Attacked on Rokibul Hussain: মুখত ক’লা কাপোৰ পিন্ধি সাংসদ ৰকিবুল হুছেইনৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ…

ৰাজপথতে ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ চলাই দুৰ্বৃত্তই। সাংসদগৰাকীৰ দেহৰক্ষীকো প্ৰহাৰ দুৰ্বৃত্তৰ। ক্ৰিকেট বেটেৰে ৰাজপথৰ মাজতে আক্ৰমণ কৰা হৈছে ধুবুৰীৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়কগৰাকীক। দুৰ্বৃত্তই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছে সাংসদগৰাকীক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে। 

Attacked on Rokibul Hussain: মুখত ক’লা কাপোৰ পিন্ধি সাংসদ ৰকিবুল হুছেইনৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ...

ৰকিবুল হুছেইনৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ!

Updated On: 

20 Feb 2025 16:56 PM

নিজ জিলাতেই আক্ৰমণ বলি হ’ল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন । ৰাজপথতে ৰকিবুলৰ ওপৰত আক্ৰমণ চলাই দুৰ্বৃত্তই । সাংসদগৰাকীৰ দেহৰক্ষীকো প্ৰহাৰ দুৰ্বৃত্তৰ । ক্ৰিকেট বেটেৰে ৰাজপথৰ মাজতে আক্ৰমণ কৰা হৈছে ধুবুৰীৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়কগৰাকীক । দুৰ্বৃত্তই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে সাংসদগৰাকীক । সভালৈ আহি আক্ৰমণৰ বলি হ’ল কংগ্ৰেছ সাংসদগৰাকী । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে ।

জানিব পৰা মতে ৰূপহীৰ গুণাবাৰীত এখন সভালৈ গৈ আছিল সাংসদ ৰকিবুল হুছেইন । সাংসদগৰাকীৰ লগত আছিল তেওঁৰ পুত্ৰ তানজিল হুছেইন । পুত্ৰৰ উপৰিও আক্ৰমণ সংঘটিত হোৱাৰ সময়ত সাংসদগৰাকীৰ লগত আছিল ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদা । স্কুটীত উঠি সভালৈ গৈ আছিল সাংসদগৰাকী । সেইসময়তে নগাঁৱৰ ৰূপহীহাটত একাংশই ক’লা পতাকা দেখুৱাই সাংসদগৰাকীক ।  তাৰ মাজতে কেইবাজনো দুৰ্বৃত্তই সাংসদগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয় । গ’ বেক ধ্বনিৰে উত্তাল কৰি তোলে পৰিস্থিতি ।  কাঢ়ি লোৱাৰ চেষ্টা কৰা হয় দেহৰক্ষীৰ বন্দুক ।

প্ৰাপ্ত খবৰ অনুসৰি মুখত ক’লা কাপোৰ বান্ধি আহিছিল দুৰ্বৃত্তৰ দলটো । ৰকিবুল হুছেইনৰ লগতে তেওঁৰ দেহৰক্ষীকো আক্ৰমণ কৰে দুৰ্বৃত্তই । আক্ৰমণকাৰীৰ হাতৰ পৰা পলাবলৈ লওঁতে স্কুটীৰ পৰা ৰাজপথত বাগৰি পৰে ৰকিবুল হুছেইন । গুণাবাৰীলৈ গৈ থকা অৱস্থাত সাংসদগৰাকীৰ ওপৰত চলোৱা হয় এই আক্ৰমণ । তাৰ পাছতে বাধ্য হৈ শূন্যলৈ গুলীচালনা কৰে সাংসদগৰাকীৰ দেহৰক্ষীয়ে । ঘটনাটোত আহত হৈছে সাংসদগৰাকীৰ লগতে তেওঁৰ দেহৰক্ষীগৰাকী । ক’বলৈ গ’লে কথমপি জীৱন ৰক্ষা পৰিল ৰকিবুলৰ ।

অৱশ্যে বৰ্তমান সময়ত নিয়ন্ত্ৰণাধীন অৱস্থাত আছে পৰিস্থিতি । কিন্তু সমগ্ৰ ঘটনাটোক লৈ চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত । সাংসদগৰাকীৰ ওপৰত হোৱা এই আক্ৰমণক তীব্ৰ গৰিহনা দিছে একাংশ স্থানীয় লোকে । সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে ।  ইফালে বিজেপি কৰ্মীৰ বিৰুদ্ধে সাংসদগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । এই আক্ৰমণ কোনে সংঘটিত কৰিছে সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই ।

সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাও চামগুৰিত ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ কৰিছিল দুৰ্বৃত্তই । তেওঁ বাসগৃহটো সংঘটিত হৈছিল আক্ৰমণ ।  ৰকিবুলৰ গাড়ীত আক্ৰমণ কৰোঁতে ভাঙিছিল সাংবাদিকৰো বাহন । ৰকিবুল হুছেইনৰ বিৰুদ্ধে শ্ল’গান দিছিল একাংশ লোকে ।

 

মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?
বাংলাদেশৰ বিপক্ষে আজি অনন্য মাইলষ্ট’ন স্পৰ্শৰ সুযোগ ৰোহিত আৰু কোহলীৰ হাতত