্ণ মন্তব্য দিলীপ শইকীয়াৰ
manas-borah
Manas Borah | Updated On: 23 Feb 2025 11:49 AM

২০২৬ ৰ বিধানসভা নিৰ্বাচনকলৈ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ নিজৰ মাজত কৌশল ৰচনা কৰিছে । ইয়াৰ মাজতে ২০২৬ ৰ নিৰ্বাচনত সংখ্য়ালঘু ভোটাৰৰ গুৰুত্বক উপলব্ধি কৰিছে শাসকীয় বিজেপিয়ে । নিজাববীয়াকৈ সাধাৰণ সংখ্যাগৰিষ্ঠতা লাভ কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰ দলৰ সৈতে ১০০ খন আসনৰ সীমা অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে শাসকীয় বিজেপিয়ে । এই কথা সদৰী কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । সংখ্যালঘু ভোটাৰকলৈ তেওঁ কয় যে, অসমৰ ৩৩ শতাংশ সংখ্যালঘু ভোটাৰক দলৰ পৰা কেতিয়া পৃথক কৰিব নোৱাৰি ।

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ সৈতে আসন ভাগ-বতৰাৰ প্ৰাৰম্ভিক কাম ইতিমধ্যে আৰম্ভ হৈছে । আনহাতে দলটোৱে চিটিং বিধায়কসকলৰ কৰ্মক্ষমতাৰ ওপৰতো এক সমীক্ষা চলাই আছে বুলি জানিবলৈ দিছে সভাপতিগৰাকীয়ে । বিগত মাহত ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰা শইকীয়াই সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে, ‘minority-majority’ আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ এই আখ্যান কংগ্ৰেছে সৃষ্টি কৰিছিল। বিজেপিয়ে সদায় এনে ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখিছে দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।

ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰকলৈ সাংবাদিকে সোধা প্ৰশ্নত দুবাৰৰ সাংসদগৰাকীয়ে কয়, “আমি ৩৩ শতাংশ ভোটাৰক নিজৰ পৰা পৃথক কৰিব নোৱাৰো। উন্নয়নৰ জৰিয়তে তেওঁলোকক আগুৱাই নিব লাগিব । শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অসম থাকিবলৈ হ’লে সকলো অংশ আৰু জনসাধাৰণে ইয়াৰ সমান অংশীদাৰ হ’ব লাগিব।” শইকীয়াই কয় যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ প্ৰথমটো লক্ষ্য হৈছে ১২৬ জনীয়া বিধানসভা আসনৰ ৬৩খন আসন লাভ কৰি নিজাববীয়াকৈ সাধাৰণ সংখ্যাগৰিষ্ঠতা লাভ কৰা।

তেওঁ লগতে কয়, “আমাৰ মিত্ৰ দলসমূহৰ সৈতে মিলি আমাৰ লক্ষ্য হৈছে ১০০খন আসনত জয়ী হোৱা।” তদুপৰি শইকীয়াই কয় যে, বিধানসভা নিৰ্বাচনৰ বাবে কৌশল প্ৰস্তুত কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু মিত্ৰ দল অগপ, ইউ পি পি এল আৰু অন্যান্য সৰু সৰু দলৰ সৈতে প্ৰাৰম্ভিক আলোচনা চলি আছে বুলি জানিবলৈ দিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে । দলৰ আভ্যন্তৰীণ প্ৰস্তুতিৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, প্ৰতিটো সমষ্টিৰ ৰাজনৈতিক পৰিস্থিতি আৰু বিৰোধীৰ শক্তিৰ ওপৰত ভিত্তি কৰি এক সমীক্ষা চলোৱা হৈছে।

তেওঁ লগতে কয়, “ছেপ্টেম্বৰ মাহত নিজৰ বিধায়কসকলৰ ওপৰত এক সমীক্ষা কৰা হ’ব। সাংগঠনিক ভিত্তি শক্তিশালী কৰাৰ কামো কৰা হৈছে।” শইকীয়াই স্পষ্টভাৱে কয় যে, বিজয়ী সম্ভাৱনাই হ’ব প্ৰাৰ্থী বাছনিৰ মূল মাপকাঠী।