কংগ্ৰেছ নেতাক আক্ৰমণ: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগৰ বৰষুণ কংগ্ৰেছৰ

২৭ এপ্ৰিলত নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অনুষ্ঠানৰ পৰা কংগ্ৰেছ নেতাসকল উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা । বাতৰি অনুসৰি মুখ বান্ধি অহা আক্ৰমণকাৰীয়ে কনভয়ৰ পাঁচখন বাহনক লক্ষ্য কৰি লৈ বাহন ধ্বংস কৰাৰ লগতে কেইবাজনো নেতাক আক্ৰমণ কৰে ।

কংগ্ৰেছ নেতাক আক্ৰমণ: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগৰ বৰষুণ কংগ্ৰেছৰ

গৌৰৱ গগৈ (ফাইল ফটো)

Published: 

28 Apr 2025 15:12 PM

কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়ক শিবামনি বৰাক লৈ যোৱা কনভয়ৰ ওপৰত দেওবাৰে আক্ৰমণ কৰে একাংশ দুৰ্বৃত্তই । মুখত ক’লা কাপোৰ বান্ধি হয় প্ৰায় ১০-১২ জনীয়া দুৰ্বৃত্তৰ এটা দলে ধিংত কংগ্ৰেছ নেতাৰ কনভয়ত লোহাৰ ৰডেৰে আক্ৰমণ কৰে । দলীয় নেতাৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ইয়াক “ৰাজনৈতিক গুণ্ডাগিৰি” বুলি অভিহিত কৰি ঘটনাটোক ধিক্কাৰ দিছে ।

২৭ এপ্ৰিলত নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অনুষ্ঠানৰ পৰা কংগ্ৰেছ নেতাসকল উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা । বাতৰি অনুসৰি মুখ বান্ধি অহা আক্ৰমণকাৰীয়ে কনভয়ৰ পাঁচখন বাহনক লক্ষ্য কৰি লৈ বাহন ধ্বংস কৰাৰ লগতে কেইবাজনো নেতাক আক্ৰমণ কৰে ।

ছ’চিয়েল মিডিয়া পোষ্টত গগৈয়ে কয়, “ধিঙত সাংসদ প্ৰদ্যুত বৰদলৈ, বিধায়ক শিবামনি বৰা আৰু অন্যান্য কংগ্ৰেছ নেতাৰ ওপৰত হোৱা পৰিকল্পিত আৰু নৃশংস আক্ৰমণক তীব্ৰ গৰিহণা দিছো । মই তেওঁলোকৰ মংগলৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।”

গগৈয়ে জোৰ দি কয় যে এইটো কোনো বিচ্ছিন্ন ঘটনা নহয়, বৰঞ্চ চলি থকা পঞ্চায়ত নিৰ্বাচনৰ সময়ত ভয়-ভাবুকি প্ৰদানৰ বৰ্হিঃপ্ৰকাশ । “শেহতীয়াকৈ সাংসদ ৰকিবুল হুছেইনকো লক্ষ্য কৰি লোৱা হৈছিল । সমগ্ৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী আৰু কৰ্মীসকলে পদ্ধতিগতভাৱে ভয়-ভাবুকি, হিংসাৰ সন্মুখীন হৈছে ।” সাংসদগৰাকীয়ে কয় ।

কংগ্ৰেছৰ সাংসদগৰাকীয়ে অসম চৰকাৰে তেওঁলোকৰ চকুৰ আঁৰত এই “সংগঠিত আক্ৰমণ” হ’বলৈ দিয়াৰ অভিযোগ উত্থাপন কৰি ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে ভাবুকিৰ কৌশল ব্যৱহাৰ কৰা বুলি দাবী কৰে । গগৈয়ে কয় যে এই সংগঠিত আক্রমণ অসম চৰকাৰৰ তত্বাৱধানত সংঘটিত হৈ আছে, যিয়ে ভয়ৰ মাজেৰে গণতন্ত্রক নীৰৱ কৰিব পাৰে বুলি বিশ্বাস কৰাসকলক সাহস দিছে ৷

তেওঁ লগতে কয়, “অসমৰ ৰাইজে চাই আছে । আমি ৰাজনৈতিক গুণ্ডাগিৰিৰ আগত শিৰনত নকৰো । আমি বেলটৰ জৰিয়তে, সাহসৰ জৰিয়তে, আৰু গণতন্ত্ৰৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম ।”

অসমৰ ৰাজনৈতিক উত্তেজনা নাটকীয়ভাৱে বৃদ্ধি পোৱাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক শিবামনি বৰাক লক্ষ্য কৰি সংঘটিত হিংসাত্মক আক্ৰমণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী বুলি অভিযোগ উত্থাপন কৰিছে ।

সোণাপুৰ ফিল্ডৰ পৰা সংবাদ মাধ্যমক সম্বোধন কৰি বৰাই “বিজেপি সমৰ্থিত গুণ্ডা”ই পৰিকল্পিতভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে । এই আক্ৰমণৰ ফলত দুয়োজন নেতা আহত হয় আৰু কংগ্ৰেছ কৰ্মীৰ চাৰি-পাঁচখন বাহন ভাঙি পেলোৱা হয় । তেওঁ সকীয়াই দিয়ে যে আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে এই ঘটনাৰ প্ৰতি “শক্তিশালী প্ৰত্যুত্তৰ” প্ৰদান কৰিব ।

এই দুখজনক অভিজ্ঞতাৰ কথা উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে আক্ৰমণকাৰীয়ে ৰড ব্যৱহাৰ কৰি বাহনৰ খিৰিকী ভাঙি গাড়ীত থকা লোকসকলক আক্ৰমণ কৰাৰ চেষ্টা কৰে । সাংবাদিকৰ আগত বৰদলৈয়ে কয়, “তেওঁলোকৰ আমাক হত্যা কৰাৰ উদ্দেশ্য আছিল । আমি কোনোমতে চীটৰ মাজত লুকাই থাকি বাচিলোঁ, কাৰণ সিহঁতে বাহনবোৰত আঘাত কৰি আমাৰ মূৰত লক্ষ্য কৰি লৈছিল ।”

আক্ৰমণৰ সময়ত উপস্থিত থকা বিধায়ক শিবামনি বৰাই সাংসদ বৰদলৈৰ বক্তব্যত সহযোগ কৰে । তৃতীয়বাৰৰ বাবে তেওঁক আক্ৰমণ কৰা বুলি জোৰ দি মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যক্ষভাৱে দায়ী বুলি অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে । বৰাই কয় যে এইটো এটা পূৰ্ব পৰিকল্পিত আক্ৰমণ আছিল ।

দেশৰ ছবিজগতৰ কোনগৰাকী অভিনেতাই সৰ্বাধিক পাৰিশ্ৰমিক লয় জানেনে?
মুকেশ আম্বানী পৰিয়ালৰ প্ৰতিজন সদস্যই কিমান টকা উপাৰ্জন কৰে ? জানিলে আচৰিত হ'ব...
আই পি এলত সূৰ্যই ৰচিলে বৃহৎ ৰেকৰ্ড, কৰি দেখালে ধোনী, কোহলী, ৰোহিতে কৰিব নোৱাৰা কাম
পুৰুষৰ কি কি গুণে মহিলাসকলক আকৰ্ষিত কৰে ? এতিয়াই জানি লওক...